--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিয়াৰ মাত্ৰ দুমাহৰ পাছতে পত্নীয়ে নিজৰ পৰিয়ালৰ সহযোগত স্বামীক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায়। এই চাঞ্চল্য্যকৰ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ বৰেলী চহৰত।

ডিজিটেল ডেস্কঃ ৯ বছৰীয়া দীঘলীয়া প্ৰেমৰ অন্তত অতি ধুমধামেৰে বিবাহপাশত আবদ্ধ হৈছিল উত্তৰ প্ৰদেশৰ জিতেন্দ্ৰ কুমাৰ আৰু জ্যোতি। কিন্তু সেই প্ৰেমৰ পৰিণতি যে ইমান ভয়ংকৰ হ’ব, সেয়া কোনেও কল্পনাও কৰা নাছিল। 


বিয়াৰ মাত্ৰ দুমাহৰ পাছতে পত্নীয়ে নিজৰ পৰিয়ালৰ সহযোগত স্বামীক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায়। এই চাঞ্চল্য্যকৰ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ বৰেলী চহৰত।


মৃত যুৱকজনৰ নাম জিতেন্দ্ৰ কুমাৰ যাদৱ (৩৩)। পেছাত তেওঁ এজন ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৫ নৱেম্বৰত জিতেন্দ্ৰ আৰু জ্যোতিৰ মাজত বিবাহ সম্পন্ন হৈছিল। দুয়োৰে মাজত পূৰ্বৰে পৰা প্ৰায় ৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহৰ পাছত তেওঁলোকে বৰেলীৰ এটা ভাড়াঘৰত বাস কৰিছিল।


যোৱা ২৬ জানুৱাৰীত জিতেন্দ্ৰৰ মৃতদেহ ঘৰৰ খিৰিকীৰ গ্ৰীলত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। জ্যোতিৰ পৰিয়ালে ইয়াক আত্মহত্যা বুলি দাবী কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সমগ্ৰ ঘটনাৰ দিশ সলাই পেলায়। প্ৰতিবেদনত স্পষ্ট হয় যে জিতেন্দ্ৰক ডিঙি চেপি হত্যা কৰা হৈছে।


আৰক্ষীৰ জেৰাৰ মুখত পত্নী জ্যোতিয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। জ্যোতিৰ ভাষ্য অনুসৰি, বিয়াৰ কেইদিনমান পাছৰে পৰাই তেওঁলোকৰ মাজত সংঘাত আৰম্ভ হৈছিল। জিতেন্দ্ৰ অনলাইন জুৱাৰ নিচাত আছিল। আনকি তেওঁ পত্নী জ্যোতিৰ ২০ হাজাৰ টকাৰ সঞ্চয়ো অনলাইন জুৱাত হেৰুৱাইছিল। এই লৈ দুয়োৰে মাজত প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হৈছিল।


ঘটনাৰ দিনা জিতেন্দ্ৰ আৰু জ্যোতিৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। খঙত জ্যোতিয়ে নিজৰ পিতৃ, মাতৃ আৰু ভায়েকক ফোন কৰি মাতি আনে। অভিযোগ অনুসৰি, জ্যোতিৰ পিতৃ-মাতৃ আৰু ভাতৃয়ে জিতেন্দ্ৰৰ হাত-ভৰি ধৰি ৰাখে আৰু জ্যোতিয়ে নিজে ডিঙি চেপি জিতেন্দ্ৰক হত্যা কৰে। ইয়াৰ পাছত ঘটনাটোক লুকুৱাবলৈ তেওঁলোকে এটা মাফলাৰেৰে মৃতদেহটো খিৰিকীত ওলোমাই দি আত্মহত্যাৰ নাট্য ৰচনা কৰে।


এই জঘন্য হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে পত্নী জ্যোতি, তেওঁৰ পিতৃ আৰু মাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে জ্যোতিৰ ভাতৃ দীপক বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অধিক তদন্তৰ লগতে পলাতক অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ