--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্চ মাহটো শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব  নতুন বিত্তীয় বৰ্ষ । নতুন বিত্তীয় বৰ্ষৰ প্ৰছমটো দিন অৰ্থাৎ ১ এপ্ৰিলৰ পৰাই বিভিন্ন ক্ষেত্ৰত হ’ব কেইবাটাও  পৰিৱৰ্তন । হয়, ১ এপ্ৰিল, ২০২৪-ৰ পৰা বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। ইয়াত ক্ৰেডিট কাৰ্ড, ইপিএফঅ'ৰ লগতে আঈন বহু কেইটা বিষয় সাঙোৰ খাই থাকিব।  এই পৰিৱৰ্তনবোৰে নিশ্চিতভাবে সাধাৰণ মানুহৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। ১ এপ্ৰিলৰ পৰা হ'বলগীয়া  এই পৰিৱৰ্তনবোৰৰ বিষয়ে অৱগত হোৱাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ১ এপ্ৰিলৰ পৰা হ'বলগীয়া  পৰিৱৰ্তনবোৰৰ বিষয়ে জানো  আহক।

পেন-আধাৰ লিংক
চৰকাৰে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ সময়সীমা কেইবাবাৰো বৃদ্ধি কৰিছে। বৰ্তমান  আধাৰ- পেন সংযোগ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ ২০২৪ । যদি আপুনি ৩১  মাৰ্চৰ আগতে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক নকৰে  তেন্তে আপোনাৰ পেন কাৰ্ড বাতিল  হ'ব পাৰে। যদি পেন কাৰ্ডখন নিষ্ক্ৰিয় হয়, আপুনি বহু অসুবিধাৰ সন্মুখীন হ’ব পাৰে।  

 ক্ৰেডিট কাৰ্ডৰ নিয়ম
১ এপ্ৰিল, ২০২৪-ৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পিছত ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় নিয়মবোৰো সলনি হ'ব। ইয়াত এছ.বি.আই. ক্ৰেডিট কাৰ্ডৰ নিয়মবোৰ ১  এপ্ৰিল, ২০২৪ ৰ পৰা সলনি হ'ব। নতুন নিয়ম অনুসৰি  ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ভাড়া পৰিশোধৰ ওপৰত পুৰস্কাৰ পইণ্ট আৰু বাহাল নাথাকিব। এই নিয়মটো ১৫ এপ্ৰিল ২০২৪ ৰ পৰা আন বহু  বেংকৰ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব পাৰে।

ইপিএফঅ' নিয়ম

১ এপ্ৰিলৰ পৰা কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (ইপিএফঅ') নিয়মত এক ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়া চাকৰি পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰ্মচাৰীৰ ইপিএফঅ' একাউণ্ট স্বয়ংক্ৰিয়ভাৱে নতুন নিয়োগকৰ্তালৈ স্থানান্তৰ কৰা হ'ব। পূৰ্বে একাউণ্টটো কেৱল একাউণ্ট ধাৰকসকলৰ অনুৰোধত স্থানান্তৰ কৰা হৈছিল।

 
ফাষ্টটেগ কেৱাইচি

এনএইচএআইয়ে জনতাক  ১ এপ্ৰিলৰ আগতে কেৱাইচি আপডেট কৰিবলৈ কৈছে। যদি আপুনি এনে নকৰে  আপোনাৰ ফাষ্টটেগ একাউণ্ট নিষ্ক্ৰিয় কৰা হ'ব। ইয়াৰ পিছত আপোনাৰ একাউণ্টত টকা থাকিলেও আপুনি আপোনাৰ টোল পৰিশোধ কৰিব নোৱাৰিব। এনে পৰিস্থিতিত ১  এপ্ৰিলৰ আগতে কেৱাইচি আপডেট কৰা প্ৰয়োজন।

গেছৰ মূল্য
প্ৰতি মাহৰ প্ৰথম তাৰিখত সমগ্ৰ দেশতে এলপিজি চিলিণ্ডাৰৰ মূল্য সলনি হয়। এনে পৰিস্থিতিত ১  এপ্ৰিলত বাণিজ্যিক আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য সলনি হ'ব পাৰে। অৱশ্যে, লোকসভা নিৰ্বাচনৰ বাবে মূল্য বৃদ্ধিৰ সম্ভাৱনা অতি কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement