--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আইনুলে অসমৰ জাতীয় সংগীত গছৰ পাতত লিখি ব্যতিক্রমী কৰ্মৰে অসম বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰি থৈছে।

ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ মুগকুছি গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা শংকৰ-আজান পুথিভঁৰালৰ পৰিচালক আইনুল হকে ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আইনুলে অসমীয়াৰ স্বাভিমান গামোচাত নিজে ৰচনা কৰা ১১টাকৈ কবিতা লিখি ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। আইনুলৰ এনে সাফল্যত বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষে শুভেচ্ছা জ্ঞাপন কৰে।


জানিব পৰা মতে, আইনুলে অসমৰ জাতীয় সংগীত গছৰ পাতত লিখি ব্যতিক্রমী কৰ্মৰে অসম বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰি থৈছে। জিজ্ঞাসা মানুহৰ মনত উদয় হোৱা এক ধনাত্মক শক্তি। যি শক্তিয়ে মানুহক ইচ্ছাৰ সৈতে আগুৱাই যোৱাত অৰিহণা যোগায়। মানুহৰ মনৰ মাজত অনৱৰতে জাগি থকা ইচ্ছা, স্পৃহা, বাঞ্ছা, সপোন আদিৰ বাবে এগৰাকী ব্যক্তি আন এগৰাকী ব্যক্তিৰ পৰা পৃথক হোৱাই নহয়, ই ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰ অলংকাৰো হৈ পৰে।


স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ পাছত আইনুলে অবাবত সময় নষ্ট নকৰি ওচৰ-চুবুৰীয়াৰ কণ কণ ল'ৰা-ছোৱালীক পাঠদান কৰিবলৈ লয়। চহৰৰ দুখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পাঠদান কৰাৰ উপৰি ঘৰুৱা শিক্ষকৰ দায়িত্বও পালন কৰে। অতি কৰ্মস্পৃহা, উচ্ছুক মনৰ অধিকাৰী, দূৰদৰ্শী আইনুল হকে নিজৰ সামান্য উপাৰ্জনেৰে সুপৰিকল্পিতভাৱে, একক প্ৰচেষ্টাৰে নিজ গৃহৰ সন্মুখত সৰুকৈ ঘৰ সাজি শংকৰ-আজান নামেৰে পুথিভঁৰালৰ জন্ম দিয়ে। পুথিভঁৰাললৈ অহা ল'ৰা-ছোৱালীবোৰক পঢ়াৰ সুবিধা দিয়াৰ লগতে নিজেও পঢ়ায়। তেওঁৰ এই সহায় দেখি চুবুৰিৰ সকলো সৰু ল'ৰা-ছোৱালী পাঠ পঢ়িবলৈ পুথিভঁৰালত উপস্থিত হয়। আইনুল হকে শিক্ষকতাৰ ধন পুথিভঁৰালৰ হকে খৰচ কৰি সমাজত উদাৰ মনৰ পৰিচয় দাঙি ধৰিছে। শংকৰ-আজানৰ স্বত্বাধিকাৰী আইনুলৰ সমাজত এটা সুকীয়া পৰিচয় আছে। কঁঠাল গছৰ পাতত বিভিন্নজনৰ নাম লিখি ইতিমধ্যে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।


তদুপৰি তেওঁ হাতে লিখি বহুকেইখন কবিতা পুথি প্ৰণয়ন কৰি উলিয়াইছে আৰু হাতে লিখা আলোচনীও প্রস্তুত কৰি ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ সুবিধা কৰি দিছে। বর্তমান সময়ত নিবনুৱা যুৱক-যুৱতীৰ কিছুসংখ্যকে চাকৰি নোপোৱাৰ দুখত, চিন্তাত নিচাযুক্ত দ্রব্যক আঁকোৱালি লোৱাৰ বিপৰীতে কমসংখ্যকে নিজক সমাজৰ আগত চিনাকি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজত আইনুল হক নিঃসন্দেহে এজন। নলবাৰীৰ আইনুল বৰ্তমান নলবাৰীবাসীৰ লগতে ৰাজ্যবাসীৰ মাজত চিনাকি হৈ উঠিছে। বাবুল আলী আৰু মীনা বেগমৰ কনিষ্ঠ পুত্ৰ আইনুল হক নলবাৰী জিলাৰ এতিয়া এগৰাকী অতি নিষ্ঠাৱান জনপ্রিয় ব্যক্তি হিচাপে পৰিচিত হৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ