--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বন্ধুকে অপহৰণ কৰি ধনদাবী কৰিলে এজন যুৱকে। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত। জানিব পৰা মতে, সৰ্বেশ পটেল নামৰ এজন যুৱকে তেওঁৰ বন্ধু বাসু সিঙক ধনদাবীৰ উদ্দেশ্যে অপহৰণ কৰে। তাৰপাছতে জালত পৰে আৰক্ষীৰ।

আৰক্ষীয়ে জনোৱামতে, অনলাইন গেম খেলিবলৈ বেংকৰ পৰা লাখ লাখ টকাৰ ঋণ লৈছিল সৰ্বেশে। কিন্তু সেয়া পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে নিজৰ বন্ধুকে অপহৰণ কৰাৰ সিদ্ধান্ত লয়।

তেওঁৰ বন্ধু বাসু সিং এগৰাকী চহকী উদ্যোগতিৰ সন্তান। সেয়ে বন্ধুক অপহৰণ কৰি মোটা টকাৰ দাবী কৰিলে পোৱা যাব বুলি তেওঁ পৰিকল্পনা কৰিছিল। দাবী কৰিছিল ২০ লাখ টকাৰ।

বন্ধুৰ ঘৰলৈও সৰ্বেশে ফোন কৰিছিল বুলি অভিযোগ উঠিছে। জনাইছিল যে মুক্তিপণৰ দাবী নাপালে বাসু সিঙক হত্যা কৰা হ’ব। ফোনকল লাভ কৰিয়ে আৰক্ষীৰ দ্বাৰস্থ হয় বাসু সিঙৰ অভিভাৱক। ধুমনগঞ্জ থানাত এজাহাৰ দাখিল কৰে। তাৰপাছতে সৰ্বেশক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পাছতে সৰ্বেশে সকলো স্বীকাৰ কৰে। সমগ্ৰ পৰিকল্পনাটোত সৰ্বেশৰ সংগী হৈছিল আন দুজন যুৱক। সম্প্ৰতি তেওঁলোকৰ সন্ধানত নামিছে আৰক্ষী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু