--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হানি সিঙে যোৱা কেইবছৰমান মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আছে। ছয় বছৰতকৈও অধিক সময়  তেওঁ লাইমলাইটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। অন্তিম এলবামটো ২০১৬ চনত মুক্তি দিয়া হৈছিল। কিন্তু দীঘলীয়া বিৰতিৰ অন্তত ঘূৰি আহিছে জনপ্ৰিয় ৰেপাৰগৰাকী। তেওঁৰ নতুন সংগীত ভিডিঅ' এই বছৰ মুকলি কৰা হ'ব। কিন্তু যোৱা ছয় বছৰ তেওঁৰ বাবে সহজ নাছিল। সেইসময়ত, অভিনেত্ৰী দীপিকা পাডুকোনে হানিলৈ সহায়ৰ হাত আগবঢ়াইছিল। অৱশ্যে, দীপিকাৰ বাহিৰেও উদ্যোগটোৰ সকলো ডাঙৰ তাৰকাই নিয়মীয়াকৈ তেওঁৰ খা খবৰ লৈছিল।

এসময়ত দীপিকাও হতাশাত ডুব গৈছিল। গতিকে তেওঁ নিজৰ অভিজ্ঞতা বুজিয়ে হানি সিঙৰ অসুস্থতাক সহায় কৰিছিল। হানিয়ে কৈছিল যে তেওঁক দীপিকাই দিয়া চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। তেওঁক তাত দীৰ্ঘদিন ধৰি চিকিৎসা কৰা হৈছিল। হানিয়ে কৈছিল, "মোৰ কঠিন সময়ত সকলোৱে মোক সহায় কৰিছে। কোনজন চিকিৎসকৰ ওচৰলৈ যাব লাগে মই জানিব পৰা নাছিলো। দীপিকাই সহায় কৰিছিল। মই দিল্লীৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিলো। মোৰ দৰে, দীপিকাও একেই পৰিস্থিতিৰ মাজেৰে গৈছে।’’

হানিয়ে কৈছিল যে এই ছয় বছৰত অক্ষয় কুমাৰৰ পৰা শ্বাহৰুখ খানলৈকে সকলোৱে তেওঁৰ খা-খবৰ লৈ আছিল। অক্ষয় কুমাৰে নিয়মীয়াকৈ ফোন কৰিছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে