--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতকালৰ আৰম্ভণিৰ পৰাই মানুহে গৰম পানীৰে গা ধুবলৈ আৰম্ভ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে গৰম পানীৰে গা ধোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে নহয়। গৰম পানীৰে গা ধোৱাৰ ফলত হোৱা কিছুমান অসুবিধাৰ বিষয়ে জানি লওক।

ছালৰ ওপৰত প্ৰভাৱ
গৰম পানীয়ে কেৰাটিন কোষৰ ক্ষতি কৰিব পাৰে। গৰম পানীৰে গা ধুলে ছালৰ পৰা মইশ্ব’ৰাইজাৰ আঁতৰি যায়। দৈনিক গৰম পানীৰে গা ধুলে ছালৰ সমস্যা যেনে ফোহা, একজিমা, পিম্পল বা খজুৱতি হ’ব পাৰে।

চুলিৰ ওপৰত প্ৰভাৱ
গৰম পানীৰে গা ধুলে চুলিৰ আৰ্দ্ৰতা কমি যায়, যাৰ ফলত চুলি ৰুক্ষ আৰু শুকান হ’ব পাৰে। অতি গৰম পানীৰে গা ধুলে চুলিত উফিৰ সমস্যাও বৃদ্ধি পাব পাৰে।

তেজৰ সঞ্চালন
গৰম পানীৰে গা ধুলে শৰীৰত তেজৰ সঞ্চালন অতি দ্ৰুত হয়। দ্ৰুত ৰক্ত সঞ্চালনে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিব পাৰে।


বিশেষজ্ঞসকলৰ মতে অতি গৰম পানীত বা গৰম পানীত দীৰ্ঘদিন ধৰি গা ধুলে ছাল আৰু স্বাস্থ্য উভয়তে বিৰূপ প্ৰভাৱ পৰে। এইক্ষেত্ৰত আপুনি কি কৰিব ? 

- গা ধোৱাৰ আগতে পানীৰ উষ্ণতা পৰীক্ষা কৰক।

- পানী বেছি গৰম হ’ব নালাগে। পানীৰ উষ্ণতা শৰীৰৰ উষ্ণতাৰ সমান হ’ব লাগে।

- গৰম আৰু ঠাণ্ডা পানী মিহলাই গা ধুলে গাঁঠিৰ বিষৰ সমস্যা নিৰাময় হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক