--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে কয়, 'কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক এপইচাও দিয়া নাই। কেৱল এবিধ কৰ দিছে আৰু সেয়া হ'ল জি এছ টি। তেওঁলোকে আমাৰ ধন লৈ আছে। সেয়া আমাৰ ধন।

ডিজিটেল ডেস্ক: বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত দাখিল কৰা বিত্তীয় বর্ষৰ সাধাৰণ বাজেটক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যুৱপ্ৰজন্মৰ বাজেট বুলি অভিহিত কৰে। 


প্ৰধানমন্ত্ৰীয়ে কয়, 'দেশত ৰিফৰ্ম এক্সপ্ৰেছ চলি আছে। ই স্কিল, স্কেল আৰু ছাষ্টেইনিবিলিটিক শক্তিশালী কৰাৰ প্ৰয়াস। আটাইতকৈ ডাঙৰ পুঁজি হ'ল নাগৰিক, ইয়াত বিনিয়োগ কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে ভাৰত এতিয়া 'অ'ৰেঞ্জ ইক'নমি'ৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রীয়ে লগতে কয় যে বাজেটত কৰা ঘোষণাই সুকীয়া সুকীয়া খণ্ডত নেতৃত্ব, উদ্ভাৱক আৰু সৃষ্টিকৰ্তাৰ সৃষ্টি কৰিব। এইবাৰৰ বাজেটত মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানক নতুন গতি দিয়াৰ বাবে উচ্চাভিলাষী ৰূপৰেখা দাঙি ধৰা হৈছে। বাজেটে দেশৰ এম এছ এম ই খণ্ডক বিশ্ব পর্যায়লৈ যোৱাৰ বাবে নতুন শক্তি দিব। এই বছৰৰ অপাৰ সুযোগেৰ 'হাইৱে'' বুলি তেওঁ কয়। 


ইফালে, বিৰোধী পক্ষই বাজেট হতাশাজনক বুলি অভিহিত কৰে। বিৰোধী পক্ষৰ মতে, বাজেটত দূৰদৃষ্টিৰ অভাৱ স্পষ্ট। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে বাজেটে যুৱপ্ৰজন্মৰ বাবে নতুন সংস্থাপন সৃষ্টি নকৰে। তেওঁ লগতে কয় যে উৎপাদন খণ্ডৰ উন্নয়ন হ্রাস পাইছে। বিনিয়োগকাৰীয়ে ভাৰতৰ পৰা পুঁজি উলিয়াই নিছে। ঘৰুৱা সঞ্চয়ো হ্রাস পাইছে। কৃষকসকল কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশ্ব অর্থনীতিৰ প্ৰভাৱ পৰাৰ ৰাৰ আশংকা কৰা হৈছে-এই সকলো বাজেটত উলাই কৰা হৈছে আৰু ইয়াৰ মোকাবিলা কৰাৰ বাবে কোনো উপায় বাজেটত দিয়া হোৱা নাই। গান্ধীয়ে লগতে কয় যে এইখন এনেকুৱা বাজেট যি পথ সলনিত বাধা দিয়ে আৰু ভাৰতৰ প্ৰকৃত সমস্যাসমূহ উলাই কৰা হৈছে। কংগ্ৰেছৰ নেতা শশী থাৰুৰে কয় যে আমি বিতংভাৱে একো পোৱা নাই। ৩-৪টা শিৰোনাম আছিল, আমি সৰ্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান বিচাৰিছোঁ, কিন্তু কেৰালাৰ নামেই শুনা নাই।' সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদৱে কয় যে এইবাৰৰ বাজেট দৰিদ্ৰ আৰু গাঁৱত বাস কৰা লোকসকলৰ বুজি পোৱাৰ সীমাৰ বাহিৰত। বাজেটে চাকৰি বা সংস্থাপন দিয়া নাই আৰু বিজেপিৰ বাজেট কেৱল ৫% লোকৰ বাবেহে। 


পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে কয়, 'কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক এপইচাও দিয়া নাই। কেৱল এবিধ কৰ দিছে আৰু সেয়া হ'ল জি এছ টি। তেওঁলোকে আমাৰ ধন লৈ আছে। সেয়া আমাৰ ধন। তেওঁলোকে পশ্চিম বংগৰ পৰা যিমান ধন সংগ্ৰহ কৰিছে তাৰ পৰা আমাৰ সম্পূৰ্ণ পুঁজি দিয়া নাই।' দলটোৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে বিত্ত মন্ত্রীয়ে সংসদত বাজেট দাখিল কৰাৰ সময়ত পশ্চিম বংগৰ নাম এবাৰো উল্লেখ নকৰিলে। বিজেপিৰ সভাপতি নীতিন নবীনে বাজেটক আদৰণি জনায় আৰু বাজেটক প্রধানমন্ত্রী মোদীৰ দৃষ্টিভংগীৰে তৈয়াৰ কৰা বুলি কয়। 


তেওঁ কয় যে অহা বিত্তীয় বৰ্ষৰ বাজেট কর্তব্য আৰু দায়িত্বৰ চিন্তাধাৰাৰে প্ৰস্তুত কৰা হৈছে। শিৱ সেনাৰ (ইউ বি টি) নেতা সঞ্জয় ৰাউতে কয় যে বাজেট ব্যৱসায়ী, উদ্যোগপতি আৰু চহকী লোকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ বিপৰীতে দৰিদ্ৰৰ নামত কেৱল ঘোষণাহে কৰা হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু