--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ আগশাৰীৰ নেতা সঞ্জয় ৰাউটৰ কাৰাগাৰৰ ম্যাদ। আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰাউটক পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত পুনৰ ১৭ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।  আজি শুনানিৰ বাবে শিৱসেনাৰ আগশাৰীৰ নেতাগৰাকীক আদালতত হাজিৰ কৰোৱা হয়। ৰাজ্যখনৰ ৰাজনীতিত যথেষ্ট জনপ্ৰিয়তা থকা ৰাউটক চাবলৈ আদালতৰ বাহিৰ চৌহদত সমাগম ঘটে বহু লোকৰ।  

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

উল্লেখ্য যে ১ আগষ্টত ৰাউটক গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংসদগৰাকী প্ৰথম আঠ দিন এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল। তাৰ পিছত তেওঁক ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ১৪ দিনৰ জিম্মা শেষ হোৱাৰ পিছত যোৱা ২২ আগষ্টত পুনৰ ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক