--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বহু কেইখন দেশত এতিয়া অতি সংক্ৰামক মাংকি পক্সে আন এক ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে ৰোগ বিধৰ সংক্ৰমণ যাতে আৰু অধিক বৃদ্ধি হ’ব নোৱাৰে সেই বিষয়ত সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই। গৱেষণাৰ পৰা গম পোৱা গৈছে যে মাংকি পক্স আৰু কেইবাটাও কাৰকৰ বাবে বিয়পিব পাৰে যদিও মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে এই ৰোগ বিধ বিয়পি পৰাৰ আশংকা বহু বেছি।

 সেইবাবেই বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে পৰামৰ্শ দিছে যে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে  যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ কথা বিবেচনা কৰা উচিত। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্স মহামাৰীক বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছিল। মাংকি পক্সৰ প্ৰায় ৭০ শতাংশ  ঘটনা ইউৰোপৰ দেশ সমূহত ধৰা পৰিছে।

দেখা গৈছে যে   বহুলোকৰ সৈতে যৌন সম্ভোগ কৰা পুৰুষৰ ক্ষেত্ৰত এই সংক্ৰমণ অধিক হৈছে। ভাৰততো চাৰি জন মাংকি পক্স ৰোগী ধৰা পৰিছে।তেওঁলোকৰ তিনিজন কেৰালাৰ আৰু এজন দিল্লীৰ। মাঙ্কিপক্সত সাধাৰণতে জ্বৰ, মূৰৰ বিষ, তিনি সপ্তাহলৈকে দেহত ৰংচুৱা দাগ, ডিঙিৰ বিষ, কাহ আৰু ফোঁহাৰ সৃষ্টি হোৱা দেখা যায়।  জ্বৰ আৰম্ভ হোৱাৰ একৰ পৰা তিনি দিনৰ ভিতৰত দেহত ফোঁহাৰ সৃষ্টি হ’বলৈ ধৰে। 

ৰোগবিধ ৰোগীৰ দেহত প্ৰায় দুইৰ পৰা চাৰি সপ্তাহ স্থায়ী হয় আৰু চিকিৎসা নকৰালে  বেদনাদায়ক হোৱাৰ লগতে ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। ৰোগীৰ দেহত  খজুৱতিও হয়। মাংকি পক্সৰ  ভাইৰাছে হাতৰ তলুৱাত বিশেষ প্ৰভাৱ পেলায়।

নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ৯৫  শতাংশ মাংকি পক্স সংক্ৰমণৰ ঘটনা যৌন কাৰ্যকলাপৰ জৰিয়তে সংক্ৰমিত হৈছে আৰু সংক্ৰমিত লোকৰ ৯৮  শতাংশ সমকামী বা উভয়কামী পুৰুষ। অধ্যয়নটোত ৫২৮  জন সংক্ৰমিত লোকক সামৰি লোৱা হৈছিল। এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে বিশ্ব স্বাস্থ্য সমস্থাৰ মুৰব্বীয়ে পৰাপক্ষত যৌন সংগীৰ সংখ্যা কম কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ