--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ মাজত যুদ্ধ অব্যাহত আছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰাছিয়াৰ ওচৰত বৰ্তমান ৬,৫০০তকৈয়ো অধিক পাৰমাণৱিক অস্ত্ৰ আছে। ইয়াৰ ভিতৰত, যুদ্ধক্ষেত্ৰত ১,৫০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰা হৈছে। দেওবাৰে এক বিবৃতিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ‘মই প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনা প্ৰধানক দেশখনৰ সকলো পাৰমাণৱিক অস্ত্ৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে সাজু ৰাখিবলৈ নিৰ্দেশ দিছো।’ পুটিনৰ বক্তব্যৰ পাছত, আন্তৰ্জাতিক ৰাজনীতিত উদ্বেগ বৃদ্ধি পাইছে। মস্কোৰ ভাণ্ডাৰত সংৰক্ষিত পাৰমাণৱিক অস্ত্ৰসমূহ এতিয়া যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰা পৰিস্থিতি উদ্ভৱ হ’লে হ’বলগীয়া পৰিস্থিতিক লৈ এতিয়া বিভিন্ন মহলত উদ্বেগ বৃদ্ধি পাইছে। ভ্লাদিমীৰ পুটিনৰ শেহতীয়া এই মন্তব্যই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ফলত বিধ্বস্ত হোৱা নাগাচাকিৰ ভয়াৱহতাৰ স্মৃতি জাগ্ৰত কৰে। বিগত কেইদিনমানৰ ভিতৰত দুয়োখন দেশৰ মাজত হোৱা যুঁজত ৪,৩০০তকৈয়ো অধিক ৰাছিয়াৰ সৈন্য নিহত হৈছে বুলি ইউক্ৰেইনৰ দাবী কৰিছে। ইউক্ৰেইনৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰী হান্নান মালিয়াৰে কৈছিল যে বিগত চাৰিদিনৰ যুঁজত ৰাছিয়াৰ সামৰিক বাহিনীয়ে তেওঁলোকৰ ৪,৩০০ সৈন্য হেৰুৱাইছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰা ৰাছিয়াৰ ১৪৬টা সেনা টেংক, ২৭খন যুঁজাৰু বিমান আৰু ২৬খন হেলিকপ্টাৰ ধ্বংস কৰা হৈছে। অৱশ্যে ৰাছিয়াই ইউক্ৰেইনৰ এই দাবীৰ স্বীকাৰ কৰা নাই। শেহতীয়া স্থিতি অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ সৈতে আলোচনা কৰিবলৈ সাজু। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে আগতে পুটিনক আলোচনাত বহিবলৈ আহ্বান জনাইছিল যদিও পুটিনে কোনো সঁহাৰি দিয়া নাছিল বুলি অভিযোগ অনা হৈছে। দেওবাৰে, ৰাছিয়াই দাবী কৰিছিল যে তেওঁলোকে আলোচনা কৰিবলৈ ইচ্ছুক, কিন্তু ইউক্ৰেনে সহযোগিতা আগবঢ়োৱা নাই! দৰাচলতে, ৰাছিয়াই বেলাৰুছত এখন বৈঠক বিচাৰি আছে, অৱশ্যে, ইউক্ৰেইনৰ প্ৰতিনিধিসকলে বেলাৰুছলৈ আহিবলৈ অস্বীকাৰ কৰে। তাকে লৈ এতিয়া দুয়োপক্ষৰ মাজত সমস্যা হৈছে। শেহতীয়াকৈ, ইউক্ৰেইনৰ প্ৰতিনিধিসকলে বেলাৰুছৰ সৈতে সীমান্তত আলোচনা কৰিবলৈ সন্মত হৈছে বুলি খবৰ আহিছে। এনে পৰিস্থিতিত ৰাছিয়া-ইউক্ৰেইনৰ শেহতীয়া স্থিতি আৰু দ্বিপাক্ষিক আলোচনা গুৰুত্বপূৰ্ণ হৈ পৰিছে আন্তৰ্জাতিক প্ৰেক্ষাপটত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু