--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্ত আয়োগে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সকলো দিশ সামৰি ল'ব। আয়োগে মুখ্যতঃ চাৰিটা বিষয় তদন্তৰ সময়ত সামৰি ল'ব।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে গঠন কৰি দিয়া ন্যায়িক তদন্ত আয়োগে কি কি বিষয় সামৰি ল'ব। মুখ্যমন্ত্ৰীৰ প্রত্যক্ষ নির্দেশত ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু-ৰহস্য উন্মোচন কৰিবৰ বাবে অসম আৰক্ষীৰ চি আই ডি আৰু এছ আই টিয়ে তদন্ত কৰি আছে।


তাৰ পাছত নতুনকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিয়া হৈছে। লক্ষণীয় কথাটো হ'ল ৰাজ্যত এইখনেই প্রথম তদন্ত আয়োগ, য'ত কোনো বিষয়ৰ তদন্ত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে কৰ্মৰত ন্যায়াধীশৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰা হৈছে। ইতিমধ্যে আয়োগে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


কিন্তু এই আয়োগে কি কি দিশ তদন্ত প্রক্রিয়াত সামৰি ল'ব এতিয়া ৰাজ্যবাসীৰ মনত সেই প্রশ্নই দোলা দিছে। কাৰণ একেটা বিষয়তে চি আই ডি আৰু এছ আই টিয়েও তদন্ত কৰি আছে। ৰাজ্য চৰকাৰে যিখন নির্দেশনা জাৰি কৰি ন্যায়িক তদন্ত আয়োগ গঠন কৰে তাত আয়োগে কি কি দিশ তদন্তৰ সময়ত সামৰি ল'ব সেয়াও স্পষ্ট কৰি দিছে। তদন্ত আয়োগে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সকলো দিশ সামৰি ল'ব। আয়োগে মুখ্যতঃ চাৰিটা বিষয় তদন্তৰ সময়ত সামৰি ল'ব। ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে সংঘটিত অনাকাংক্ষিত ঘটনাৰ আগৰ আৰু পাছৰ সকলো বিষয় সামৰি ল'ব। আনকি কি পৰিস্থিতিত সেই ঘটনা সংঘটিত হ'বলগীয়া হ'ল আৰু প্ৰকৃততে কি সংঘটিত হৈছিল সেয়াও তদন্তৰ সময়ত সামৰি ল'ব। শিল্পী জুবিন গার্গে অকালতে প্রাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত বা তালৈ লৈ যোৱা অনুষ্ঠান-প্রতিষ্ঠান বা ব্যক্তিবিশেষৰ অৱহেলা বা গাফিলতি আছিল নেকি সেই দিশটোও তদন্ত আয়োগে সামৰি ল'ব।


জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে দেশ-বিদেশৰ কোনো ব্যক্তিবিশেষৰ গভীৰ ষড়যন্ত্র আৰু বেআইনী কার্যকলাপ জড়িত আছে নেকি সেয়াও তদন্ত কৰিব ন্যায়িক তদন্ত আয়োগে। ইতিমধ্যে আয়োগে আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কাৰোবাৰ হাতত কিবা তথ্য আছে তেনেহ'লে সেয়া আয়োগক প্রদান কৰিবলৈ আহ্বান জনাইছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ