--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুন মাহৰ ১ তাৰিখৰ পৰা সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত নিয়ম, আধাৰ কাৰ্ডৰ নিয়মো  ১ জুনৰ পৰাই সলনি হ’ব, একেদৰে  এল পি জি চিলিণ্ডাৰৰ দামো সংশোধন কৰা হ’ব।  ১ জুনৰ দিনাই দেশত অনুষ্ঠিত হ’ব সাত পৰ্যায়ত চলি থকা লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। এই দিনটোতে বহু নিয়মৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এল পি জি চিলিণ্ডাৰৰ দাম, আধাৰ কাৰ্ডৰ  নিয়ম আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত পৰিৱৰ্তন জুন মাহত দেখা যাব। একে সময়তে আৰ বি আইয়ে প্ৰকাশ কৰা বেংকৰ ছুটীৰ তালিকা অনুসৰি জুন মাহত ১০ দিনৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দেওবাৰ আৰু দ্বিতীয় তথা  চতুৰ্থ শনিবাৰ কেইটাও থাকিব। 

শেহতীয়াকৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে। ২০২৪ চনৰ ১ জুনৰ পৰা আৰ টি অ’ৰ সলনি ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত ড্ৰাইভিং টেষ্ট দিব পাৰিব। এই কেন্দ্ৰসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমোদিত হ’ব।পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভাৰতত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে নতুন নিয়ম ঘোষণা কৰিছে। এতিয়া ১ জুন ২০২৪-ৰ পৰা  মানুহে চৰকাৰী আঞ্চলিক পৰিবহন কাৰ্যালয়ৰ (আৰটিঅ') সলনি ব্যক্তিগত ড্ৰাইভিং বিদ্যালয়ত তেওঁলোকৰ ড্ৰাইভিং পৰীক্ষা দিব পাৰিব। এই ব্যক্তিগত বিদ্যালয়সমূহক ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰয়োজনীয় পৰীক্ষা দিবলৈ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ অনুমতি দিয়া হ'ব।

 ১ জুন ২০২৪-ৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব। চৰকাৰে লগতে ৯ লাখ খন  পুৰণি চৰকাৰী বাহন পথৰ পৰা আঁতৰাই প্ৰদূষণ হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছে। নতুন নিয়ম অনুসৰি  যদি কোনো নাবালকে গাড়ী চলাই ধৰা পৰে  তেন্তে তেওঁৰ অভিভাৱকে  ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব । লগতে বাহনৰ গৰাকীৰ পঞ্জীয়ন বাতিল কৰা হ'ব আৰু নাবালকজনে ২৫  বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব। 
  
নতুন নিয়ম অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত কমেও ১ একৰ মাটি থাকিব লাগে। যদি তেনে কেন্দ্ৰই চাৰিচকীয়া বাহনৰ বাবে প্ৰশিক্ষণ দিয়ে, তেন্তে দুই একৰ মাটিৰ থাকিব লাগিব। ড্ৰাইভিং স্কুলবোৰত সঠিক পৰীক্ষাৰ সুবিধা থাকিব লাগিব। প্ৰশিক্ষকসকলৰ বায়োমেট্ৰিক আৰু আইটি প্ৰণালীৰ জ্ঞান থকাৰ লগতে কমেও পাঁচ বছৰৰ ড্ৰাইভিং অভিজ্ঞতাৰ ডিপ্লোমা থাকিব লাগিব।

একে সময়তে দ্ৰুতবেগী গাড়ীৰ জৰিমনা ১০০০ৰ পৰা ২০০০ ₹ৰ ভিতৰত হ’ব। কিন্তু যদি কোনো নাবালক গাড়ী চলাই ধৰা পৰে তেন্তে তেওঁ ২৫ হাজাৰ টকাৰ  জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও বাহনৰ মালিকৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু নাবালকজন ২৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য হৈ পৰিব।

লগতে ১৪ জুনলৈকে আপুনি বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। আপুনি নিজেই আধাৰ কাৰ্ড অনলাইন আপডেট কৰিব পাৰে তেন্তে সেয়া বিনামূলীয়াকৈ কৰিব পাৰিব। কিন্তু যদি আপুনি অফলাইন কৰিবলৈ বিচাৰে  তেন্তে প্ৰতিটো আপডেটৰ বাবে আপুনি ৫০ টকা ভৰিব  লাগিব।

প্ৰতি মাহৰ ১ তাৰিখে এল পি জি চিলিণ্ডাৰৰ দাম সংশোধন কৰা হয়। ১ জুনতো তেল কোম্পানীসমূহে গেছ চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰিব। মে’ মাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল আৰু জুন মাহত তেনে চিলিণ্ডাৰৰ দাম  পুনৰ  মূল্য হ্ৰাস কৰিব পাৰে বুলি অনুমান কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ