--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনোৱাৰ উল হকে য়াচিন মালিকৰ পত্নী মাছাল মালিকক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিছে।তদুপৰি ড’নৰ ৰিপ’ৰ্ট অনুসৰি প্ৰধানমন্ত্ৰীয়ে ১৮ জনীয়া মন্ত্ৰীসভাত মাছাল মালিকক মানৱ অধিকাৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰিছে।

২০০৯ চনৰ ২২ ফেব্ৰুৱাৰীত ৰাৱালপিণ্ডিত য়াচিন মালিকৰ সৈতে মাছাল মালিকৰ বিবাহ হয়। ৱিকিপিডিয়াৰ মতে, ২০০৫ চনত য়াছিনৰ পাকিস্তান ভ্ৰমণৰ সময়ত দুয়োৰে লগ হৈছিল। মাছাল লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতক।

যদি আমি মাছালৰ ইতিহাস চাওঁ তেন্তে, পাকিস্তান অৰ্গেনাইজেশ্যন ফৰ পিছ এণ্ড কালচাৰৰ সভাপতি তথা কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ পত্নী মুছাল হুছেইন মালিকে পাকিস্তানক জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰিবলৈ সকলোকে পৰামৰ্শ দিছিল।কাৰাগাৰত বন্দী হুৰিয়তৰ জ্যেষ্ঠ নেতা য়াছিন মালিকৰ পত্নী মাছালে এক বিবৃতিত কয় যে বিশ্ব শক্তি আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে নিৰীহ কাশ্মীৰী জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰাৰ সময় আহি পৰিছে।মাছাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিষ্ঠুৰ বুলি সম্বোধন কৰে। তেওঁ কয় যে কাশ্মীৰীসকলক তেওঁলোকৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস