--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছত পহিলা এপ্ৰিললৈ ইডিৰ জিম্মাতে থাকিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী৷ তাৰ মাজতে আম আদমি পাৰ্টীয়ে আৰম্ভ কৰিছে কেজৰিৱাল উদ্ধাৰ অভিযান। যাৰ নেতৃত্বত আছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱাল।

আজি সুনীতা কেজৰিৱালে আৰম্ভ কৰিলে ‘কেজৰিৱাল কো আশীৰ্বাদ’ শীৰ্ষক এক বিশেষ কেম্পেইনৰ। যাৰ জৰিয়তে সাধাৰণ ৰাইজক কেজৰিৱালক আশীৰ্বাদ দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে। ৱাটছএপৰ জৰিয়তে অৰৱিন্দ কেজৰিৱালক আশীৰ্বাদ দিবলৈ এক বিশেষ হোৱাটছএপ নম্বৰ জাৰি কৰিলে সুনীতা কেজৰিৱালে৷

ইপিনে কেজৰিৱালৰ বন্দিত্বক লৈ পুনৰবাৰ ইডি আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল আপ নেতৃত্ব। ইডিক বিজেপিৰ ৰাজনৈতিক অস্ত্ৰ বুলি কটাক্ষ কৰিলে দলটোৰ শীৰ্ষ নেতা আতিশী মাৰ্লেনাই। 

আনহাতে কেজৰিৱালক গ্ৰেপ্তাৰক লৈ সৰব হৈ পৰিছে বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ৰ নেতৃত্ব। ৩১ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলীত অংশ লোৱাৰ বাবে জনতাক আহ্বান জনালে ইণ্ডিয়া মৰ্চাই। ইপিনে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত আমেৰিকা আৰু জাৰ্মানীৰ পাছত এইবাৰ সৰব হৈ পৰিছে ৰাষ্ট্রসংঘ। আন্তঃৰাষ্ট্রীয় সংস্থাটোৰ মজিয়াত চৰ্চিত হ’ল কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগ। ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ প্ৰবক্তাই এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি সকলোৰে অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে জনালে আহ্বান। ইতিপূৰ্বে আপ নেতাগৰাকীক গ্ৰেপ্তাৰক লৈ জাৰ্মানী আৰু আমেৰিকাই প্ৰকাশ কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া। যাৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি দুয়োখন ৰাষ্ট্রৰ নতুন দিল্লীস্থ কূটনীতিবিদক তলব কৰিছিল ভাৰতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু