--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ নতুন প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় ছাৰা আলী খান। শেহতীয়াকৈ তেওঁ আইতাক প্ৰবীণ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ সৈতে এখন ফটো পোষ্ট কৰিছিল। এই ফটোখন ইমান বিশেষ আছিল যিয়ে সকলোৰে মন আকৰ্ষণ কৰিছিল। ফটোখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

দেওবাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনত দুয়োগৰাকীয়ে হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। চিনেমা হলত তুলিছিল ফটোখন। শৰ্মিলাই পিন্ধিছিল নীলা ৰঙৰ শাৰী আৰু মেচিং ব্লাউজ। ছাৰাইও নীলা আৰু বগা চুট আৰু বগা দোপাত্তা পিন্ধিছিল। ছাৰাই পোষ্টটোৰ কেপচনত লিখিছে, ‘মোৰ সপোনৰ ৰাণী (মুকুট ইমোজি)। মোৰ আটাইতকৈ আশ্চৰ্যকৰ আইতা।'

ছাৰাৰ পোষ্টটোৰ কমেণ্ট ছেকচনত এজন নেটিজেনে লিখিছে, ‘আপোনাৰ আইতা সঁচাকৈয়ে ক্লাছি। ছবিখনত তোমাকো বৰ ভাল লাগিছে।’ আন এজনে লিখিছে, ‘তুমি মোৰ সপোনৰ ৰাণী। আপোনাৰ নতুন ছবিখনৰ বাবে আগ্ৰহী।’ তৃতীয় এজন ব্যক্তিয়ে লিখিছে, ‘ছাৰা তুমি সঁচাকৈয়ে বৰ ধুনীয়া’।

‘আৰাধনা’ (১৯৬৯) চিনেমাত কিশোৰ কুমাৰে গোৱা এটি গীত আছিল ‘মেৰে সপনে কি ৰাণী’ । শক্তি সমান্তৰ পৰিচালনাত নিৰ্মিত এই ৰোমান্টিক চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্নাই।


প্ৰসংগক্ৰমে অতি সোনকালে শৰ্মিলাক ‘গুলমোহৰ’ত দেখা যাব। ২০১০ চনৰ ‘ব্ৰেক কে বাদ’ৰ পিছত চিনেমালৈ তেওঁ ঘূৰি আহিছে। ৰাহুল ভি চিটেলাৰ পৰিচালনাত নিৰ্মিত গুলমোহৰত মনোজ বাজপেয়ী, অমল পালেকাৰ, সুৰজ শৰ্মা, ছিমৰান ঋষি বাগ্গা আৰু কাবেৰী শেঠেও অভিনয় কৰিছে। ইয়াক চকবৰ্ড এণ্টাৰটেইনমেণ্ট আৰু অটোন’মাছ ৱৰ্কছৰ সহযোগত ষ্টাৰ ষ্টুডিঅ’ই নিৰ্মাণ কৰিছে। ৩ মাৰ্চত ডিজনী+হটষ্টাৰত মুক্তি পোৱাৰ কথা।

ছাৰাক শেষবাৰৰ বাবে দেখা গৈছিল আনন্দ এল ৰায়ৰ আতৰংগী ৰে (২০২১) ছবিখনত। ছবিখনত অক্ষয় কুমাৰ আৰু ধনুশেও অভিনয় কৰিছিল। যিখন বক্স অফিচত সফল হৈছিল। ছাৰাৰ অভিনয়ৰো শলাগ লোৱা হৈছিল। ইয়াৰ পিছত তেওঁক অভিনেতা বিকি কৌশলৰ সৈতে পৰিচালক লক্ষ্মণ উটেকাৰৰ পৰৱৰ্তী ৰোমান্টিক চিনেমাত দেখা যাব, যাৰ শিৰোনাম এতিয়াও ঠিক কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক