--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “যিসকলে মদ্যপান কৰে, তেওঁলোক মৰিবই।” এই মন্তব্য কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। শেহতীয়াকৈ বিহাৰত দেখা দিয়া সুৰা-ট্ৰেজেদীক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। কয় যে মদ্যপান হানিকাৰক আৰু ইয়াৰ পৰা আঁতৰি থকা উচিত।

উল্লেখযোগ্য যে বিহাৰৰ ছাৰাণ জিলাত শেহতীয়াকৈ বিষাক্ত সুৰাই ব্যাপক নৰসংহাৰ চলাইছে। এতিয়ালৈকে ৩০ জনকৈ লোকে বিষাদ মদ পান কৰি প্ৰাণ হেৰুৱাইছে। ২০১৬ চনৰ পৰা সুৰানিষিদ্ধ ৰাজ্যখনত এইদৰে সুৰা-ট্ৰেজেদী ঘটাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত নীতিশ কুমাৰে কয় যে সুৰাপান কৰিলে মৃ্তু অনিবাৰ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল লোকে সুৰাসমূহ বিক্ৰী কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে।

“মই কৰ্মচাৰীসকলক দৰিদ্ৰ লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মানা কৰিছো। ইতিমধ্যে সুৰা বিক্ৰীৰ সলনি আন উপাৰ্জনৰ বাবে ১ লাখ টকাৰ সাহাৰ্য তেওঁলোকক প্ৰদান কৰিছো। যদি প্ৰয়োজন হয় তেন্তে মই এই সাহাৰ্যৰ পৰিমাণ বঢ়াই দিম।”- মুখ্যমন্ত্ৰীজনে কয়।

আনহাতে, বিহাৰৰ এই সুৰা-ট্ৰেজেডীক লৈ বৃহস্পতিবাৰে ৰাজ্যসভা উত্তাল হৈ আছে। বিৰোধী পক্ষৰ তীব্ৰ বাক্যবানৰ ফলত ১৫ মিনিটৰ বাবে সদন স্থগিত ৰখা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু