--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বন্ধুকে অপহৰণ কৰি ধনদাবী কৰিলে এজন যুৱকে। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত। জানিব পৰা মতে, সৰ্বেশ পটেল নামৰ এজন যুৱকে তেওঁৰ বন্ধু বাসু সিঙক ধনদাবীৰ উদ্দেশ্যে অপহৰণ কৰে। তাৰপাছতে জালত পৰে আৰক্ষীৰ।

আৰক্ষীয়ে জনোৱামতে, অনলাইন গেম খেলিবলৈ বেংকৰ পৰা লাখ লাখ টকাৰ ঋণ লৈছিল সৰ্বেশে। কিন্তু সেয়া পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে নিজৰ বন্ধুকে অপহৰণ কৰাৰ সিদ্ধান্ত লয়।

তেওঁৰ বন্ধু বাসু সিং এগৰাকী চহকী উদ্যোগতিৰ সন্তান। সেয়ে বন্ধুক অপহৰণ কৰি মোটা টকাৰ দাবী কৰিলে পোৱা যাব বুলি তেওঁ পৰিকল্পনা কৰিছিল। দাবী কৰিছিল ২০ লাখ টকাৰ।

বন্ধুৰ ঘৰলৈও সৰ্বেশে ফোন কৰিছিল বুলি অভিযোগ উঠিছে। জনাইছিল যে মুক্তিপণৰ দাবী নাপালে বাসু সিঙক হত্যা কৰা হ’ব। ফোনকল লাভ কৰিয়ে আৰক্ষীৰ দ্বাৰস্থ হয় বাসু সিঙৰ অভিভাৱক। ধুমনগঞ্জ থানাত এজাহাৰ দাখিল কৰে। তাৰপাছতে সৰ্বেশক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পাছতে সৰ্বেশে সকলো স্বীকাৰ কৰে। সমগ্ৰ পৰিকল্পনাটোত সৰ্বেশৰ সংগী হৈছিল আন দুজন যুৱক। সম্প্ৰতি তেওঁলোকৰ সন্ধানত নামিছে আৰক্ষী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক