--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এগৰাকী চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাই চলিত মাহৰ ৩০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিয়াখন বাতিল কৰিছে। বিয়া বাতিল কৰাৰ কাৰণ জানিলে লাজত আপোনাৰে মূৰ তল হ’ব। কইনাৰ পৰিয়ালে যৌতুক হিচাপে ফৰ্চুনাৰ গাড়ী এখন দিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰবক্তা দৰাই বিয়া বাতিল কৰিছে। কইনাৰ পৰিয়ালে ৱেগেনাৰ গাড়ী এখন বুকিং কৰিছিল, কিন্তু দৰাৰ তাত মন নভৰিল। ৱেগেনাৰ গাড়ী দিব বুলি গম পাই প্ৰবক্তাজনে খং কৰি মোবাইলৰ পৰা ছোৱালীজনীলৈ মেছেজ দি বিয়া ভঙাৰ কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াত এই খবৰটো বনজুইৰ দৰে ভাইৰেল হৈ পৰিল। লগে লগে বিষয়টো উত্তৰ প্ৰদেশৰ হাই-টেক গাজিয়াবাদ আৰক্ষীৰ ওচৰ পায়গৈ আৰু যৌতুকৰ বাবে বিবাহ ভংগ কৰা প্ৰবক্তাজনৰ বিৰুদ্ধে যৌতুক ধাৰাত এফআইআৰ দাখিল কৰিবলৈও কোনো সময় নল’লে আৰক্ষীয়ে।

প্ৰবক্তাগৰাকীৰ ঘৰ গাজিয়াবাদৰ বিজয় নগৰৰ সিদ্ধাৰ্থ বিহাৰত। ২০২২ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে দৰা-কইনাৰ পৰিয়াল দুয়োটাৰে সাক্ষাৎ হয়, তাৰ পিছত ২০২২ চনৰ ১৯ ​​জুনত বাগদান অনুষ্ঠান অনুষ্ঠিত হয়। দীঘলীয়া আলোচনাৰ পাছত দুয়োটা পৰিয়ালে ২০২৩ চনৰ ৩০ জানুৱাৰীত বিবাহৰ সহমতত উপনীত হয়। ২০২২ চনৰ ১০ অক্টোবৰত মহিলাগৰাকীৰ পৰিয়ালে দৰাৰ বাবে উপহাৰ হিচাপে এখন ৱেগেনাৰ বুকিং কৰে। ইয়াৰ পিছত দৰা পৰিয়ালৰ এজন সদস্যই কইনাৰ ঘৰলৈ আহি ৱেগেনাৰৰ সলনি ফৰ্চুনাৰ দাবী কৰে। অৱশ্যে কইনাৰ পৰিয়ালে নাকচ কৰে তেওঁৰ দাবী। ইয়াৰ পিছত কইনাৰ পিতৃয়ে লিখা এফআইআৰ অনুসৰি যোৱা ২৩ নৱেম্বৰত যৌতুকৰ লোভত প্ৰবক্তাগৰাকীয়ে বিবাহ ভাঙি পেলায়।

আৰক্ষীয়ে জনোৱা মতে, চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই) আৰু যৌতুক আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে দেশৰ চুকে-কোণে যৌতুকৰ গোচৰ আহিয়েই থাকে। যৌতুকৰ বাবেই কিমান ছোৱালীৰ প্ৰাণহানি হৈছে তাৰ কোনো হিচাপ নাই। যৌতুক ব্যৱস্থা নামৰ এই সামাজিক ব্যাধিক কঠোৰ আইন প্ৰণয়ন কৰিও সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু