--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ বহুতেই নাচপতি খাবলৈ ভাল পায়, ই খাবলৈ যিমান সুস্বাদু, স্বাস্থ্যৰ বাবেও সমানেই উপকাৰী বুলি গণ্য কৰা হয়। এই ফলত ফাইভাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াৰ লগতে প্ৰদাহ নিবাৰণ আৰু কেন্সাৰ প্ৰতিৰোধী গুণ অতি ফলপ্ৰসূ। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱে কয় যে সকলো গুণ থকাৰ পিছতো নাচপতি কিছুমানে মানুহে খোৱাটো উচিত নহয়। এই ফল কেতিয়া খাব নালাগে জানো আহক।

এনে অৱস্থাত নাচপতি নাখাব

১) যেতিয়া পেট বেয়া হয়ঃ যদি আপোনাৰ বদহজমৰ সমস্যা আছে, তেন্তে নাচপতিৰ পৰা দূৰত্ব বজাই ৰখা ভাল। পেট বেয়া হৈ থাকোতে নাচপতি খালে হজম শক্তিৰ সমস্যা হয়। বিশেষকৈ ৰাতিপুৱা আৰু গভীৰ নিশা ইয়াক খোৱাৰ পৰা বিৰত থাকক নহ’লে গেছ, ক্ৰেম্প, পেট ফুলা আৰু ডায়েৰিয়া আদি হব পাৰে। 

২) চৰ্দিৰ বাবে অশান্তি পালেঃ নাচপতিয়ে আমাৰ শৰীৰত বহু দিশত উপকৃত কৰে যদিও ইয়াৰ প্ৰভাৱ ঠাণ্ডা, গতিকে চৰ্দি, কাহ হ'লে এই ফলটো একেবাৰেই নাখাব।

৩) কম ওজনৰ লোকঃ  নাচপতিত অতি কম কেলৰি পোৱা যায়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে, কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰে তেন্তে ক্ষতি হোৱাটো নিশ্চিত কাৰণ ই দৈনিক কেলৰি বেছিকৈ ক্ষয় কৰে। 

৪) উচ্চ ৰক্তচাপ ৰোগীঃ যদিও নাচপতি উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অতি উপকাৰী, কিন্তু কিছুমানে ইয়াক অত্যধিকভাৱে খাবলৈ আৰম্ভ কৰে, যাৰ বাবে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হয়। এনে পৰিস্থিতিত হৃদস্পন্দন বেছি, মূৰ্চ্ছা যোৱা, মূৰ ঘূৰোৱা আৰু উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক