--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে বছৰ বছৰ ধৰি বহু চেলিব্ৰিটি ক্ৰিকেটাৰ সৃষ্টি কৰি আহিছে, যিসমূহ ব্যক্তিৰ জনপ্ৰিয়তা বিভিন্ন শাখাৰ অন্যান্য ক্ৰীড়া ব্যক্তিৰ তুলনাত অতুলনীয় হৈয়েই আছে। অৱশ্যে বাকীসকলৰ পৰা আঁতৰি থকা এটা নাম হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী, যি সমগ্ৰ বিশ্বৰ শীৰ্ষ অনুসৰণ কৰা খেলুৱৈসমূহৰ ভিতৰত অন্যতম।

কোহলীৰ  প্ৰভাৱ ইমানেই যে আনকি টেনিছ কিংবদন্তি ৰজাৰ ফেডাৰেৰ, ফুটবল আইকন চাৰ্জিঅ’ ৰামোছ আৰু ৱেইন ৰুনীকে ধৰি অন্যান্যসকলেও ইনষ্টাগ্ৰামত এই  ক্ৰিকেটাৰজনক অনুসৰণ কৰে। বৰ্তমানৰ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাতকৈ ২২৪ নিযুত অনুগামী বেছিকৈ আছে৷ইনষ্টাগ্ৰামত ২৫.৩ কোটি অনুগামীৰ সৈতে কোহলীক ভাৰতীয় ক্ৰিকেটৰ মুখ বুলি কোৱাটোও বৰ্তমান ভুল নহ’ব।

এতিয়া বেংগালুৰুস্থিত ব্যৱসায় আৰু বিনিয়োগকাৰী কোম্পানী ষ্টকগ্ৰ’ই শ্বেয়াৰ কৰা তথ্যই কোহলীক ১০৫০ কোটি টকাৰ সম্পত্তিৰ সৈতে “বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ” হিচাপে প্ৰকাশ কৰিছে। কোম্পানীটোৱে ক্ৰিকেট, ছ’চিয়েল মিডিয়াৰ ৰাজহ, ব্যক্তিগত সম্পত্তি, আৰু অন্যান্য ব্যৱসায়িক উদ্যোগৰ পৰা পোৱা আয়ৰ কথা স্পষ্টভাৱে উল্লেখ কৰাৰ পূৰ্বে কোম্পানীটোৱে ফৰ্বছ, ডি এন এ, এম পি এল, ষ্টাৰ্টআপটকিক উৎস হিচাপে উল্লেখ কৰিছিল।

কোহলীৰ বিচিচিআইৰ সৈতে ৭ কোটি টকাৰ ডাঙৰ চুক্তি আছে কাৰণ তেওঁক "এ+" শাখাত স্থান দিয়া হৈছে। যদি আমি তেওঁৰ মেচৰ মাচুল চাওঁ, কোহলীয়ে প্ৰতিখন টেষ্ট খেলৰ পৰা ১৫ লাখ, এদিনীয়াৰ বাবে ৬ লাখ টকাকৈ, আৰু টি-২০ৰ এখন খেলৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলা কোহলীয়ে ফ্ৰেঞ্চাইজিৰ পৰা বছৰি ১৫ কোটি টকা উপাৰ্জন কৰে।কোহলীয়ে একাধিক ব্ৰেণ্ড, আৰু ৰেষ্টুৰেণ্টৰ মালিক আৰু তেওঁ ব্লু ট্ৰাইব, ইউনিভাৰ্চেল স্প'ৰ্টছবিজ, এমপিএল, আৰু স্প'ৰ্টছ কনভ' আদি একাধিক ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে। ১৮টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে জড়িত আৰু প্ৰতিটো বিজ্ঞাপনৰ শ্বুটিংৰ বাবে বছৰি ৭.৫০ৰ পৰা ১০ কোটি টকা লয়, যিটো বলীউড আৰু ক্ৰীড়া উদ্যোগৰ যিকোনো চেলিব্ৰিটিৰ দ্বাৰা সৰ্বাধিক বুলি কোৱা হৈছে। ইয়াৰ ফলত তেওঁ ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা ১৭৫ কোটি টকাৰ উপাৰ্জন কৰে৷

ইয়াৰ উপৰিও কোহলীয়ে ইনষ্টাগ্ৰাম আৰু টুইটাৰত প্ৰতিটো পোষ্টৰ বাবে ক্ৰমে ৮.৯ কোটি আৰু ২.৫ কোটি টকা লয়।বিলাসী ঘড়ী আৰু অটোম’বাইল বাদ দি যদি তেওঁৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত চকু ফুৰাওঁ তেন্তে কোহলীৰ মুম্বাইত ৩৪ কোটি টকাৰ ঘৰ আৰু গুৰগাঁৱত ৮০ কোটি টকাৰ আন এটা ঘৰ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement