--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ পৰা ভাৰতত নিৰ্মিত ভুৱা ঔষধ আৰু কাহৰ ছিৰাপক লৈ অহৰহ প্ৰশ্ন উত্থাপন হৈ আহিছে, ইফালে বিশ্ব স্বাস্থ্য সংস্থাই আন এটা ভাৰতীয় কাহ ছিৰাপ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। এই ছিৰাপৰ নমুনা ইৰাকৰ পৰা লোৱা হৈছিল, তাৰ পাছত পৰীক্ষাৰ বাবে লেবলৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া কোৱা হৈছে যে ভাৰতত নিৰ্মিত এই কল্ড আউট চিৰাপত ডাইথাইলিন গ্লাইকল (০.২৫%) আৰু ইথিলিন গ্লাইকল (২.১%)ৰ পৰিমাণ পোৱা গৈছিল। যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

WHO য়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ইথিলিন গ্লাইকল আৰু ডাইথাইলিন গ্লাইকল দুয়োটাৰে বাবে ০.১০% সীমা নিৰ্ধাৰণ কৰা হৈছে। ইয়াতকৈ অধিক পৰিমাণ থকাটো স্বাস্থ্যৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। এই দুটা অতিৰিক্তভাৱে সেৱন কৰাটো শৰীৰত বিষ পেলোৱাৰ দৰে হ’ব পাৰে।

এই কল্ড আউট চিৰাপ (পেৰাচিটামল আৰু ক্ল’ৰফেনিৰামাইন মেলেট) মহাৰাষ্ট্ৰ ভিত্তিক ডাবিলাইফ ফাৰ্মা প্ৰাইভেট লিমিটেডৰ বাবে তামিলনাডু ভিত্তিক ফ’ৰ্টছ (ইণ্ডিয়া) লেবৰেটৰীজ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত এতিয়া এই কাহৰ চিৰাপ শীঘ্ৰে নিষিদ্ধ কৰিব পাৰিব। ইয়াৰ লগতে কোম্পানীটোৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। সাধাৰণ চৰ্দি আৰু এলাৰ্জীৰ প্ৰাৰম্ভিক লক্ষণ চিকিৎসাৰ বাবে এই কাহৰ ছিৰাপ ব্যৱহাৰ কৰা হয়।

ইয়াৰ পূৰ্বেও বহু কোম্পানীৰ কাহৰ ছিৰাপক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিশ্বৰ বহু দেশত কাহৰ ছিৰাপৰ ফলত ৩০০ৰো অধিক শিশুৰ মৃত্যু হৈছিল, তাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছিল। গাম্বিয়া আৰু উজবেকিস্তানত শিশুৰ মৃত্যুৰ পাছত ভাৰতীয় কোম্পানীসমূহৰ নাম চৰ্চালৈ আহে, তাৰ পাছত চৰকাৰ আৰু ডব্লিউ এইচ অ’ই এই ঔষধসমূহৰ তদন্ত কৰে। এই সন্দৰ্ভত একাংশ কোম্পানীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হয়।

ইয়াৰ সন্দৰ্ভত চৰকাৰে নিয়মবোৰো সলনি কৰি চৰকাৰী লেবত পৰীক্ষা নকৰাকৈ কোনো কোম্পানীয়ে ঔষধ বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিব নোৱাৰে বুলি কোৱা হয়। যদি ঔষধে মানদণ্ড পূৰণ নকৰে তেন্তে ইয়াৰ উৎপাদন বন্ধ কৰা হ’ব। এই নিয়মসমূহ ২০২৩ চনৰ ১ জুন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন