ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ মুগকুছি গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা শংকৰ-আজান পুথিভঁৰালৰ পৰিচালক আইনুল হকে ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আইনুলে অসমীয়াৰ স্বাভিমান গামোচাত নিজে ৰচনা কৰা ১১টাকৈ কবিতা লিখি ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। আইনুলৰ এনে সাফল্যত বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষে শুভেচ্ছা জ্ঞাপন কৰে।
জানিব পৰা মতে, আইনুলে অসমৰ জাতীয় সংগীত গছৰ পাতত লিখি ব্যতিক্রমী কৰ্মৰে অসম বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰি থৈছে। জিজ্ঞাসা মানুহৰ মনত উদয় হোৱা এক ধনাত্মক শক্তি। যি শক্তিয়ে মানুহক ইচ্ছাৰ সৈতে আগুৱাই যোৱাত অৰিহণা যোগায়। মানুহৰ মনৰ মাজত অনৱৰতে জাগি থকা ইচ্ছা, স্পৃহা, বাঞ্ছা, সপোন আদিৰ বাবে এগৰাকী ব্যক্তি আন এগৰাকী ব্যক্তিৰ পৰা পৃথক হোৱাই নহয়, ই ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰ অলংকাৰো হৈ পৰে।
স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ পাছত আইনুলে অবাবত সময় নষ্ট নকৰি ওচৰ-চুবুৰীয়াৰ কণ কণ ল'ৰা-ছোৱালীক পাঠদান কৰিবলৈ লয়। চহৰৰ দুখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পাঠদান কৰাৰ উপৰি ঘৰুৱা শিক্ষকৰ দায়িত্বও পালন কৰে। অতি কৰ্মস্পৃহা, উচ্ছুক মনৰ অধিকাৰী, দূৰদৰ্শী আইনুল হকে নিজৰ সামান্য উপাৰ্জনেৰে সুপৰিকল্পিতভাৱে, একক প্ৰচেষ্টাৰে নিজ গৃহৰ সন্মুখত সৰুকৈ ঘৰ সাজি শংকৰ-আজান নামেৰে পুথিভঁৰালৰ জন্ম দিয়ে। পুথিভঁৰাললৈ অহা ল'ৰা-ছোৱালীবোৰক পঢ়াৰ সুবিধা দিয়াৰ লগতে নিজেও পঢ়ায়। তেওঁৰ এই সহায় দেখি চুবুৰিৰ সকলো সৰু ল'ৰা-ছোৱালী পাঠ পঢ়িবলৈ পুথিভঁৰালত উপস্থিত হয়। আইনুল হকে শিক্ষকতাৰ ধন পুথিভঁৰালৰ হকে খৰচ কৰি সমাজত উদাৰ মনৰ পৰিচয় দাঙি ধৰিছে। শংকৰ-আজানৰ স্বত্বাধিকাৰী আইনুলৰ সমাজত এটা সুকীয়া পৰিচয় আছে। কঁঠাল গছৰ পাতত বিভিন্নজনৰ নাম লিখি ইতিমধ্যে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
তদুপৰি তেওঁ হাতে লিখি বহুকেইখন কবিতা পুথি প্ৰণয়ন কৰি উলিয়াইছে আৰু হাতে লিখা আলোচনীও প্রস্তুত কৰি ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ সুবিধা কৰি দিছে। বর্তমান সময়ত নিবনুৱা যুৱক-যুৱতীৰ কিছুসংখ্যকে চাকৰি নোপোৱাৰ দুখত, চিন্তাত নিচাযুক্ত দ্রব্যক আঁকোৱালি লোৱাৰ বিপৰীতে কমসংখ্যকে নিজক সমাজৰ আগত চিনাকি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজত আইনুল হক নিঃসন্দেহে এজন। নলবাৰীৰ আইনুল বৰ্তমান নলবাৰীবাসীৰ লগতে ৰাজ্যবাসীৰ মাজত চিনাকি হৈ উঠিছে। বাবুল আলী আৰু মীনা বেগমৰ কনিষ্ঠ পুত্ৰ আইনুল হক নলবাৰী জিলাৰ এতিয়া এগৰাকী অতি নিষ্ঠাৱান জনপ্রিয় ব্যক্তি হিচাপে পৰিচিত হৈছে।
উৎস: দৈনিক জনমভূমি