--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক  সকাহ দিলে।   উচ্চতম  ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায় স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ আৰোপ কৰে।  এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইনখনক অসাংবিধানিক ঘোষণা কৰি ৰায় দিছিল।  উচ্চতম ম্যায়ালয়ে আদালতে মাদ্ৰাছা  বোৰ্ড, উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি ৩০ জুন ২০২৪-ৰ ভিতৰত উত্তৰ বিচাৰিছে।

বৰ্তমানৰ বাবে  মাদ্ৰাছাসমূহত ২০০৪  চনৰ মাদ্ৰাছা বোৰ্ড আইনৰ অধীনত শিক্ষা অব্যাহত থাকিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কৈছে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত প্ৰাথমিকভাৱে শুদ্ধ নহয়। কাৰণ  উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত ঘোষণা কৰাটো   ধৰ্মনিৰপেক্ষতাৰ উলংঘন। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ইউপি ব'ৰ্ড অফ মাদ্ৰাছা এডুকেছন এক্ট ২০০৪ ক অসাংবিধানিক বুলি ঘোষণা কৰাৰ আদেশটো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে আজি  উত্তৰ প্ৰদেশ মাদ্ৰাছা  আইন বাতিল কৰিবলৈ  এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে। আদালতত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ এএছজি কেএম নটৰাজে কয় যে আমি উচ্চ ন্যায়ালয়ত আইনখন বাহাল ৰখাৰ  পক্ষ লৈছো। কিন্তু উচ্চ ন্যায়ালয়ে আইনখন বাতিল কৰাৰ পিছত  আমি সিদ্ধান্তটো সলনি কৰিবলগীয়া হৈছে। 
 
উত্তৰ প্ৰদেশ মাদ্ৰাছা ব'ৰ্ডৰ হৈ  আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই আইন বাতিল কৰাৰ অধিকাৰ নাই। এই সিদ্ধান্তই ৰাজ্যখনত চলি থকা প্ৰায় ২৫,০০০ মাদ্ৰাছাত অধ্যয়ন কৰি থকা ১৭ লাখ শিক্ষাৰ্থীক ক্ষতিগ্ৰস্ত  কৰিব। ২০১৮ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশ অনুসৰি  এই মাদ্ৰাছাবোৰত বিজ্ঞান, পৰিৱেশ, গণিতৰ দৰে বিষয়বোৰ শিকোৱা হৈছে। মাদ্ৰাছাসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে মাদ্ৰাছা বোৰত কোৰাণক ইয়াত এটা বিষয় হিচাপে শিকোৱা হয়। জ্যেষ্ঠ অধিবক্তা হুজাইফা আহমেদীয়ে কয়  যে ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় বিষয় দুটা পৃথক বিষয়। সেয়েহে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখা উচিত।

 সিংভিয়ে কয়  যে বহু  গুৰুকুল আজি বিখ্যাত হৈ পৰিছে। তেওঁলোকে যদি  ভাল কাম কৰি আছে, আমি তেওঁলোকক বাধা দিব লাগে নেকি আৰু ক'ব লাগে নেকি  যে এয়া হিন্দু ধৰ্মীয় শিক্ষাৰ প্ৰতিষ্ঠান? এয়া  শতিকা প্ৰাচীন  প্ৰণালী এটা সমাপ্ত কৰাৰ দৰে কথা নহ’বনে?  তেওঁ লগতে কয় যে  যিহেতু শিক্ষা প্ৰদান কৰাটো ৰাজ্যৰ অন্যতম প্ৰাথমিক কৰ্তব্য, সেয়েহে উক্ত ক্ষেত্ৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰোঁতে ই ধৰ্মনিৰপেক্ষ হৈ থাকিব লাগিব। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ