--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে ৰঙা চকু দেখুৱাই পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ভাৰতত৷ এনে সময়তে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে৷ আজিৰে পৰা বাহিৰৰ দেশৰ পৰা ভাৰতত আহি  ভৰি থোৱা যাত্ৰীসকলৰ কোভিড ঋণাত্মক প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে নতুন ছয়-দফীয়া নিৰ্দেশনা  ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে৷ 

কৰোনা বিএফ.৭-এ  চীনত ভয়ংকৰ ৰূপ লৈছে। এনে  পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক কৰোনাৰ সৈতে মোকাবিলা কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। কেইবাখনো দেশৰ পৰা আহি ভাৰতত ভৰি থোৱা যাত্ৰীসকলৰ কোভিড ঋণাত্মক প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যসমূহক পৰ্যাপ্ত  অক্সিজেনৰ মজুত ৰখাৰ বিষয়টোৰ প্ৰতি  মনোযোগ দিবলৈও কোৱা হৈছে। 

 
শেহতীয়াকৈ কোভিড পৰিস্থিতিকলৈ  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে  সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে। ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাৱলীত কৰোনাৰ বিষয়ে মূলতঃ ছয়টা সতৰ্কবাণী উল্লেখ কৰা হৈছে। ৰাজ্যসমূহক স্বাস্থ্য আন্তঃগাঁথনিত  গুৰুত্ব দিবলৈ কোৱা হৈছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মনোহৰ আগনানীয়ে কয় যে যদিও এতিয়া দেশত কৰোনা সংক্ৰমণৰ সংখ্যা কম, ভৱিষ্যতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ স্বাস্থ্য আন্তঃগাঁথনিত গুৰুত্ব দিয়া উচিত।
 মাস্ক পৰিান কৰাটোও প্ৰয়োজনীয় বুলি কোৱা হৈছে৷ একেদৰে সামাজিক দূৰত্ব বজাই ৰখা, জনসমাগম এৰাই চলা আদিৰ বিষয়তো চকু দিবলৈ ৰাজ্যসমূহক কোৱা হৈছে৷ অৱশ্যে এতিয়ালৈকে আন্তঃজিলা ভ্ৰমণৰ ক্ষে্ৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক