--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ মাজত যুদ্ধ অব্যাহত আছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰাছিয়াৰ ওচৰত বৰ্তমান ৬,৫০০তকৈয়ো অধিক পাৰমাণৱিক অস্ত্ৰ আছে। ইয়াৰ ভিতৰত, যুদ্ধক্ষেত্ৰত ১,৫০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰা হৈছে। দেওবাৰে এক বিবৃতিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ‘মই প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনা প্ৰধানক দেশখনৰ সকলো পাৰমাণৱিক অস্ত্ৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে সাজু ৰাখিবলৈ নিৰ্দেশ দিছো।’ পুটিনৰ বক্তব্যৰ পাছত, আন্তৰ্জাতিক ৰাজনীতিত উদ্বেগ বৃদ্ধি পাইছে। মস্কোৰ ভাণ্ডাৰত সংৰক্ষিত পাৰমাণৱিক অস্ত্ৰসমূহ এতিয়া যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰা পৰিস্থিতি উদ্ভৱ হ’লে হ’বলগীয়া পৰিস্থিতিক লৈ এতিয়া বিভিন্ন মহলত উদ্বেগ বৃদ্ধি পাইছে। ভ্লাদিমীৰ পুটিনৰ শেহতীয়া এই মন্তব্যই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ফলত বিধ্বস্ত হোৱা নাগাচাকিৰ ভয়াৱহতাৰ স্মৃতি জাগ্ৰত কৰে। বিগত কেইদিনমানৰ ভিতৰত দুয়োখন দেশৰ মাজত হোৱা যুঁজত ৪,৩০০তকৈয়ো অধিক ৰাছিয়াৰ সৈন্য নিহত হৈছে বুলি ইউক্ৰেইনৰ দাবী কৰিছে। ইউক্ৰেইনৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰী হান্নান মালিয়াৰে কৈছিল যে বিগত চাৰিদিনৰ যুঁজত ৰাছিয়াৰ সামৰিক বাহিনীয়ে তেওঁলোকৰ ৪,৩০০ সৈন্য হেৰুৱাইছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰা ৰাছিয়াৰ ১৪৬টা সেনা টেংক, ২৭খন যুঁজাৰু বিমান আৰু ২৬খন হেলিকপ্টাৰ ধ্বংস কৰা হৈছে। অৱশ্যে ৰাছিয়াই ইউক্ৰেইনৰ এই দাবীৰ স্বীকাৰ কৰা নাই। শেহতীয়া স্থিতি অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ সৈতে আলোচনা কৰিবলৈ সাজু। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে আগতে পুটিনক আলোচনাত বহিবলৈ আহ্বান জনাইছিল যদিও পুটিনে কোনো সঁহাৰি দিয়া নাছিল বুলি অভিযোগ অনা হৈছে। দেওবাৰে, ৰাছিয়াই দাবী কৰিছিল যে তেওঁলোকে আলোচনা কৰিবলৈ ইচ্ছুক, কিন্তু ইউক্ৰেনে সহযোগিতা আগবঢ়োৱা নাই! দৰাচলতে, ৰাছিয়াই বেলাৰুছত এখন বৈঠক বিচাৰি আছে, অৱশ্যে, ইউক্ৰেইনৰ প্ৰতিনিধিসকলে বেলাৰুছলৈ আহিবলৈ অস্বীকাৰ কৰে। তাকে লৈ এতিয়া দুয়োপক্ষৰ মাজত সমস্যা হৈছে। শেহতীয়াকৈ, ইউক্ৰেইনৰ প্ৰতিনিধিসকলে বেলাৰুছৰ সৈতে সীমান্তত আলোচনা কৰিবলৈ সন্মত হৈছে বুলি খবৰ আহিছে। এনে পৰিস্থিতিত ৰাছিয়া-ইউক্ৰেইনৰ শেহতীয়া স্থিতি আৰু দ্বিপাক্ষিক আলোচনা গুৰুত্বপূৰ্ণ হৈ পৰিছে আন্তৰ্জাতিক প্ৰেক্ষাপটত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে