--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। উত্তৰ প্ৰদেশৰ  মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান এক 'অতিপ্ৰাকৃতিক' অনুষ্ঠান  হ’ব বুলি প্ৰকাশ কৰিছে। সেই দিনটোত  ঐশ্বৰিক শ্ৰী ৰামজন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ 'শৈশৱৰ ৰূপ ' প্ৰকট হৈ পৰিব বুলিও তেওঁ কয়। 

এই অনুষ্ঠানৰ বাবে সতৰ্কতাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও আদিত্যনাথে কয়। তেওঁ শুক্ৰবাৰে অযোধ্যা ভ্ৰমণ কৰে আৰু  স্থানীয় প্ৰশাসনৰ সৈতে অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে আসোচনা কৰে। তেওঁ মন্দিৰৰ স্থানো পৰিদৰ্শন কৰে আৰু প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে।  পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে কেতবোৰ নিৰ্দেশনা দিয়ে। শ্ৰী ৰাম লালাৰ 'শৈশৱৰ ৰূপ' প্ৰকট হোৱাৰ  বহু প্ৰতীক্ষিত অভিষেক অনুষ্ঠানত ভাৰত আৰু বিদেশৰ অতিথিসকল উপস্থিত  থাকিব বুলি যোগীয়ে কয়। । অনুষ্ঠানটোত ভাৰতৰ সকলো ৰাজ্যৰ সাধু, ধৰ্মীয় নেতা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। 

এই উপলক্ষে অংশগ্ৰহণ কৰিবলৈ অহা ভিআইপিসকলৰ নিৰাপত্তাৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।   প্ৰতিজন ভিভিআইপিৰ সৈতে এজন যোগাযোগ বিষয়া নিয়োজিত কৰিব লাগিব বুলিও তেওঁ কয়।  এনে কামত সেইসকল লোকক  নিয়োজিত কৰিব লাগিব  যিসকলে অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মুক্তি যজ্ঞৰ পৌৰাণিক, ঐতিহাসিক আৰু ভৌগোলিক গুৰুত্বৰ সৈতে পৰিচিত। ২২/২৩ জানুৱাৰীৰ পিছত, প্ৰতিদিনে লাখ লাখ ভক্ত অযোধ্যাত উপস্থিত হ'ব বুলিও আদিত্যনাথে কয়। সকলোৱে ৰামলালাক চাবলৈ আগ্ৰহী বুলি উল্লেখ কৰি আদিত্যনাথে কয় যে  ভাৰতৰ সকলো ৰাজ্যৰ পৰাই মানুহ আহিব। 

এনে পৰিস্থিতিত  পৰৱৰ্তী ছমাহৰ বাবে পৰিস্থিতি মূল্যাঙ্কন কৰিব লাগিব আৰু এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব বুলি তেওঁ নিৰ্দেশ দিয়ে। আন্তঃজিলা আৰু আন্তঃৰাজ্যিক আৰক্ষীৰ মাজত  সমন্বয় থাকিব লাগিব বুলি উল্লেখ কৰি আদিত্য নাথে কয় যে  যাতে ভক্তসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই কথাৰ প্ৰতি মন দিব লাগিব।  শ্ৰী ৰাম লাল্লা মূৰ্তিৰ বিশাল সমাৰোহৰ পিছত অহা মাহৰ ১ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ চৰকাৰৰ সকলো মন্ত্ৰীয়ে একেলগে শ্ৰী ৰাম লালাৰ দৰ্শন আৰু পূজা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক