--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাটলৈ অহা ছাত্রনেতাগৰাকীক সামান্য কথাতে নিৰজ দাসৰ নেতৃত্বত এদল উন্মত্ত লোকে উপর্যুপৰি মৰিয়াই হত্যা কৰে।

ডিজিটেল ডেস্ক : এদল নৰপিশাসে মৰিয়াই মৰিয়াই যোৰহাটৰ মাজমজিয়াৰ ট্ৰাকষ্টেণ্ডত হত্যা কৰা ছাত্রনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ কালি চাৰি বছৰ সম্পূর্ণ হয়। 


২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাটলৈ অহা ছাত্রনেতাগৰাকীক সামান্য কথাতে নিৰজ দাসৰ নেতৃত্বত এদল উন্মত্ত লোকে উপর্যুপৰি মৰিয়াই হত্যা কৰে। ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰা ঘটনাটোৰ পাছত শাসকীয় তথা বিৰোধীৰ নেতাই দেৰগাঁৱৰ ছাত্ৰ নেতাজনৰ ঘৰলৈ গৈ প্রতিশ্রুতিৰ ফুলজাৰী চেতিয়াই যদিও ছাত্র নেতাজনৰ নামত যোৰহাটত এটা স্মৃতিসৌধ নির্মাণ কৰা, ক্রীড়া প্রকল্প নিৰ্মাণ কৰা আৰু পৰিয়ালৰ এজনক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল যদিও এটাও চৰকাৰে পালন নকৰিলে। 


ইফালে যোৱা চাৰি বছৰে হত্যাকাণ্ডৰ গোচৰটো যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে। আৰক্ষীয়ে ১৩জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ইয়াৰে এজন অভিযুক্ত নিৰজ দাস ওৰফে ক'লা ল'ৰাৰ ঘটনাৰ দুদিনৰ দিনাই আৰক্ষীৰ হাতৰ পৰা পলোৱাৰ সময়ত আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল। অন্য ১২জন অভিযুক্তই উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাত মুকলি আকাশৰ তলত আছে। 


আনহাতে জিলা সত্ৰ ন্যায়ালয়ৰ আদালতত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত স্পেচিয়েল পাব্লিক প্রচিকিউটৰ, অধিবক্তা ৰিন্টু গোস্বামীৰ লগত যোগাযোগ কৰাত কয় যে ইতিমধ্যে গোচৰটোৰ সন্দৰ্ভত ৭৩গৰাকী সাক্ষীয়ে সাক্ষ্য দান কৰিলে। আৰু ১৩-১৪গৰাকী লোকৰ সাক্ষ্যদান প্রক্রিয়া বাকী আছে। সোনকালে আদালতত গোচৰটো অন্ত হোৱাৰ সম্ভাৱনা আছে। অহা ১৮ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন আছে। 


উল্লেখযোগ্য যে যোৱা ২০২২ চনৰ পৰা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইফালে কালি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনিমেষ ভূঞাৰ চতুৰ্থ মৃত্যু বার্ষিকী উপলক্ষে নগৰৰ মাজমজিয়াৰ কাব্যঋষি নীলমণি ফুকন স্মাৰক সহশ্রাব্দ উদ্যানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোত ছাত্র নেতাজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক নীহাৰিকা শইকীয়াই আৰু অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে। জিলা ছাত্ৰ সন্থাৰ সভাপতি প্রীতমজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বহুজনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 


আছুৰ সাহিত্য সম্পাদক নীহাৰিকা শইকীয়াই কয় যে অভি-নীল হত্যাকাণ্ড, অনিমেশ ভূঞাকে ধৰি ৰাজ্যখনত কেইবাজনো গণহত্যাৰ বলি হৈছে। গণহত্যাৰ বিৰোধী এখন আইন চৰকাৰে প্ৰৱৰ্তন নকৰাত আক্ষেপ প্রকাশ কৰে। ইফালে অসম সেনাৰ বিজয় শংকৰ বৰদলৈয়ে কয় যে ছাত্র নেতাজনৰ হত্যাকাণ্ডৰ পাছতে শাসক-বিৰোধীয়ে কেইবাটাও প্রতিশ্রুতি দিছিল যদিও সেয়া পালন নকৰিলে। ছাত্রনেতাজনৰ ভায়েক অলকেশ ভূঞাৰ চৰকাৰী চাকৰি আজিও নহ'ল। জিলা ছাত্ৰ সন্থাৰ সভাপতি প্রীতমজ্যোতি শইকীয়াই শ্রদ্ধাঞ্জলি স্থলীত কয় যে আমাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে। আমি অনতিপলমে বিচাৰ লাভ কৰিম বুলি আশা কৰিছোঁ।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ