--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩। ইয়াৰ প্ৰথমখন খেল আহমেদাবাদত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতৰ ১০খন চহৰত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ৪৯খন খেল। এই তালিকাত ধৰ্মশালাৰ নামো সন্নিবিষ্ট কৰা হৈছে। হিমাচল প্ৰদেশৰ ধৰ্মশালাত নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম বিশ্বৰ অন্যতম সুন্দৰ ষ্টেডিয়াম। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশ্বকাপৰ পূৰ্বে ইয়াক নতুনকৈ প্ৰস্তুত কৰিছে।

আচলতে ২০২৩ চনৰ বিশ্বকাপৰ পূৰ্বে বিচিচিআইয়ে বহু ষ্টেডিয়াম সংস্কাৰ কৰি লৈছে। প্ৰতিখন ষ্টেডিয়ামৰ বাবে ব’ৰ্ডে বৃহৎ বাজেট দিছিল। এই তালিকাত হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়ামকো অন্তৰ্ভুক্ত কৰা হৈছিল।ইতিমধ্যে এই ষ্টেডিয়াম ধৰ্মশালাত সাজু হৈছে। ইয়াত নতুন ঘাঁহ ৰোপণ কৰা হৈছে। আউটফিল্ডখন আগৰ তুলনাত বহুত ভাল হৈ পৰিছে। ড্ৰেছিং ৰুম আৰু দৰ্শকৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে।আৰু ড্ৰেছিং ৰুমত কিছু পৰিৱৰ্তন কৰা হৈছে।

ধৰ্মশালাত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ৰ পাঁচখন খেল। ইয়াত প্ৰথমখন খেল ৭ অক্টোবৰত বাংলাদেশ আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১০ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। ১৭ অক্টোবৰত দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব খেল৷ টিম ইণ্ডিয়াইও এখন খেল খেলিব। ২২ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব। এই খেলখন কেৱল ধৰ্মশালাতহে অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২৮ অক্টোবৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত খেলখন অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে বিশ্বকাপৰ পাছতো ধৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় খেল আয়োজন কৰা হ'ব। ২০২৪ চনৰ মাৰ্চ মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচৰ আয়োজকৰ অধিকাৰ লাভ কৰিছে ধৰ্মশালাই। এই খেলখন অহাবছৰৰ ৭ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হ’ব। ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ এইখন হ’ব পঞ্চমখন মেচ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু