--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন ভিডিঅ’ টেপৰ দ্বাৰা দুষ্ট চক্ৰই বহতকে ফান্দত পেলাই ধন লুটি আহিছে। শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে গুজৰাটত। যৌন ভিডিঅ’ টেপ চক্ৰৰ ফান্দত পৰি গুজৰাটৰ ব্যৱসায়ী এজনে ২.৬৯ কোটি টকা হেৰুওৱাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।

আৰক্ষী প্ৰকাশ কৰা অনুসৰি এক নৱীকৰণযোগ্য শক্তি প্ৰতিষ্ঠানৰ মালিক  সেই  ভুক্তভোগী ব্যৱসায়ীজনলৈ  যোৱা বছৰৰ ৮ আগষ্টত এগৰাকী মহিলাৰ পৰা এটা ফোন আহিছিল। মহিলাগৰাকীয়ে যিয়ে নিজকে মৰবি এলেকাৰ  ৰিয়া শৰ্মা বুলি পৰিচয় দিছিল। 

মহিলাগৰাকীয়ে ব্যৱসায়ীজনক  ভিডিঅ' কলৰ সময়ত কাপোৰ খুলিবলৈ বাধ্য  কৰিছিল। তাৰ পিছতে মহিসাগৰাকীয়ে  হঠাতে কলটো কাটি দিছিল  আৰু ভুক্তভোগীজনক ৫০,০০০ টকা দাবী কৰিছিল। সেই ধন আদায় নিদিলে ব্যৱসায়ীজনৰ  নগ্ন ভিডিঅ' ক্লিপটো বিয়পাই দিয়া হ’ব বুলি ভাবুকি দিছিল। ফলত ব্যৱসায়ী জনে ৫০ হাজাৰ টকা আদায় দিছিল। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে "কিছুদিন পিছত ভুক্তভোগীজনে  আন এজন ব্যক্তিৰ পৰা ফোন পাইছিল, যিয়ে নিজকে  দিল্লী আৰক্ষীৰ পৰিদৰ্শক গুড্ডু শৰ্মা বুলি পৰিচয় দিছিল। ভিডিঅ' ক্লিপটো তেওঁৰলগত আছে বুলি দাবী কৰি তেওঁ ৩ লাখ টকা লোকজনৰ পৰা আদায় কৰিছিল। একে বছৰৰে ১৪ আগষ্টতনিজকে দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ কৰ্মচাৰী হিচাপে পৰিচয় দিয়া আন এজন ব্যক্তিয়ে মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি দাবী কৰি ৮০.৯৭ লাখ টকা  ব্যৱসায়ীজনৰ পৰা আদায় কৰি লয়। 

পিছত ব্যৱসায়ীজনে চিবিআইৰ এজন ভুৱা বিষয়াৰ পৰা ফোন পাইছিল । যিয়ে মহিলাগৰাকীৰ মাতৃয়ে কেন্দ্ৰীয় তদন্ত সংস্থাৰ কাষ চাপিছে  বুলি দাবী কৰি  গোচৰটো নিষ্পত্তি কৰিবলৈ ৮.৫ লাখ টকা বিচাৰিছিল। ভয়তে ব্যৱসায়ী জনে সেই ধনো আদায় দিয়ে। এনেদৰে ২.৬৯ কোটি টকা আদায় দি হতাশ হৈ পৰা ব্যৱসায়ী জনে শেষত সাহস গোটাই আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ তদন্তত ওলাই পৰে যে ব্যৱসায়ী জনক এটা চক্ৰই ব্লেকমেইলিং কৰি আহিছে। 

এই বছৰৰ ১০ জানুৱাৰীত চাইবাৰ অপৰাধ শাখাৰ আৰক্ষী থানাই  ১১ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ লিপিবদ্ধ কৰে। এজাহাৰত  ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৮৭ (ধন দাবী), ১৭০ (ৰাজহুৱা কৰ্মচাৰী হিচাপে ছদ্মবেশ), ৪৬৫ (জালিয়াতি) ৪২০ (প্ৰৱঞ্চনা), আৰু ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । এই গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু তদন্ত চলি আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement