--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এগৰাকী চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাই চলিত মাহৰ ৩০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিয়াখন বাতিল কৰিছে। বিয়া বাতিল কৰাৰ কাৰণ জানিলে লাজত আপোনাৰে মূৰ তল হ’ব। কইনাৰ পৰিয়ালে যৌতুক হিচাপে ফৰ্চুনাৰ গাড়ী এখন দিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰবক্তা দৰাই বিয়া বাতিল কৰিছে। কইনাৰ পৰিয়ালে ৱেগেনাৰ গাড়ী এখন বুকিং কৰিছিল, কিন্তু দৰাৰ তাত মন নভৰিল। ৱেগেনাৰ গাড়ী দিব বুলি গম পাই প্ৰবক্তাজনে খং কৰি মোবাইলৰ পৰা ছোৱালীজনীলৈ মেছেজ দি বিয়া ভঙাৰ কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াত এই খবৰটো বনজুইৰ দৰে ভাইৰেল হৈ পৰিল। লগে লগে বিষয়টো উত্তৰ প্ৰদেশৰ হাই-টেক গাজিয়াবাদ আৰক্ষীৰ ওচৰ পায়গৈ আৰু যৌতুকৰ বাবে বিবাহ ভংগ কৰা প্ৰবক্তাজনৰ বিৰুদ্ধে যৌতুক ধাৰাত এফআইআৰ দাখিল কৰিবলৈও কোনো সময় নল’লে আৰক্ষীয়ে।

প্ৰবক্তাগৰাকীৰ ঘৰ গাজিয়াবাদৰ বিজয় নগৰৰ সিদ্ধাৰ্থ বিহাৰত। ২০২২ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে দৰা-কইনাৰ পৰিয়াল দুয়োটাৰে সাক্ষাৎ হয়, তাৰ পিছত ২০২২ চনৰ ১৯ ​​জুনত বাগদান অনুষ্ঠান অনুষ্ঠিত হয়। দীঘলীয়া আলোচনাৰ পাছত দুয়োটা পৰিয়ালে ২০২৩ চনৰ ৩০ জানুৱাৰীত বিবাহৰ সহমতত উপনীত হয়। ২০২২ চনৰ ১০ অক্টোবৰত মহিলাগৰাকীৰ পৰিয়ালে দৰাৰ বাবে উপহাৰ হিচাপে এখন ৱেগেনাৰ বুকিং কৰে। ইয়াৰ পিছত দৰা পৰিয়ালৰ এজন সদস্যই কইনাৰ ঘৰলৈ আহি ৱেগেনাৰৰ সলনি ফৰ্চুনাৰ দাবী কৰে। অৱশ্যে কইনাৰ পৰিয়ালে নাকচ কৰে তেওঁৰ দাবী। ইয়াৰ পিছত কইনাৰ পিতৃয়ে লিখা এফআইআৰ অনুসৰি যোৱা ২৩ নৱেম্বৰত যৌতুকৰ লোভত প্ৰবক্তাগৰাকীয়ে বিবাহ ভাঙি পেলায়।

আৰক্ষীয়ে জনোৱা মতে, চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই) আৰু যৌতুক আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে দেশৰ চুকে-কোণে যৌতুকৰ গোচৰ আহিয়েই থাকে। যৌতুকৰ বাবেই কিমান ছোৱালীৰ প্ৰাণহানি হৈছে তাৰ কোনো হিচাপ নাই। যৌতুক ব্যৱস্থা নামৰ এই সামাজিক ব্যাধিক কঠোৰ আইন প্ৰণয়ন কৰিও সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক