--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুন মাহৰ ১ তাৰিখৰ পৰা সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত নিয়ম, আধাৰ কাৰ্ডৰ নিয়মো  ১ জুনৰ পৰাই সলনি হ’ব, একেদৰে  এল পি জি চিলিণ্ডাৰৰ দামো সংশোধন কৰা হ’ব।  ১ জুনৰ দিনাই দেশত অনুষ্ঠিত হ’ব সাত পৰ্যায়ত চলি থকা লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। এই দিনটোতে বহু নিয়মৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এল পি জি চিলিণ্ডাৰৰ দাম, আধাৰ কাৰ্ডৰ  নিয়ম আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত পৰিৱৰ্তন জুন মাহত দেখা যাব। একে সময়তে আৰ বি আইয়ে প্ৰকাশ কৰা বেংকৰ ছুটীৰ তালিকা অনুসৰি জুন মাহত ১০ দিনৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দেওবাৰ আৰু দ্বিতীয় তথা  চতুৰ্থ শনিবাৰ কেইটাও থাকিব। 

শেহতীয়াকৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে। ২০২৪ চনৰ ১ জুনৰ পৰা আৰ টি অ’ৰ সলনি ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত ড্ৰাইভিং টেষ্ট দিব পাৰিব। এই কেন্দ্ৰসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমোদিত হ’ব।পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভাৰতত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে নতুন নিয়ম ঘোষণা কৰিছে। এতিয়া ১ জুন ২০২৪-ৰ পৰা  মানুহে চৰকাৰী আঞ্চলিক পৰিবহন কাৰ্যালয়ৰ (আৰটিঅ') সলনি ব্যক্তিগত ড্ৰাইভিং বিদ্যালয়ত তেওঁলোকৰ ড্ৰাইভিং পৰীক্ষা দিব পাৰিব। এই ব্যক্তিগত বিদ্যালয়সমূহক ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰয়োজনীয় পৰীক্ষা দিবলৈ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ অনুমতি দিয়া হ'ব।

 ১ জুন ২০২৪-ৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব। চৰকাৰে লগতে ৯ লাখ খন  পুৰণি চৰকাৰী বাহন পথৰ পৰা আঁতৰাই প্ৰদূষণ হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছে। নতুন নিয়ম অনুসৰি  যদি কোনো নাবালকে গাড়ী চলাই ধৰা পৰে  তেন্তে তেওঁৰ অভিভাৱকে  ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব । লগতে বাহনৰ গৰাকীৰ পঞ্জীয়ন বাতিল কৰা হ'ব আৰু নাবালকজনে ২৫  বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব। 
  
নতুন নিয়ম অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত কমেও ১ একৰ মাটি থাকিব লাগে। যদি তেনে কেন্দ্ৰই চাৰিচকীয়া বাহনৰ বাবে প্ৰশিক্ষণ দিয়ে, তেন্তে দুই একৰ মাটিৰ থাকিব লাগিব। ড্ৰাইভিং স্কুলবোৰত সঠিক পৰীক্ষাৰ সুবিধা থাকিব লাগিব। প্ৰশিক্ষকসকলৰ বায়োমেট্ৰিক আৰু আইটি প্ৰণালীৰ জ্ঞান থকাৰ লগতে কমেও পাঁচ বছৰৰ ড্ৰাইভিং অভিজ্ঞতাৰ ডিপ্লোমা থাকিব লাগিব।

একে সময়তে দ্ৰুতবেগী গাড়ীৰ জৰিমনা ১০০০ৰ পৰা ২০০০ ₹ৰ ভিতৰত হ’ব। কিন্তু যদি কোনো নাবালক গাড়ী চলাই ধৰা পৰে তেন্তে তেওঁ ২৫ হাজাৰ টকাৰ  জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও বাহনৰ মালিকৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু নাবালকজন ২৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য হৈ পৰিব।

লগতে ১৪ জুনলৈকে আপুনি বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। আপুনি নিজেই আধাৰ কাৰ্ড অনলাইন আপডেট কৰিব পাৰে তেন্তে সেয়া বিনামূলীয়াকৈ কৰিব পাৰিব। কিন্তু যদি আপুনি অফলাইন কৰিবলৈ বিচাৰে  তেন্তে প্ৰতিটো আপডেটৰ বাবে আপুনি ৫০ টকা ভৰিব  লাগিব।

প্ৰতি মাহৰ ১ তাৰিখে এল পি জি চিলিণ্ডাৰৰ দাম সংশোধন কৰা হয়। ১ জুনতো তেল কোম্পানীসমূহে গেছ চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰিব। মে’ মাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল আৰু জুন মাহত তেনে চিলিণ্ডাৰৰ দাম  পুনৰ  মূল্য হ্ৰাস কৰিব পাৰে বুলি অনুমান কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান
ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্রীড়া বঁটাৰ ট্ৰফী উন্মোচন
দেশৰ আটাইতকৈ কর্মদক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ; ইণ্ডিয়া টুডে-চি ভোটাৰৰ 'মুড অব দ্য নেশ্যন' সমীক্ষা