--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ নাৰী সুৰক্ষাৰ বধ্যভূমিত পৰিণত হৈছে উত্তৰ প্ৰদেশ। ৰাজ্যখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আমোলত মহিলা সুৰক্ষা নিশ্চিত হোৱা বুলি শাসকীয় বিজেপিয়ে ঢাক-ঢোল কোবাই আহিলেও এই মিথ্যাচাৰিতা উদঙাই প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে নাৰীৰ বিৰুদ্ধে বৰ্বৰ উৎপীড়নৰ ঘটনা।যোগী আদিত্যনাথক দেশৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু উত্তৰ প্ৰদেশক দেশৰ সৰ্বোৎকৃষ্ট ৰাজ্য হিচাপে তীব্ৰ প্ৰচাৰ চলালেও ৰাজ্যখনত নিয়মীয়াকৈ সংঘটিত হোৱা নাৰীজনিত অপৰাধৰ ঘটনাই নাৰী সুৰক্ষাৰ শ্ল’গানৰ আঁৰৰ প্ৰকৃত ছবিখন উন্মোচিত কৰি তুলিছে। 

সম্প্ৰতি ৰাজ্যখনত সংঘটিত হোৱা আন এক নৃশংস কাণ্ড পোহৰলৈ আহিছে। এই ভয়াৱহ ঘটনাই হচকিত কৰি তুলিছে সকলোকে। এগৰাকী কিশোৰী ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰাৰ পিছত অতি নৃশংসভাৱে জীৱন্তে জ্বলাই দিছে ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকৰ পিতৃ-ভগ্নীয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত। 

ঘটনা সন্দৰ্ভত আৰক্ষীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তিনি মাহ পূৰ্বে ১৫ বছৰীয়া কিশোৰীগৰাকী ধৰ্ষণৰ বলি হোৱাৰ পাছত গৰ্ভধাৰণ কৰিছিল। কিশোৰীগৰাকী গৰ্ভৱতী বুলি জানিবলৈ পোৱাৰ পিছতে অভিযুক্ত মাতৃ-কন্যাই কিশোৰীগৰাকীক ধৰ্ষণত অভিযুক্ত যুৱকগৰাকীৰ সৈতে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ঘৰলৈ লৈ যায়।

কিন্তু মাতৃ-কন্যাৰ এই প্ৰতিশ্ৰুতি আছিল এক নিকৃষ্ট ষড়যন্ত্ৰৰ অংশহে। কিশোৰীগৰাকীক ধৰ্ষণকাৰী যুৱকগৰাকীৰ সৈতে বিয়া কৰাই দিয়াৰ পৰিৱৰ্তে শনিবাৰে নিশা তেওঁলোকে কিশোৰী গৰাকীৰ শৰীৰত কেৰাচিন ঢালি অগ্নিসংযোগ কৰে। এই নৃশংস অত্যাচাৰত গুৰুতৰভাৱে অগ্নিদগ্ধ হয় কিশোৰীগৰাকী। ঘটনাৰ বিষয়ে জানিব পাৰি চুবুৰীয়া লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু গুৰুতৰভাৱে দগ্ধ হোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। 

ইতিমধ্যেই কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাৰ বাবে চিকিৎসকে কিশোৰীগৰাকীক চৈফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে  পেটৰ বিষত ভুগি থকাৰ বাবে মাতৃয়ে পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল আৰু তেতিয়াই কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ কথা জানিব পাৰে। 

ইফালে ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২৫ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰৰ লগতে তেওঁৰ মাক আৰু ভগ্নীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা কৰাৰ অভিযোগত ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে। অভিযুক্ত যুৱকগৰাকীৰ মাতৃক শনিবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে যুৱকগৰাকী আৰু তেওঁৰ ভগ্নীক আটক কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। আনহাতে কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে সকলো সহায় আগবঢ়োৱা বুলি তেওঁ লগতে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক