--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুঝে ভুলা দিয়া, বিন তেৰে, মেহেৰবান আদি জনপ্ৰিয় গীতত কণ্ঠদান কৰা গায়ক তথা সুৰকাৰ শেখৰ ৰৱজিয়ানীয়ে শেহতীয়াকৈ এক ডাঙৰ কথা প্ৰকাশ কৰিছে। শেখৰ ৰৱজিয়ানীয়ে বিশাল দাদলানীৰ সৈতে যুটি বান্ধি বহুতো জনপ্ৰিয় গীত উপহাৰ দিছে। তেওঁলোকৰ যুটিটো 'বিশাল-শেখৰ' নামেৰে জনাজাত।

কিন্তু এনে এটা সময় আহিছিল যেতিয়া শেখৰে হেৰুৱাইছিল কণ্ঠ। শেহতীয়াকৈ শেখৰে প্ৰকাশ কৰিছে যে এই ঘটনাত তেওঁ বিধ্বস্ত হৈ পৰিছিল। তেওঁ ভাবিছিল যে জীৱনত আৰু কেতিয়াও গান গাব নোৱাৰিব।

শেখৰ ৰৱজিয়ানীয়ে ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে জীৱনৰ এই বেয়া সময়খিনি মনত পেলাইছে। তেওঁ লিখিছে, ''এই বিষয়ে মই আগতে কেতিয়াও কোৱা নাই, কিন্তু মই অনুভৱ কৰিলোঁ যে মই এই বিষয়ে কথা পতা উচিত। ২ বছৰ আগতে মোৰ মাতটো হেৰাই গৈছিল। মোৰ কণ্ঠৰ পক্ষাঘাত হৈছিল, যিটো ডাঃ নুপুৰ নেৰুকাৰে ধৰা পেলাইছিল। মই বিধ্বস্ত হৈ পৰিলোঁ। সঁচাকৈয়ে মই নিৰাশাবাদী হৈ পৰিছিলোঁ। মই ভাবিছিলো যে জীৱনত আৰু কেতিয়াও গান গাব নোৱাৰিম।''

গায়কে আৰু লিখিছে, ''মোৰ পৰিয়ালটো চিন্তিত হৈছিল আৰু তেওঁলোকক চিন্তিত হোৱা দেখি মই সুখী হোৱা নাছিলো। আগতে মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ। চেণ্ট ডিয়েগোত জেৰেমিক লগ পাইছিলো, তেওঁ মোক এজন দেৱদূতৰ সৈতে চিনাকি কৰাই দিছিল, যাৰ কথা মই পিছত উল্লেখ কৰিম। ডাঃ এৰিন ৱালছ – যাক মই Covid ৰ বাবে লগ কৰিব নোৱাৰিলোঁ, গতিকে তেওঁ মোৰ লগত Zoom call যোগে যোগ দিলে। মই চকুলো টুকি আকৌ গান গাবলৈ মন গৈছে বুলি কৈছিলোঁ। মই তেওঁক কিবা এটা কৰিবলৈ অনুৰোধ কৰিলোঁ। প্ৰথমতে তেওঁ মোক ক’লে যে মাত হেৰুৱা বাবে মই নিজকে দোষী অনুভৱ কৰা উচিত নহয়। তেওঁ মোক অতি আৰামদায়ক কৰি তুলিলে আৰু অলৌকিকভাৱে মোক আশ্বাস দিলে যে মই আকৌ গান গাব পাৰিম। যিটো আছিল প্ৰথম পদক্ষেপ।''

শেখৰে তেওঁৰ পোষ্টটোত আৰু লিখিছে, ''যেতিয়াই মই গান গাবলৈ চেষ্টা কৰিছিলো, মই মোৰ কৰ্কশ কণ্ঠস্বৰটোক ঘৃণা কৰিছিলো। কিন্তু তেওঁ মোৰ মাতটোৰ ওপৰত অবিৰতভাৱে কাম কৰি থাকিল। তেওঁৰ নিষ্ঠাৰ বাবে এসপ্তাহৰ ভিতৰতে মোৰ কণ্ঠৰ পক্ষাঘাত আঁতৰি গ’ল আৰু মোৰ মাতটো স্বাভাৱিক হ’বলৈ ধৰিলে। এতিয়া মই সম্পূৰ্ণ ভালেই আছো আৰু আগৰ তুলনাত ভালকৈ গান গাব পাৰিছো। এই পৃথিৱীত মোৰ দেৱদূত হোৱাৰ বাবে ধন্যবাদ এৰিন ৱালছ।''

শেখৰৰ বন্ধু তথা সহযোগী সুৰকাৰ বিশাল দাদলানীয়ে কমেণ্টত লিখিছে, ''এই কাম কৰা মই দেখিছোঁ। ভয়ৰ মাজতে আপুনি এই বিষয়ত কাম কৰি আছিল। ইয়াৰ বাবে প্ৰয়োজন এক বেলেগ ধৰণৰ সাহস। মই এতিয়াও দেখিছোঁ আপুনি আপোনাৰ কণ্ঠ আৰু মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ লৈ আছে। স্পষ্টভাৱে মইও ইয়াৰ পৰা শিকিছোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ