--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোগী আদিত্যনাথ চৰকাৰৰ ব্যতিক্ৰমী অভিলেখ৷ যোগীৰ ৰাজত্বত নতুন ৰূপত এনকাউণ্টাৰ। উত্তৰ প্ৰদেশত এনকাউণ্টাৰেৰে অভিলেখ গঢ়িছে যোগী আদিত্যনাথ চৰকাৰে। বিগত ছটা বছৰ ১০ হাজাৰৰো অধিক এনকাউণ্টাৰ সংঘটিত হৈছে ৰাজ্যখনত। 

এনকাউণ্টাৰত মৃত্যু হৈছে ৬৩জনকৈ অভিযুক্তৰ। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বিধানসভাত এই তথ্য দাঙি ধৰে আদিত্যনাথ চৰকাৰে। উল্লেখ্য যে প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল যোগী আদিত্যনাথে। ৰাজ্যখনত মাফিয়াৰাজৰ অন্ত পেলাবলৈ এনকাউণ্টাৰক মূল অস্ত্ৰ হিচাপে গ্ৰহণ কৰিলে যোগী আদিত্যনাথ চৰকাৰে। 

২০১৭ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আৰক্ষীক পূৰ্ণ ক্ষমতা প্ৰদান কৰে যোগী আদিত্যনাথে। একপ্ৰকাৰ এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক গ্ৰীণ ছিগনেল প্ৰদান কৰিছিল আদিত্যনাথে। ইয়াৰ পাছতে উত্তৰ প্ৰদেশত ক্ৰমাৎ জনপ্ৰিয়তা অৰ্জন কৰে চৰকাৰৰ এনকাউণ্টাৰ নীতিয়ে। সমাজৰ এটা শ্ৰেণীৰ লোকে এনকাউণ্টাৰলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে আন এক শ্ৰেণীয়ে বিৰোধিতা কৰি আহিছে এনকাউণ্টাৰৰ। 

দৰাচলতে আইনী ব্যৱস্থাৰে ন্যায় লাভৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ বাবে একাংশই সমৰ্থন জনাইছে এনকাউণ্টাৰক। এনকাউণ্টাৰৰ জৰিয়তে ঠাইতে ন্যায় লাভৰ যি পৰম্পৰা সেই পৰম্পৰা আইন ব্যৱস্থাত থকা সুৰুঙাৰ বাবে লাভ কৰিছে জনপ্ৰিয়তা। তাৰে জ্বলন্ত উদাহৰণ উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰ। বিগত ৬টা বছৰত উত্তৰ প্ৰদেশত সংঘটিত হৈছে ১০ হাজাৰ ৫০০টা এনকাউণ্টাৰৰ ঘটনা। 

কেৱল ২০২২ৰ এপ্ৰিলৰ পৰা ২০২৩ৰ মাৰ্চলৈ সংঘটিত হৈছে ১০৬৬টা এনকাউণ্টাৰৰ ঘটনা। আদিত্য নাথৰ প্ৰথমটো কাৰ্যকালত সংঘটিত সৰ্বমুঠ এনকাউণ্টাৰৰ ঘটনা ৯,৪৩৪টা। ইপিনে উত্তৰ প্ৰদেশ চৰকাৰে দাবী কৰাৰ দৰে কেৱল ৬৩টা অভিযুক্তই মৃত্যু হোৱা নাই এনকাউণ্টাৰত। বিপৰীতে এনকাউণ্টাৰত মৃত্যু হোৱা অভিযুক্তৰ সংখ্যা চৰকাৰে দাবী কৰাতকৈ অধিক। এক বেচৰকাৰী সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি এই সময়ছোৱাত এনকাউণ্টাৰত মৃত্যু হৈছে প্ৰায় ১৮০জন অভিযুক্ত। 

লক্ষ্যণীয়ভাৱে উত্তৰ প্ৰদেশত জনপ্ৰিয়তা লাভ কৰা এনকাউণ্টাৰ সংস্কৃতি ক্ৰমাৎ বিয়পি পৰে দেশৰ অন্যান্য প্ৰান্তলৈয়ো। বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত বৃদ্ধি পাইছে এনকাউণ্টাৰৰ ঘটনা। যোগী আদিত্যনাথ চৰকাৰৰ আৰ্হি গ্ৰহণ কৰি অসম, মধ্যপ্ৰদেশ আদি ৰাজ্যতো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে এনকাউণ্টাৰ।

ইপিনে বিৰোধী দলকে ধৰি আইনী বিশেষজ্ঞই প্ৰথমৰে পৰা বিৰোধিতা কৰি আহিছে এনকাউণ্টাৰৰ। ভাৰতৰ আইন ব্যৱস্থাত বৈধ্যতা দিয়া হোৱা নাই এনকাউণ্টাৰক। ভাৰতীয় সংবিধানে আইনৰ শাসনকে চৰকাৰ পৰিচালনাৰ মূল আধাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত এনকাউণ্টাৰৰ দৰে ঘটনাৰ সমৰ্থনযোগ্য নহয় বুলি মত পোষণ কৰি আহিছে দেশৰ প্ৰায় সংখ্যক বিৰোধী দল-সংগঠনসমূহে। 

অৱশ্যে ইয়াৰ মাজতো বিজেপি শাসিত ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰৰাজ। উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্যই আকৌ এবাৰ প্ৰমাণ কৰিলে সেই কথাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই