--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোশীমঠ মাটিৰ তললৈ যোৱাৰ সময়তে  উত্তৰাখণ্ডৰ কাষৰীয়া হিমাচলক  জোকাৰি গৈছে এক ভূমিকম্পই।  পাহাৰীয়া ৰাজ্য ৰাজ্য খনত আজি পুৱা ৫:১৭ বজাত ভূমিকম্প অনুভূত হয়। 

শনিবাৰে পুৱা হিমাচল প্ৰদেশত ভূমিকম্প অনুভূত হোৱাৰ পিছতে শংকিত হৈ পৰে ৰাজ্য খনৰ বাসিন্দাসকল। অৱশ্যে  কম্পনৰ তীব্ৰতা সিমান গুৰুতৰ নাছিল বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৩.২ আছিল। কম্পনটো মুখ্যতঃ হিমাচল প্ৰদেশৰ চম্বা জিলাত অনুভৱ কৰা হৈছিল।

হিমাচল চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে পুৱা ৫:১৭ বজাত ভূমিকম্প অনুভৱ কৰা হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে ভূমিকম্পৰ উৎপত্তিস্থল সাগৰ পৃষ্ঠৰ পৰা ৫কিলোমিটাৰ গভীৰতাত আছিল। এটা টুইটত নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে লিখিছে, "প্ৰাবল্য ৩.২।  ২০২৩ চনৰ ১৪ জানুৱাৰীৰ পুৱা ৫:১৭ বজাত ভূমিকম্পটো অনুভূত  হৈছিল।" কম্পনটো  হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ পৰা ২২  কিমি পূৱত অনুভূত হয়। 

উল্লেখ্য এদিন আগতেও এটা ভূমিকম্পই উত্তৰাখণ্ডৰ উত্তৰকাশীক জোকাৰি গৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ২.৯ আছিল। চামোলি ডেলাৰ যোশীমঠতো কম্পন অনুভৱ কৰা হৈছিল। যোশীমঠৰ মূল মন্দিৰটো ইতিমধ্যে প্ৰায় আধা অংশ মাটিৰ তললৈ সোমাই গৈছে।  পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে এছিয়াৰ আটাইতকৈ দীঘল ৰোপৱে’টোও। কেইবাখনো হোটেল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ফাটি যোৱা ঘৰ আৰু হোটেলবোৰ চিনাক্ত কৰি  সেইবোৰ ভাঙি পোলোৱাৰ  কাম চলি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক