--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীৰ এক হত্যাকাণ্ডই। লিভ ইন ৰিলেচনত থকা প্ৰেমিক আফতাবে হত্যা কৰিলে প্ৰেমিকা শ্ৰদ্ধাক।  শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল প্ৰেমিক আফতাবে। ইয়াতেই ক্ষান্ত নাথাকি আফতাবে শ্ৰদ্ধাৰ মৃতদেহ ৩৫ টা টুকুৰা কৰি ফ্ৰীজত ৰাখি থৈছিল। এই হত্যাকাণ্ড ৬ মাহ পূৰ্বে সংঘটিত হৈছিল যদিও শনিবাৰেহে এই হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ আহে। যুৱকজনৰ নাম আফটাব আমিন পুনাৱালা। তেওঁৰ ঘৰ পালঘৰ মহাৰাষ্ট্ৰৰ। ছোৱালীজনীৰ নাম শ্ৰদ্ধা মদান। তেওঁ মুম্বাইৰ।

শ্ৰদ্ধাই কল চেণ্টাৰত কাম কৰিছিল। আফটাব আৰু শ্ৰদ্ধাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।  মুম্বাইত থকা শ্ৰদ্ধাৰ পৰিয়ালে এই প্ৰেমৰ বিৰোধিতা কৰাত শ্ৰদ্ধা দিল্লীলৈ গুছি আহি মেহৰুলিৰ এটা ফ্লেটত লিভ ইন ৰিলেচনশ্বিপত আফতাবৰ সৈতে থাকিবলৈ ল'লে। পাছত শ্ৰদ্ধাই আফতাবক বিয়া পতাৰ কাৰণে জোৰ দিবলৈ ধৰাত যোৱা ১৮ মে ২০২২ ত দুয়োৰে মাজত তীব্ৰ কাজিয়া লাগে।

আফতাবে শ্ৰদ্ধাক ডিঙি চেপি মাৰি পেলায়। শ্ৰদ্ধাৰ মৃতদেহটো ৩৫ টুকুৰা কৰি কাঁটে আফতাবে। এটা ৩০০ লিটাৰৰ ফ্ৰিজ কিনি আনি শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ আফতাবে ফ্ৰিজত থৈ দিয়ে। পাছত ১৮ দিনলৈ প্ৰতিদিন নিশা ২ বজাত অলপ অলপ টুকুৰা লৈ গৈ জংঘল অঞ্চলত আফতাবে পেলাই থৈ আহে কোনো জীৱ–জন্তুয়ে খাই শেষ কৰাৰ আশাত। 

শ্ৰদ্ধাৰ পিতৃয়ে নিজৰ কন্যাৰ বহুদিন একো খবৰ-বাতৰি নাপাই দিল্লীলৈ বিচাৰি আহে। শ্ৰদ্ধা নোহোৱা হোৱা বুলি জানি পিতৃয়ে ৮ নবেম্বৰ ২০২২ ত মেহৰুলি পুলিচ থানাত গোচৰ দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। 

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আফতাবক। এবছৰৰ আগতে ২৭ বছৰীয়া শ্ৰদ্ধা আফতাবৰ লগত থাকিবলৈ মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল।

জঘন্য প্ৰেমিক আফতাব আমিন পুনাৱালাৰ প্ৰকৃত স্বৰূপ এটাৰ পাছত এটাকৈ পোহৰলৈ আহিছে। আফতাবে যেতিয়া শ্ৰদ্ধাক হত্যা কৰি শৰীৰৰ অংগসমূহ ফ্ৰীজত ৰাখিছিল, সেই সময়ছোৱাত তেওঁ আন এগৰাকী ছোৱালীৰ সৈতে সেই কোঠাতে প্ৰেম-ৰোমাঞ্চো কৰিছিল। নিজকে ফুড ব্লগাৰ আৰু সামাজিক কৰ্মী বুলি পৰিচয় দিয়া আফতাবৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিষয়াসকলে কয় যে তেওঁ যি ধৰণেৰে শ্ৰদ্ধাক হত্যা কৰিছিল সেয়া অতি পৈশাচিক। আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ পৰিকল্পনা বহুদিনৰে পৰা কৰিছিল। ইয়াৰ বাবে তেওঁ ইণ্টাৰনেটত সদায় মানুহক হত্যা কৰি আৰক্ষীৰ পৰা বাচি থকাৰ উপায় বিচাৰিছিল। দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁ আন এগৰাকী ছোৱালীকো ডেটিঙত লৈ গৈছিল আৰু হত্যাকাণ্ড সংঘটিত কৰা নিজৰ ভাড়াঘৰৰ কোঠালৈও সেই ছোৱালীজনীক মাতি আনি প্ৰেম-ৰোমাঞ্চত ব্যস্ত আছিল।

দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বাম্বল এপৰ জৰিয়তে আফতাবে আন এগৰাকী ছোৱালীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিছিল। আশ্চৰ্যজনকভাৱে আফতাবে এই ডেটিং এপটোৰ জৰিয়তে শ্ৰদ্ধাৰ সৈতেও চিনাকি হৈছিল। তাৰপাছতেই শ্ৰদ্ধা আৰু আফতাবৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

আৰক্ষীৰ সূত্ৰই কয় যে আফতাবে দীৰ্ঘদিন ধৰি শ্ৰদ্ধাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে তেওঁ বহুতো ক্ৰাইম শ্ব’ আৰু বহুতো হলিউডৰ ৱেব ছিৰিজৰ পৰা হত্যাৰ পৰিকল্পনা শিকিছিল। কেৱল এয়াই নহয়, তেওঁ ইণ্টাৰনেটত ঘণ্টাৰ পিছত ঘণ্টা ধৰি এই কথা জানিবলৈ চেষ্টা কৰিছিল যে হত্যাকাণ্ড সংঘটিত কৰি কেনেদৰে আৰক্ষীৰ পৰা হাত সাৰিব পাৰিব। আৰক্ষী বিষয়াসকলে এই সন্দৰ্ভত কয় যে অপৰাধীজনে যিমানেই ডাঙৰ পৰিকল্পনা নকৰক কিয়, তেওঁ নিশ্চিতভাৱে ধৰা পৰিবই। আৰক্ষীৰ জালৰ পৰা কোনো বাচি যাব নোৱাৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement