--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে ৰঙা চকু দেখুৱাই পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ভাৰতত৷ এনে সময়তে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে৷ আজিৰে পৰা বাহিৰৰ দেশৰ পৰা ভাৰতত আহি  ভৰি থোৱা যাত্ৰীসকলৰ কোভিড ঋণাত্মক প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে নতুন ছয়-দফীয়া নিৰ্দেশনা  ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে৷ 

কৰোনা বিএফ.৭-এ  চীনত ভয়ংকৰ ৰূপ লৈছে। এনে  পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক কৰোনাৰ সৈতে মোকাবিলা কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। কেইবাখনো দেশৰ পৰা আহি ভাৰতত ভৰি থোৱা যাত্ৰীসকলৰ কোভিড ঋণাত্মক প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যসমূহক পৰ্যাপ্ত  অক্সিজেনৰ মজুত ৰখাৰ বিষয়টোৰ প্ৰতি  মনোযোগ দিবলৈও কোৱা হৈছে। 

 
শেহতীয়াকৈ কোভিড পৰিস্থিতিকলৈ  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে  সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে। ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাৱলীত কৰোনাৰ বিষয়ে মূলতঃ ছয়টা সতৰ্কবাণী উল্লেখ কৰা হৈছে। ৰাজ্যসমূহক স্বাস্থ্য আন্তঃগাঁথনিত  গুৰুত্ব দিবলৈ কোৱা হৈছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মনোহৰ আগনানীয়ে কয় যে যদিও এতিয়া দেশত কৰোনা সংক্ৰমণৰ সংখ্যা কম, ভৱিষ্যতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ স্বাস্থ্য আন্তঃগাঁথনিত গুৰুত্ব দিয়া উচিত।
 মাস্ক পৰিান কৰাটোও প্ৰয়োজনীয় বুলি কোৱা হৈছে৷ একেদৰে সামাজিক দূৰত্ব বজাই ৰখা, জনসমাগম এৰাই চলা আদিৰ বিষয়তো চকু দিবলৈ ৰাজ্যসমূহক কোৱা হৈছে৷ অৱশ্যে এতিয়ালৈকে আন্তঃজিলা ভ্ৰমণৰ ক্ষে্ৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু