--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বহু কেইখন দেশত এতিয়া অতি সংক্ৰামক মাংকি পক্সে আন এক ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে ৰোগ বিধৰ সংক্ৰমণ যাতে আৰু অধিক বৃদ্ধি হ’ব নোৱাৰে সেই বিষয়ত সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই। গৱেষণাৰ পৰা গম পোৱা গৈছে যে মাংকি পক্স আৰু কেইবাটাও কাৰকৰ বাবে বিয়পিব পাৰে যদিও মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে এই ৰোগ বিধ বিয়পি পৰাৰ আশংকা বহু বেছি।

 সেইবাবেই বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে পৰামৰ্শ দিছে যে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে  যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ কথা বিবেচনা কৰা উচিত। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্স মহামাৰীক বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছিল। মাংকি পক্সৰ প্ৰায় ৭০ শতাংশ  ঘটনা ইউৰোপৰ দেশ সমূহত ধৰা পৰিছে।

দেখা গৈছে যে   বহুলোকৰ সৈতে যৌন সম্ভোগ কৰা পুৰুষৰ ক্ষেত্ৰত এই সংক্ৰমণ অধিক হৈছে। ভাৰততো চাৰি জন মাংকি পক্স ৰোগী ধৰা পৰিছে।তেওঁলোকৰ তিনিজন কেৰালাৰ আৰু এজন দিল্লীৰ। মাঙ্কিপক্সত সাধাৰণতে জ্বৰ, মূৰৰ বিষ, তিনি সপ্তাহলৈকে দেহত ৰংচুৱা দাগ, ডিঙিৰ বিষ, কাহ আৰু ফোঁহাৰ সৃষ্টি হোৱা দেখা যায়।  জ্বৰ আৰম্ভ হোৱাৰ একৰ পৰা তিনি দিনৰ ভিতৰত দেহত ফোঁহাৰ সৃষ্টি হ’বলৈ ধৰে। 

ৰোগবিধ ৰোগীৰ দেহত প্ৰায় দুইৰ পৰা চাৰি সপ্তাহ স্থায়ী হয় আৰু চিকিৎসা নকৰালে  বেদনাদায়ক হোৱাৰ লগতে ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। ৰোগীৰ দেহত  খজুৱতিও হয়। মাংকি পক্সৰ  ভাইৰাছে হাতৰ তলুৱাত বিশেষ প্ৰভাৱ পেলায়।

নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ৯৫  শতাংশ মাংকি পক্স সংক্ৰমণৰ ঘটনা যৌন কাৰ্যকলাপৰ জৰিয়তে সংক্ৰমিত হৈছে আৰু সংক্ৰমিত লোকৰ ৯৮  শতাংশ সমকামী বা উভয়কামী পুৰুষ। অধ্যয়নটোত ৫২৮  জন সংক্ৰমিত লোকক সামৰি লোৱা হৈছিল। এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে বিশ্ব স্বাস্থ্য সমস্থাৰ মুৰব্বীয়ে পৰাপক্ষত যৌন সংগীৰ সংখ্যা কম কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক