--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাছিৰুদ্দিন শ্বাহে শেহতীয়াকৈ নানান বিষয়ত মন্তব্য কৰি আহিছে৷ শেহতীয়াকৈ তেওঁ চিনেমা হলৰ ভৱিষ্যতকলৈ আশংকা ব্যক্ত কৰিছে৷  হিন্দী ছবিৰ বিষয়ে মন্তব্য কৰি অভিনেতাজনে স্পষ্ট কৰি দিয়ে  দক্ষিণৰ ছবি উদ্যোগৰ পৰা শিকিবলগীয়া বহু খিনি আছে৷  অভিনেতাজনে অনুভৱ কৰে যে দক্ষিণৰ চলচ্চিত্ৰসমূহে বেছিভাগ হিন্দী চলচ্চিত্ৰতকৈ ভাল কাম কৰি আছে।

তেওঁৰ মতে দক্ষিণৰ চলচ্চিত্ৰ অভিনেতাসকলে উদ্যোগটোত তেওঁলোকৰ অভিনৱ প্ৰতিভা  প্ৰদৰ্শন কৰাৰ সুযোগ পায়। সেইকাৰণে তেওঁলোকে ধাৰাবাহিকভাৱে সফল হৈছে। নাছিৰুদ্দিনে দক্ষিণৰ চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলকো প্ৰশংসা কৰে। অভিনেতাজনে তেওঁলোকৰ কল্পনা খ্তিৰ  প্ৰশংসা কৰে ।শ্বাহে কয় "মই দক্ষিণৰ বাণিজ্যিক চলচ্চিত্ৰতো কল্পনাৰ অভিব্যক্তি দেখিছো। সোৱাদৰ ক্ষেত্ৰত, ই কেতিয়াবা সাধাৰণ যেন লাগিব পাৰে, কিন্তু প্ৰেজেণ্টেচনটো সদায়ে অনবদ্য। মই সেয়া  বহুদিন ধৰি দেখি আহিছো। "

উল্লেখ্য নাছিৰুদ্দিনক জি৫ৰ 'তাজ: ডিভাইডেড বাই ব্লাড' শৃংখলাত দেখা যাব,৷ তাত অভিনেতাজনে  আকবৰৰ চৰিত্ৰত অভিনয় কৰিব। নাছিৰ প্ৰায় পঞ্চাশ বছৰ ধৰি অভিনয় জগতৰ সৈতে জড়িত হৈ আছে। তেওঁৰ মতে, চিনেমা হলৰ ভৱিষ্যত অন্ধকাৰ।

শ্বাহে কয় "আমি বিচাৰো বা নকৰোঁ, অ'টিটিয়েই হৈছে ভৱিষ্যত। দহ বছৰৰ ভিতৰত গোটেই পৃথিৱীত চিনেমা হলবন্ধ হৈ যাব। ছবি চোৱাটো এটা স্মৃতি  হ'ব। মই নাজানো এয়া ভাল নে বেয়া।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক