--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছত পহিলা এপ্ৰিললৈ ইডিৰ জিম্মাতে থাকিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী৷ তাৰ মাজতে আম আদমি পাৰ্টীয়ে আৰম্ভ কৰিছে কেজৰিৱাল উদ্ধাৰ অভিযান। যাৰ নেতৃত্বত আছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱাল।

আজি সুনীতা কেজৰিৱালে আৰম্ভ কৰিলে ‘কেজৰিৱাল কো আশীৰ্বাদ’ শীৰ্ষক এক বিশেষ কেম্পেইনৰ। যাৰ জৰিয়তে সাধাৰণ ৰাইজক কেজৰিৱালক আশীৰ্বাদ দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে। ৱাটছএপৰ জৰিয়তে অৰৱিন্দ কেজৰিৱালক আশীৰ্বাদ দিবলৈ এক বিশেষ হোৱাটছএপ নম্বৰ জাৰি কৰিলে সুনীতা কেজৰিৱালে৷

ইপিনে কেজৰিৱালৰ বন্দিত্বক লৈ পুনৰবাৰ ইডি আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল আপ নেতৃত্ব। ইডিক বিজেপিৰ ৰাজনৈতিক অস্ত্ৰ বুলি কটাক্ষ কৰিলে দলটোৰ শীৰ্ষ নেতা আতিশী মাৰ্লেনাই। 

আনহাতে কেজৰিৱালক গ্ৰেপ্তাৰক লৈ সৰব হৈ পৰিছে বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ৰ নেতৃত্ব। ৩১ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলীত অংশ লোৱাৰ বাবে জনতাক আহ্বান জনালে ইণ্ডিয়া মৰ্চাই। ইপিনে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত আমেৰিকা আৰু জাৰ্মানীৰ পাছত এইবাৰ সৰব হৈ পৰিছে ৰাষ্ট্রসংঘ। আন্তঃৰাষ্ট্রীয় সংস্থাটোৰ মজিয়াত চৰ্চিত হ’ল কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগ। ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ প্ৰবক্তাই এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি সকলোৰে অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে জনালে আহ্বান। ইতিপূৰ্বে আপ নেতাগৰাকীক গ্ৰেপ্তাৰক লৈ জাৰ্মানী আৰু আমেৰিকাই প্ৰকাশ কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া। যাৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি দুয়োখন ৰাষ্ট্রৰ নতুন দিল্লীস্থ কূটনীতিবিদক তলব কৰিছিল ভাৰতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ