--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন ভিডিঅ’ টেপৰ দ্বাৰা দুষ্ট চক্ৰই বহতকে ফান্দত পেলাই ধন লুটি আহিছে। শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে গুজৰাটত। যৌন ভিডিঅ’ টেপ চক্ৰৰ ফান্দত পৰি গুজৰাটৰ ব্যৱসায়ী এজনে ২.৬৯ কোটি টকা হেৰুওৱাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।

আৰক্ষী প্ৰকাশ কৰা অনুসৰি এক নৱীকৰণযোগ্য শক্তি প্ৰতিষ্ঠানৰ মালিক  সেই  ভুক্তভোগী ব্যৱসায়ীজনলৈ  যোৱা বছৰৰ ৮ আগষ্টত এগৰাকী মহিলাৰ পৰা এটা ফোন আহিছিল। মহিলাগৰাকীয়ে যিয়ে নিজকে মৰবি এলেকাৰ  ৰিয়া শৰ্মা বুলি পৰিচয় দিছিল। 

মহিলাগৰাকীয়ে ব্যৱসায়ীজনক  ভিডিঅ' কলৰ সময়ত কাপোৰ খুলিবলৈ বাধ্য  কৰিছিল। তাৰ পিছতে মহিসাগৰাকীয়ে  হঠাতে কলটো কাটি দিছিল  আৰু ভুক্তভোগীজনক ৫০,০০০ টকা দাবী কৰিছিল। সেই ধন আদায় নিদিলে ব্যৱসায়ীজনৰ  নগ্ন ভিডিঅ' ক্লিপটো বিয়পাই দিয়া হ’ব বুলি ভাবুকি দিছিল। ফলত ব্যৱসায়ী জনে ৫০ হাজাৰ টকা আদায় দিছিল। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে "কিছুদিন পিছত ভুক্তভোগীজনে  আন এজন ব্যক্তিৰ পৰা ফোন পাইছিল, যিয়ে নিজকে  দিল্লী আৰক্ষীৰ পৰিদৰ্শক গুড্ডু শৰ্মা বুলি পৰিচয় দিছিল। ভিডিঅ' ক্লিপটো তেওঁৰলগত আছে বুলি দাবী কৰি তেওঁ ৩ লাখ টকা লোকজনৰ পৰা আদায় কৰিছিল। একে বছৰৰে ১৪ আগষ্টতনিজকে দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ কৰ্মচাৰী হিচাপে পৰিচয় দিয়া আন এজন ব্যক্তিয়ে মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি দাবী কৰি ৮০.৯৭ লাখ টকা  ব্যৱসায়ীজনৰ পৰা আদায় কৰি লয়। 

পিছত ব্যৱসায়ীজনে চিবিআইৰ এজন ভুৱা বিষয়াৰ পৰা ফোন পাইছিল । যিয়ে মহিলাগৰাকীৰ মাতৃয়ে কেন্দ্ৰীয় তদন্ত সংস্থাৰ কাষ চাপিছে  বুলি দাবী কৰি  গোচৰটো নিষ্পত্তি কৰিবলৈ ৮.৫ লাখ টকা বিচাৰিছিল। ভয়তে ব্যৱসায়ী জনে সেই ধনো আদায় দিয়ে। এনেদৰে ২.৬৯ কোটি টকা আদায় দি হতাশ হৈ পৰা ব্যৱসায়ী জনে শেষত সাহস গোটাই আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ তদন্তত ওলাই পৰে যে ব্যৱসায়ী জনক এটা চক্ৰই ব্লেকমেইলিং কৰি আহিছে। 

এই বছৰৰ ১০ জানুৱাৰীত চাইবাৰ অপৰাধ শাখাৰ আৰক্ষী থানাই  ১১ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ লিপিবদ্ধ কৰে। এজাহাৰত  ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৮৭ (ধন দাবী), ১৭০ (ৰাজহুৱা কৰ্মচাৰী হিচাপে ছদ্মবেশ), ৪৬৫ (জালিয়াতি) ৪২০ (প্ৰৱঞ্চনা), আৰু ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । এই গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু তদন্ত চলি আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু