--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰৰ অভিনৱ বুদ্ধি। এটা ১০ ফুট দীঘল সুৰংগ খান্দি চোৰে বেংকত প্ৰৱেশ কৰে  আৰু  প্ৰায় ১ কোটি টকা  মূল্যৰ সোণ লুটি নিয়ে।  কানপুৰত সংঘটিত হৈছে  এই ঘটনা। ষ্টেট বেংকৰ ভানুতি শাখাত সংঘটিত ঘটনাটোত আৰক্ষীও আচৰিত হৈছে। 

আৰক্ষী বিষয়া বিজয় ধুলেই কয়, "চোৰে যি ধৰণে পৰিকল্পনা কৰিছে আৰু আগবাঢ়িছে সেয়া আচৰিত। সুৰংগটোৰ মুখো পোৱা গৈছে। দেখা গৈছে যে চোৰে কিছুদূৰৈৰ পৰা  সুৰংগটো খান্দিছিল।সুৰংগটোৰে চোৰে  বেংকৰ   ষ্ট্ৰংৰুমত উপস্থিত হৈছিল আৰু সোণ খিনি  চুৰি কৰিছিল ।অৱশ্যে, চোৰে নগদ ধন সৰকাব নোৱাৰিলে। ফলস্বৰূপে, তাত থকা ৩২  লাখ টকাৰ নগদ ধন সুৰক্ষিত হৈ ৰয়।   চোৰে   সোণ ৰখা  লকৰটো ভাঙি  ১.৮ কিলোগ্ৰাম সোণ চুৰি কৰি নিয়ে । ’’

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু ফৰেনচিক বাহিনীয়ে জোৰদাৰভাৱে অনুসন্ধান আৰম্ভ কৰিছে। "সন্দেহ কৰা হৈছে যে বেংকৰ ভিতৰৰে কোনোবা এই অপৰাধত জড়িত আছে," ধোলেই  কয়। 

 চোৰে ইমান দক্ষতাৰে অপৰাধ টো কৰিছিল যে তেওঁলোকে প্ৰথম দৃষ্টিত কোনো প্ৰমাণএই ৰাখি থৈ যোৱা নাই। 
বিশেষ ষ্ট্ৰংৰুমৰ অৱস্থান সম্পৰ্কে চোৰ হাতত যথেষ্ট তথ্য আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement