--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০২ চন। ধুনীয়া ছোৱালী এজনীয়ে ৰাতিটোৰ ভিতৰতে তাৰকাৰ শাৰীলৈ উন্নীত হৈছিল। নাম আছিল শ্বেফালী জাৰিৱালা। দেশজুৰি 'কাঁটা লাগা গাৰ্ল’ হিচাপে পৰিচিত হৈ পৰিল শ্বেফালী। গানটোৰ ভিডিঅ’ত উজ্জ্বল পোছাক পিন্ধি নচা দেখা গৈছিল শ্বেফালীক।

শ্বাশ্বতী ফুকনৰ কণ্ঠত গানটো অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। সকলোৱে  শ্বেফালীৰ নাচৰ জ্বলকত মোহিত হৈছিল। কিন্তু কাটা লাগাৰ পাছত পুনৰ দেখা পোৱা নগ’ল শ্বেফালীক। হেৰাই গ’ল নৃত্যশিল্পীগৰাকী। কিন্তু ক’লৈ গ’ল শ্বেফালী? কি কৰি আছে এতিয়া কাটা লাগা গাৰ্লে?

অৱশ্যে কাটা লাগাৰ উপৰিও দহ-পোন্ধৰটা গানৰ এলবামত কাম কৰিছে শ্বেফালীয়ে। তেওঁ ২০০৪ চনৰ ছবি 'মুঝছে শাদী কৰোগী'ত বিজুলীৰ চৰিত্ৰত অভিনয় কৰিছিল।  জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'নাচ বলিয়ে'ত অংশগ্ৰহণ কৰিছিল। কিন্তু 'কাটা লগা’ৰ দৰে এইসমূহত সফলতা লাভ নকৰিলে শ্বেফালীয়ে।

এতিয়া  শেফালীৰ বয়স ৪০। কিন্তু ৰূপৰ জ্বলক একে আছে। ইনষ্টাগ্ৰামত তেওঁৰ লাখ লাখ অনুৰাগী আছে শ্বেফালীৰ।

তেওঁ অলপতে গোৱা ভ্ৰমণ কৰিছিল আৰু কেইবাখনো ছবি পোষ্ট কৰিছিল। তেওঁ এতিয়াও পেছাত এগৰাকী অভিনেত্ৰী। 'ৰাত্ৰি কে যাত্ৰী' শীৰ্ষক হিন্দী ৱেব চিৰিজটো যোৱা বছৰৰ শেষৰ ফালে মুক্তি দিয়া হৈছিল। শেফালীয়ে তাত অভিনয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement