--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ইংৰাজ বেটছমেনে লং অনত দৰ্শনীয় ছয় মাৰে। কিন্তু সেইবাবেই তেওঁ আউট হ’বলগা হ’ল। ইংলেণ্ডৰ কাউন্টি চেম্পিয়নশ্বিপত এনেকুৱা এটা আচৰিত কথা ঘটিল।

ৱাৰউইকশ্বাইৰে এডগবাষ্টনত মিডলছেক্সৰ বিৰুদ্ধে খেলিছিল। মিডলছেক্সৰ অধিনায়ক টবি ৰ’লেণ্ড-জোন্সে লং অনৰ ওপৰত বিপক্ষৰ পেচাৰক ছয়ৰ বাবে আঘাত কৰে। বল গেলেৰীলৈ উৰি গ’ল। ছয়টো মৰাৰ পিছত তেওঁ ফ’ল’ থ্ৰুত কিছু সময় বতাহত বেটখন একে ভংগীমাতে ধৰি ৰাখিছিল। ইয়াৰ পিছত দুৰ্যোগৰ সৃষ্টি হয়।

বেট নমোৱাৰ সময়ত তেওঁ বেটখন ষ্টাম্পত আঘাট কৰে। উইকেটকীপাৰে লক্ষ্য কৰিলে। তেওঁ লেগ আম্পায়াৰৰ ওচৰত হিট উইকেটৰ বাবে আবেদন জনায়। আম্পায়াৰেও কথাটো লক্ষ্য নকৰাকৈয়ে ছয় দিবলৈ ওলাইছিল। কিন্তু উইকেটকীপাৰৰ অনুৰোধত তেওঁ ৰৈ গ’ল। ইয়াৰ পিছত তৃতীয় আম্পায়াৰৰ ওচৰত আবেদন কৰা হয়।

ৰিপ্লেত দেখা যায় যে বেট নমোৱাৰ সময়ত ষ্টাম্পত খুন্দা মাৰিলে। ফলত আম্পায়াৰে জ’নছক আউট কৰি দিলে। স্তম্ভিত জ’নছ ড্ৰেছিং ৰুমলৈ উভতি আহে। আনকি বিপক্ষ ক্ৰিকেটাৰসকলেও ভাবিব পৰা নাছিল যে এনেদৰে কোনোবাই আউট হ’ব পাৰে। 

শেহতীয়াকৈ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে অদ্ভুত ধৰণে আউট হৈ আহিছে। এছেছ ছিৰিজৰ দ্বিতীয়খন টেষ্টত লৰ্ডছত অদ্ভুত ধৰণে আউট হৈছিল জনী ব’ৰিষ্ট’।  তাক লৈ চৰ্চা-বিতৰ্কও চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ