--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্ত আয়োগে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সকলো দিশ সামৰি ল'ব। আয়োগে মুখ্যতঃ চাৰিটা বিষয় তদন্তৰ সময়ত সামৰি ল'ব।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে গঠন কৰি দিয়া ন্যায়িক তদন্ত আয়োগে কি কি বিষয় সামৰি ল'ব। মুখ্যমন্ত্ৰীৰ প্রত্যক্ষ নির্দেশত ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু-ৰহস্য উন্মোচন কৰিবৰ বাবে অসম আৰক্ষীৰ চি আই ডি আৰু এছ আই টিয়ে তদন্ত কৰি আছে।


তাৰ পাছত নতুনকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিয়া হৈছে। লক্ষণীয় কথাটো হ'ল ৰাজ্যত এইখনেই প্রথম তদন্ত আয়োগ, য'ত কোনো বিষয়ৰ তদন্ত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে কৰ্মৰত ন্যায়াধীশৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰা হৈছে। ইতিমধ্যে আয়োগে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


কিন্তু এই আয়োগে কি কি দিশ তদন্ত প্রক্রিয়াত সামৰি ল'ব এতিয়া ৰাজ্যবাসীৰ মনত সেই প্রশ্নই দোলা দিছে। কাৰণ একেটা বিষয়তে চি আই ডি আৰু এছ আই টিয়েও তদন্ত কৰি আছে। ৰাজ্য চৰকাৰে যিখন নির্দেশনা জাৰি কৰি ন্যায়িক তদন্ত আয়োগ গঠন কৰে তাত আয়োগে কি কি দিশ তদন্তৰ সময়ত সামৰি ল'ব সেয়াও স্পষ্ট কৰি দিছে। তদন্ত আয়োগে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সকলো দিশ সামৰি ল'ব। আয়োগে মুখ্যতঃ চাৰিটা বিষয় তদন্তৰ সময়ত সামৰি ল'ব। ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে সংঘটিত অনাকাংক্ষিত ঘটনাৰ আগৰ আৰু পাছৰ সকলো বিষয় সামৰি ল'ব। আনকি কি পৰিস্থিতিত সেই ঘটনা সংঘটিত হ'বলগীয়া হ'ল আৰু প্ৰকৃততে কি সংঘটিত হৈছিল সেয়াও তদন্তৰ সময়ত সামৰি ল'ব। শিল্পী জুবিন গার্গে অকালতে প্রাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত বা তালৈ লৈ যোৱা অনুষ্ঠান-প্রতিষ্ঠান বা ব্যক্তিবিশেষৰ অৱহেলা বা গাফিলতি আছিল নেকি সেই দিশটোও তদন্ত আয়োগে সামৰি ল'ব।


জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে দেশ-বিদেশৰ কোনো ব্যক্তিবিশেষৰ গভীৰ ষড়যন্ত্র আৰু বেআইনী কার্যকলাপ জড়িত আছে নেকি সেয়াও তদন্ত কৰিব ন্যায়িক তদন্ত আয়োগে। ইতিমধ্যে আয়োগে আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কাৰোবাৰ হাতত কিবা তথ্য আছে তেনেহ'লে সেয়া আয়োগক প্রদান কৰিবলৈ আহ্বান জনাইছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ