--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক  সকাহ দিলে।   উচ্চতম  ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায় স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ আৰোপ কৰে।  এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইনখনক অসাংবিধানিক ঘোষণা কৰি ৰায় দিছিল।  উচ্চতম ম্যায়ালয়ে আদালতে মাদ্ৰাছা  বোৰ্ড, উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি ৩০ জুন ২০২৪-ৰ ভিতৰত উত্তৰ বিচাৰিছে।

বৰ্তমানৰ বাবে  মাদ্ৰাছাসমূহত ২০০৪  চনৰ মাদ্ৰাছা বোৰ্ড আইনৰ অধীনত শিক্ষা অব্যাহত থাকিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কৈছে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত প্ৰাথমিকভাৱে শুদ্ধ নহয়। কাৰণ  উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত ঘোষণা কৰাটো   ধৰ্মনিৰপেক্ষতাৰ উলংঘন। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ইউপি ব'ৰ্ড অফ মাদ্ৰাছা এডুকেছন এক্ট ২০০৪ ক অসাংবিধানিক বুলি ঘোষণা কৰাৰ আদেশটো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে আজি  উত্তৰ প্ৰদেশ মাদ্ৰাছা  আইন বাতিল কৰিবলৈ  এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে। আদালতত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ এএছজি কেএম নটৰাজে কয় যে আমি উচ্চ ন্যায়ালয়ত আইনখন বাহাল ৰখাৰ  পক্ষ লৈছো। কিন্তু উচ্চ ন্যায়ালয়ে আইনখন বাতিল কৰাৰ পিছত  আমি সিদ্ধান্তটো সলনি কৰিবলগীয়া হৈছে। 
 
উত্তৰ প্ৰদেশ মাদ্ৰাছা ব'ৰ্ডৰ হৈ  আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই আইন বাতিল কৰাৰ অধিকাৰ নাই। এই সিদ্ধান্তই ৰাজ্যখনত চলি থকা প্ৰায় ২৫,০০০ মাদ্ৰাছাত অধ্যয়ন কৰি থকা ১৭ লাখ শিক্ষাৰ্থীক ক্ষতিগ্ৰস্ত  কৰিব। ২০১৮ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশ অনুসৰি  এই মাদ্ৰাছাবোৰত বিজ্ঞান, পৰিৱেশ, গণিতৰ দৰে বিষয়বোৰ শিকোৱা হৈছে। মাদ্ৰাছাসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে মাদ্ৰাছা বোৰত কোৰাণক ইয়াত এটা বিষয় হিচাপে শিকোৱা হয়। জ্যেষ্ঠ অধিবক্তা হুজাইফা আহমেদীয়ে কয়  যে ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় বিষয় দুটা পৃথক বিষয়। সেয়েহে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখা উচিত।

 সিংভিয়ে কয়  যে বহু  গুৰুকুল আজি বিখ্যাত হৈ পৰিছে। তেওঁলোকে যদি  ভাল কাম কৰি আছে, আমি তেওঁলোকক বাধা দিব লাগে নেকি আৰু ক'ব লাগে নেকি  যে এয়া হিন্দু ধৰ্মীয় শিক্ষাৰ প্ৰতিষ্ঠান? এয়া  শতিকা প্ৰাচীন  প্ৰণালী এটা সমাপ্ত কৰাৰ দৰে কথা নহ’বনে?  তেওঁ লগতে কয় যে  যিহেতু শিক্ষা প্ৰদান কৰাটো ৰাজ্যৰ অন্যতম প্ৰাথমিক কৰ্তব্য, সেয়েহে উক্ত ক্ষেত্ৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰোঁতে ই ধৰ্মনিৰপেক্ষ হৈ থাকিব লাগিব। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু