--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে কয়, 'কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক এপইচাও দিয়া নাই। কেৱল এবিধ কৰ দিছে আৰু সেয়া হ'ল জি এছ টি। তেওঁলোকে আমাৰ ধন লৈ আছে। সেয়া আমাৰ ধন।

ডিজিটেল ডেস্ক: বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত দাখিল কৰা বিত্তীয় বর্ষৰ সাধাৰণ বাজেটক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যুৱপ্ৰজন্মৰ বাজেট বুলি অভিহিত কৰে। 


প্ৰধানমন্ত্ৰীয়ে কয়, 'দেশত ৰিফৰ্ম এক্সপ্ৰেছ চলি আছে। ই স্কিল, স্কেল আৰু ছাষ্টেইনিবিলিটিক শক্তিশালী কৰাৰ প্ৰয়াস। আটাইতকৈ ডাঙৰ পুঁজি হ'ল নাগৰিক, ইয়াত বিনিয়োগ কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে ভাৰত এতিয়া 'অ'ৰেঞ্জ ইক'নমি'ৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রীয়ে লগতে কয় যে বাজেটত কৰা ঘোষণাই সুকীয়া সুকীয়া খণ্ডত নেতৃত্ব, উদ্ভাৱক আৰু সৃষ্টিকৰ্তাৰ সৃষ্টি কৰিব। এইবাৰৰ বাজেটত মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানক নতুন গতি দিয়াৰ বাবে উচ্চাভিলাষী ৰূপৰেখা দাঙি ধৰা হৈছে। বাজেটে দেশৰ এম এছ এম ই খণ্ডক বিশ্ব পর্যায়লৈ যোৱাৰ বাবে নতুন শক্তি দিব। এই বছৰৰ অপাৰ সুযোগেৰ 'হাইৱে'' বুলি তেওঁ কয়। 


ইফালে, বিৰোধী পক্ষই বাজেট হতাশাজনক বুলি অভিহিত কৰে। বিৰোধী পক্ষৰ মতে, বাজেটত দূৰদৃষ্টিৰ অভাৱ স্পষ্ট। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে বাজেটে যুৱপ্ৰজন্মৰ বাবে নতুন সংস্থাপন সৃষ্টি নকৰে। তেওঁ লগতে কয় যে উৎপাদন খণ্ডৰ উন্নয়ন হ্রাস পাইছে। বিনিয়োগকাৰীয়ে ভাৰতৰ পৰা পুঁজি উলিয়াই নিছে। ঘৰুৱা সঞ্চয়ো হ্রাস পাইছে। কৃষকসকল কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশ্ব অর্থনীতিৰ প্ৰভাৱ পৰাৰ ৰাৰ আশংকা কৰা হৈছে-এই সকলো বাজেটত উলাই কৰা হৈছে আৰু ইয়াৰ মোকাবিলা কৰাৰ বাবে কোনো উপায় বাজেটত দিয়া হোৱা নাই। গান্ধীয়ে লগতে কয় যে এইখন এনেকুৱা বাজেট যি পথ সলনিত বাধা দিয়ে আৰু ভাৰতৰ প্ৰকৃত সমস্যাসমূহ উলাই কৰা হৈছে। কংগ্ৰেছৰ নেতা শশী থাৰুৰে কয় যে আমি বিতংভাৱে একো পোৱা নাই। ৩-৪টা শিৰোনাম আছিল, আমি সৰ্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান বিচাৰিছোঁ, কিন্তু কেৰালাৰ নামেই শুনা নাই।' সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদৱে কয় যে এইবাৰৰ বাজেট দৰিদ্ৰ আৰু গাঁৱত বাস কৰা লোকসকলৰ বুজি পোৱাৰ সীমাৰ বাহিৰত। বাজেটে চাকৰি বা সংস্থাপন দিয়া নাই আৰু বিজেপিৰ বাজেট কেৱল ৫% লোকৰ বাবেহে। 


পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে কয়, 'কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক এপইচাও দিয়া নাই। কেৱল এবিধ কৰ দিছে আৰু সেয়া হ'ল জি এছ টি। তেওঁলোকে আমাৰ ধন লৈ আছে। সেয়া আমাৰ ধন। তেওঁলোকে পশ্চিম বংগৰ পৰা যিমান ধন সংগ্ৰহ কৰিছে তাৰ পৰা আমাৰ সম্পূৰ্ণ পুঁজি দিয়া নাই।' দলটোৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে বিত্ত মন্ত্রীয়ে সংসদত বাজেট দাখিল কৰাৰ সময়ত পশ্চিম বংগৰ নাম এবাৰো উল্লেখ নকৰিলে। বিজেপিৰ সভাপতি নীতিন নবীনে বাজেটক আদৰণি জনায় আৰু বাজেটক প্রধানমন্ত্রী মোদীৰ দৃষ্টিভংগীৰে তৈয়াৰ কৰা বুলি কয়। 


তেওঁ কয় যে অহা বিত্তীয় বৰ্ষৰ বাজেট কর্তব্য আৰু দায়িত্বৰ চিন্তাধাৰাৰে প্ৰস্তুত কৰা হৈছে। শিৱ সেনাৰ (ইউ বি টি) নেতা সঞ্জয় ৰাউতে কয় যে বাজেট ব্যৱসায়ী, উদ্যোগপতি আৰু চহকী লোকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ বিপৰীতে দৰিদ্ৰৰ নামত কেৱল ঘোষণাহে কৰা হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ