--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আয়ুৰ্বেদৰ মতে নিশা ১ বজাৰ পৰা ৩ বজাৰ মাজৰ সময়খিনি লিভাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত শৰীৰে নিজকে ডিটক্স কৰাৰ প্ৰক্ৰিয়াত থাকে।

ডিজিটেল ডেস্ক: বহুতৰে ৰাতি সঘনাই সাৰ পাই প্ৰস্ৰাৱ কৰাৰ অভ্যাস আছে। আমি এই কথাটো স্বাভাৱিক বুলি ভাবি প্ৰায়ে আওকাণ কৰো, কিন্তু সঁচাকৈয়ে ই স্বাভাৱিক নেকি? ৰাতি সাৰ পাই প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক নহয়। বিশেষকৈ যদি আপুনি নিশা ১ৰ পৰা ৩ বজাৰ ভিতৰত প্ৰস্ৰাৱ লগাৰ বাবে সাৰ পায় তেন্তে ই একেবাৰেই স্বাভাৱিক নহয়; ই আপোনাৰ শৰীৰৰ ভিতৰত হোৱা পৰিৱৰ্তনৰ লক্ষণ হ’ব পাৰে। 


যদি আপুনি প্ৰতিদিনে নিশা ১ৰ পৰা ৩ বজাৰ ভিতৰত সাৰ পায়, তেন্তে ইয়াক আওকাণ কৰাৰ পৰিৱৰ্তে আপোনাৰ শৰীৰৰ লক্ষণসমূহ বুজিবলৈ চেষ্টা কৰক আৰু ইয়াক উপশম কৰাৰ পদক্ষেপ লওক। 


নিশা ১ৰ পৰা ৩ বজাৰ ভিতৰৰ সময় বিশেষ


আয়ুৰ্বেদৰ মতে নিশা ১ বজাৰ পৰা ৩ বজাৰ মাজৰ সময়খিনি লিভাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত শৰীৰে নিজকে ডিটক্স কৰাৰ প্ৰক্ৰিয়াত থাকে। গতিকে এই সময়ত যদি কোনো ব্যক্তি সঘনাই সাৰ পায়, তেন্তে ই লিভাৰত চাপ বৃদ্ধি পোৱাৰ লক্ষণ হ’ব পাৰে বা শৰীৰক জিৰণি লোৱাৰ প্ৰয়োজন হোৱাৰ লক্ষণ হ’ব পাৰে। লিভাৰত চাপ বৃদ্ধি পালে সমগ্ৰ স্বাস্থ্যৰ বাবেই হানিকাৰক। 


এই সমস্যাৰ কাৰণ কি?


পুষ্টিবিদসকলৰ মতে ৰাতিপুৱা ১ৰ পৰা ৩ বজাৰ ভিতৰত সাৰ পালে ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে। যেনে, গোটেই দিনটো বেছিকৈ চাহ বা কফি খালে ইয়াত থকা কেফেইনেও ৰাতি সঘনাই প্ৰস্ৰাৱ কৰা অৱস্থাৰ সৃষ্টি কৰে। তদুপৰি অধিক পৰিমাণে নিমখ সেৱন কৰিলেও শৰীৰৰ ভাৰসাম্যতাত প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তনেও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে।


এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি


ৰাতি শোৱাৰ আগতে ভৰি দুখন নিমখ মিহলি কৰা কুহুমীয়া পানীত কিছু সময় তিয়াই থ’ব লাগে। ইয়াৰ ফলত স্নায়ুতন্ত্ৰ শিথিল হয় আৰু শৰীৰ শান্ত হয়। আন এটা সমাধান হ’ল এচামুচ ধনীয়াৰ বীজ আৰু এচামুচ চফ ১০০মিলিলিটাৰ পানীত উতলাই তাৰ পিছত এই পানী খাব লাগে। ইয়াৰ দ্বাৰা শৰীৰৰ ভাৰসাম্য বজাই ৰখাতো সহায় হয়। শৰীৰ শান্ত আৰু হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবে নিয়মীয়াকৈ ভ্ৰামাৰি প্ৰাণায়াম অনুশীলন কৰিলেও সুফল পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি