--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাণ-তামোলক মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে।

ডিজিটেল ডেস্ক: তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাসন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। বৰ্তমান অসমত বহুলোকেই তামোল পাণ বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে।


চাহ, জলপান নাইবা ভাত খোৱাৰ পাছত পিছত তামোল-পাণ খাই মুখ সতেজ কৰা হয়। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, বন্ধু-বান্ধৱ অথবা মিতিৰ-কুটুমক তামোল-পাণেৰে সন্মান যাচে। বিয়া, সকাম বা বিভিন্ন সৰু বৰ অনুষ্ঠানত তামোল-পাণ পৰিবেশন কৰা হয়। 


অসমত দোষীজনেও তামোল-পাণ আগবঢ়াই ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগে। অসমীয়া লোকৰ বিয়াৰ দিনাখন পদূলিমুখত শৰাইত এথোক তামোল থৈ ৰাইজক আদৰণি জনোৱা হয়। অসমীয়া লোকৰ আন এক সাংস্কৃতিক প্ৰতীক শৰাই বা বঁটাত তামোল পাণ কাটি চাধা বা ধঁপাত আৰু চূণৰ সৈতে ইয়াক সাধাৰণতে পৰিবেশন কৰা হয়। ইয়াৰ বৈজ্ঞানিক নাম Areca catechu আৰু ইয়াক অসমীয়া সংস্কৃতিৰ মূল ভেটিৰ এটা বুলি গণ্য কৰা হয়।


মানৱ স্বাস্থ্যত তামোল-পাণৰ গুৰুত্ব অপৰিসীম। জানো আহক ইয়াৰ উপকাৰিতা।


১) পেটৰ বিষ, দাঁতৰ বিষ আদিত তামোল-পাণ উপকাৰী বুলি গণ্য কৰিছিল। 


২) তামোল-পাণে হজম শক্তি বঢ়ায়।


৩) পাণ-তামোলক মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে। 


৪) বাৰিষা হাল বাওঁতে, কঠীয়া ৰুওঁতে পানীত জোকে ধৰিলে তামোলৰ পিক জোকৰ মুখত পেলালে জোক পলাই পত্ৰং দিয়ে। ফলত মানৱ স্বাস্থ্য সুৰক্ষিত হয়। 


৫) ই পাচনতন্ত্ৰ উন্নত কৰে। 


৬) পেশী শক্তিশালী কৰাত সহায় কৰে। 


৭) পাণ-তামোল সেৱনে তাৎক্ষণিকভাৱে মন আৰু শৰীৰ সজীৱ কৰি তোলে।


উল্লেখ্য যে গৰু-ম’হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। 


সতৰ্কতা: অত্যধিক তামোল-পাণ খালে আসক্তি বা নিচা হ'ব পাৰে আৰু দীৰ্ঘদিনীয়া ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি