--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ তাপমাত্ৰা প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ হৈছে। ৰাজধানী চহৰ খনত তাপমাত্ৰাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এনে সময়তে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (আই এম ডি) মাহেকীয়া পূৰ্বাভাসত ভৱিষ্যদ্বাণী কৰিছে যে জুন মাহত সমগ্ৰ উত্তৰ ভাৰতত তীব্ৰ গ্ৰীষ্ম প্ৰবাহ হ’ব।  জুন মাহত  স্বাভাৱিকতকৈ অধিক সৰ্বোচ্চ উষ্ণতাই চুই যাব  ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা-চণ্ডীগড়-দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্য। , মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশতো গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিব। একেদৰে বংগ, অসমতো গৰমৰ তীব্ৰতা বৃদ্ধি  পাব। সোমবাৰে ফালোডী (পশ্চিম ৰাজস্থান)ত  সৰ্বোচ্চ সৰ্বোচ্চ উষ্ণতা ৪৯.৪ ডিগ্ৰী চেলছিয়াছ হৈছিল।

২০১৯ চনৰ ১ জুন তাৰিখৰ পিছত দেশৰ ভিতৰতে এয়া সৰ্বোচ্চ উষ্ণতা আছিল। এতিয়া দিল্লীত ঠায়ে ঠায়ে তাপমাত্ৰা ৪৯.৯ ডিগ্ৰী হৈছে।  বতৰ বিজ্ঞান বিভাগৰ  মতে   জুন মাহৰ পৰা ছেপ্টেম্বৰলৈকে সামগ্ৰিকভাৱে দেশজুৰি স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা বেছি। “দক্ষিণ-পশ্চিম বাৰিষাৰ ঋতুভিত্তিক (জুনৰ পৰা ছেপ্টেম্বৰলৈ) বৰষুণৰ সম্ভাৱনা মধ্য ভাৰত আৰু দক্ষিণ উপদ্বীপ ভাৰতৰ ওপৰত স্বাভাৱিকতকৈ অধিক, উত্তৰ-পশ্চিম ভাৰতৰ ওপৰত স্বাভাৱিক, আৰু উত্তৰ-পূব ভাৰতত স্বাভাৱিকতকৈ কম হোৱাৰ সম্ভাৱনা বেছি।’ উত্তৰ-পশ্চিম ভাৰতৰ উত্তৰ অংশ, উত্তৰ-পূব ভাৰতৰ বহু অঞ্চল আৰু মধ্য ভাৰতৰ পূব অংশ আৰু পূব ভাৰতৰ কাষৰীয়া অঞ্চলৰ বাহিৰে দেশৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা বেছি আছে।  উত্তৰ-পূব ভাৰতত বৰশুণ কম হোৱাৰ লগতে গৰমৰ তীব্ৰতাও বৃদ্ধি পাব। 
বিজ্ঞানীসকলে আশংকা কৰি আহিছে যে তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিব ভাৰতক।  বিশ্বই যোৱা কেইটামান দশক ধৰি গোলকীয় উষ্ণতাৰ আটাইতকৈ ভয়ংকৰ  ৰূপৰ সাক্ষী হ’বলগীয়া হৈছে। শক্তিশালী  ঘূৰ্ণীবতাহ, বানপানী, বৰফৰ গলন, খৰাঙৰ সন্মুখীন হৈছে বিশ্বৰ মানৱ। এক শেহতীয়া প্ৰতিবেদনত পৰিৱেশ বিজ্ঞানীসকলে কৈছে  যে অহা কেইটামান দশকত ভাৰতৰ বহু ঠাইক  তীব্ৰ গ্ৰীষ্ম প্ৰবাহে চুই যাব। 

প্ৰতিবেদনত দাবী কৰা হৈছে যে তাপমাত্ৰাই প্ৰাণীৰ  সহনশীলতাৰ স্তৰ অতিক্ৰম কৰিব। ভাৰত আৰু পাকিস্তানৰ  প্ৰায় ২২০ কোটি  লোক এই গ্ৰীষ্ম প্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। পশ্চিমীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে যুগুত কৰা প্ৰতিবেদন অনুসৰি মানৱ শৰীৰে কেৱল এক নিৰ্দিষ্ট তাপ সহ্য কৰিব পাৰে। পৰৱৰ্তী কেইটামান দশকত বতৰৰ আমূল পৰিৱৰ্তন হ'ব। তাপমাত্ৰাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যিটো মানৱ শৰীৰৰ সহনশীলতাৰ বাহিৰত হ’ব। ফলস্বৰূপে  হিট  ষ্ট্ৰোক আৰু হৃদ ৰোগৰ আক্ৰমণ অভাৱনীয়ভাবে বৃদ্ধি  পাব । ইয়াৰ উপৰি  বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।

ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলত খৰাং হ'ব। বিজ্ঞানীসকলে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে দুৰ্যোগ নামি আহিব।  নগৰীয়া সভ্যতাই সৃষ্টি কৰা  প্ৰদূষণ, গছ-গছনিৰ অবাধ ধ্বংস,   অত্যধিক তেজস্ক্ৰিয় পদাৰ্থৰ বিকিৰণে তাপ প্ৰবাহ বৃদ্ধি কৰিব।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে এল নিনো  ২০২৪ চনত পুনৰ হোৱাৰ আশংকা আছে। সামগ্ৰিকভাৱে  উষ্ণতা কল্পনাৰ বাহিৰলৈ গুচি যাব। মাটি ফাটি যাব, পুখুৰী-নদী-নলা শুকাই যাব। পৃথিৱীৰ এটা ডাঙৰ অংশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।


বিজ্ঞানীসকলৰ মতে, প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া  চিলি আৰু পেৰুৰ উপকূলত আৰু মহাসাগৰৰ কেন্দ্ৰীয় অংশত সৃষ্টি হোৱা 'এলনিনো 'য়ে ভাৰতৰ বৰ্ষা ঋতুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব পাৰে। তেনে ক্ষেত্ৰত মানুহৰ বাবে তাপ প্ৰবাহৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিব। যদি বিশ্বৰ গড় তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে, তেন্তে ভাৰত, পাকিস্তান আৰু চীনত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ  হ'ব পাৰে। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি   লোক এই তাপ প্ৰবাহৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement