--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ইংৰাজ বেটছমেনে লং অনত দৰ্শনীয় ছয় মাৰে। কিন্তু সেইবাবেই তেওঁ আউট হ’বলগা হ’ল। ইংলেণ্ডৰ কাউন্টি চেম্পিয়নশ্বিপত এনেকুৱা এটা আচৰিত কথা ঘটিল।

ৱাৰউইকশ্বাইৰে এডগবাষ্টনত মিডলছেক্সৰ বিৰুদ্ধে খেলিছিল। মিডলছেক্সৰ অধিনায়ক টবি ৰ’লেণ্ড-জোন্সে লং অনৰ ওপৰত বিপক্ষৰ পেচাৰক ছয়ৰ বাবে আঘাত কৰে। বল গেলেৰীলৈ উৰি গ’ল। ছয়টো মৰাৰ পিছত তেওঁ ফ’ল’ থ্ৰুত কিছু সময় বতাহত বেটখন একে ভংগীমাতে ধৰি ৰাখিছিল। ইয়াৰ পিছত দুৰ্যোগৰ সৃষ্টি হয়।

বেট নমোৱাৰ সময়ত তেওঁ বেটখন ষ্টাম্পত আঘাট কৰে। উইকেটকীপাৰে লক্ষ্য কৰিলে। তেওঁ লেগ আম্পায়াৰৰ ওচৰত হিট উইকেটৰ বাবে আবেদন জনায়। আম্পায়াৰেও কথাটো লক্ষ্য নকৰাকৈয়ে ছয় দিবলৈ ওলাইছিল। কিন্তু উইকেটকীপাৰৰ অনুৰোধত তেওঁ ৰৈ গ’ল। ইয়াৰ পিছত তৃতীয় আম্পায়াৰৰ ওচৰত আবেদন কৰা হয়।

ৰিপ্লেত দেখা যায় যে বেট নমোৱাৰ সময়ত ষ্টাম্পত খুন্দা মাৰিলে। ফলত আম্পায়াৰে জ’নছক আউট কৰি দিলে। স্তম্ভিত জ’নছ ড্ৰেছিং ৰুমলৈ উভতি আহে। আনকি বিপক্ষ ক্ৰিকেটাৰসকলেও ভাবিব পৰা নাছিল যে এনেদৰে কোনোবাই আউট হ’ব পাৰে। 

শেহতীয়াকৈ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে অদ্ভুত ধৰণে আউট হৈ আহিছে। এছেছ ছিৰিজৰ দ্বিতীয়খন টেষ্টত লৰ্ডছত অদ্ভুত ধৰণে আউট হৈছিল জনী ব’ৰিষ্ট’।  তাক লৈ চৰ্চা-বিতৰ্কও চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু