--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান ক্লাব ইণ্টাৰ মিয়ামিৰ হৈ দ্বিতীয়খন মেচত নজিৰ গঢ়ি তুলিলে লিয়নেল মেছিয়ে। তেওঁ নিজৰ কেৰিয়াৰত দেশ আৰু ক্লাবকে ধৰি মুঠ ১০০ টাকৈ বিভিন্ন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে গ’ল দিবলৈ সক্ষম হৈছে।

২০০৪-০৫ চনৰ আৰম্ভ হৈছিল মেছিৰ এই যাত্ৰা। পৰৱৰ্তী ১৯ বছৰত এই নজিৰ গঢ়ি তুলিছিল। মেজৰ ছকাৰ লীগ ক্লাবৰ হৈ মেছিয়ে দুখন মেচত তিনিটা গ’ল দিছে। ক্ৰুজ আজুলৰ বিৰুদ্ধে অভিষেক মেচত খেলখনৰ একেবাৰে শেষ মুহূৰ্ততে পেনাল্টি স্পটৰ পৰা গ’ল দিয়ে। পৰৱৰ্তী মেচত আটলান্টা ইউনাইটেডৰ বিৰুদ্ধে প্ৰথমাৰ্ধত মেছিয়ে দুটা গ’ল দিয়ে। পিছত এটা গ’ল দিয়ে। আটলাণ্টাৰ বিৰুদ্ধে গ’ল দি মেছিয়ে নজিৰ গঢ়ি তুলিছিল।

২০০৪–০৫ ছিজনত আলবাচেটেৰ বিৰুদ্ধে বাৰ্চিলোনাৰ হৈ মেছিয়ে কেৰিয়াৰৰ প্ৰথমটো গ’ল দিছিল। ৮৭ মিনিটত তেওঁ বিকল্প হিচাপে খেলপথাৰত আহি ৰ’নাল্ডিনহ’ৰ পৰা পাছ লৈ গ’লৰক্ষকৰ মূৰৰ ওপৰেৰে গ’ল দিয়ে। বাৰ্চিলোনাৰ মূল দলৰ হৈ খেলাৰ পূৰ্বে মেছিয়ে গ্ৰেণ্ডোলি, নিউৱেল অল্ড বয়ছ আৰু বাৰ্চিলোনাৰ যুৱ দলৰ হৈ খেলিছিল।

২০০৩ চনত বাৰ্চিলোনা চি দলৰ হৈ ১০খন খেলত ৫টা গ’ল দিছিল। বাৰ্চিলোনাৰ বি দলৰ হৈ ২২খন মেচত ৬টা গ’ল দিয়ে। ২০০৩ চনৰ ১৬ নৱেম্বৰত বাৰ্চিলোনাৰ ছিনিয়ৰ দলত মেছিয়ে অভিষেক ঘটায়। কিন্তু প্ৰথমটো গ’ল পাবলৈ আৰু এবছৰ অপেক্ষা কৰিবলগীয়া হ’ল।

২০২১ চনলৈকে মেছিয়ে বাৰ্চিলোনাৰ হৈ খেলিছিল। এই সময়ছোৱাত স্পেনিছ ক্লাবটোৰ হৈ মেছিয়ে ৫২০খন খেলত ৪৭৪টা গ’ল দিয়ে। বাৰ্চিলোনাৰ হৈ মেছিয়ে মুঠ ৩৪ খন ট্ৰফী লাভ কৰিছে। ইয়াৰ ভিতৰত ১০খন লা লিগাছ, ৪খন চেম্পিয়নছ লীগ আৰু ৭খন কোপা ডেল ৰেইছ। তাৰ লগতে লিঅ’ই তিনিটা ক্লাব বিশ্বকাপ, তিনিটা ইউএফএ ছুপাৰ কাপ আৰু ৭টা স্পেনিছ ছুপাৰ কাপও লাভ কৰে। মেছিয়ে দুটা ছিজনত ট্ৰেবল লাভ কৰে।

২০২১ চনত মেছিয়ে কোপা আমেৰিকাত জয়লাভ কৰিছিল। সেই বছৰ তেওঁলোকে ইউৰোপীয় চেম্পিয়ন ইটালীক পৰাস্ত কৰি ফাইনেলিছিমা জয় কৰে। পিছৰ বছৰত মেছিয়ে জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰফী লাভ কৰে। কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি মেছিয়ে ফুটবল বিশ্বকাপ লাভ কৰে। তেওঁ আৰ্জেণ্টিনাৰ ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে। ফাইনেললৈকে গ্ৰুপ পৰ্যায়ৰ এখন খেলৰ বাহিৰে বিশ্বকাপৰ প্ৰতিখন মেচতে গ’ল দিছে মেছিয়ে। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটাও লাভ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement