--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে বছৰ বছৰ ধৰি বহু চেলিব্ৰিটি ক্ৰিকেটাৰ সৃষ্টি কৰি আহিছে, যিসমূহ ব্যক্তিৰ জনপ্ৰিয়তা বিভিন্ন শাখাৰ অন্যান্য ক্ৰীড়া ব্যক্তিৰ তুলনাত অতুলনীয় হৈয়েই আছে। অৱশ্যে বাকীসকলৰ পৰা আঁতৰি থকা এটা নাম হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী, যি সমগ্ৰ বিশ্বৰ শীৰ্ষ অনুসৰণ কৰা খেলুৱৈসমূহৰ ভিতৰত অন্যতম।

কোহলীৰ  প্ৰভাৱ ইমানেই যে আনকি টেনিছ কিংবদন্তি ৰজাৰ ফেডাৰেৰ, ফুটবল আইকন চাৰ্জিঅ’ ৰামোছ আৰু ৱেইন ৰুনীকে ধৰি অন্যান্যসকলেও ইনষ্টাগ্ৰামত এই  ক্ৰিকেটাৰজনক অনুসৰণ কৰে। বৰ্তমানৰ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাতকৈ ২২৪ নিযুত অনুগামী বেছিকৈ আছে৷ইনষ্টাগ্ৰামত ২৫.৩ কোটি অনুগামীৰ সৈতে কোহলীক ভাৰতীয় ক্ৰিকেটৰ মুখ বুলি কোৱাটোও বৰ্তমান ভুল নহ’ব।

এতিয়া বেংগালুৰুস্থিত ব্যৱসায় আৰু বিনিয়োগকাৰী কোম্পানী ষ্টকগ্ৰ’ই শ্বেয়াৰ কৰা তথ্যই কোহলীক ১০৫০ কোটি টকাৰ সম্পত্তিৰ সৈতে “বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ” হিচাপে প্ৰকাশ কৰিছে। কোম্পানীটোৱে ক্ৰিকেট, ছ’চিয়েল মিডিয়াৰ ৰাজহ, ব্যক্তিগত সম্পত্তি, আৰু অন্যান্য ব্যৱসায়িক উদ্যোগৰ পৰা পোৱা আয়ৰ কথা স্পষ্টভাৱে উল্লেখ কৰাৰ পূৰ্বে কোম্পানীটোৱে ফৰ্বছ, ডি এন এ, এম পি এল, ষ্টাৰ্টআপটকিক উৎস হিচাপে উল্লেখ কৰিছিল।

কোহলীৰ বিচিচিআইৰ সৈতে ৭ কোটি টকাৰ ডাঙৰ চুক্তি আছে কাৰণ তেওঁক "এ+" শাখাত স্থান দিয়া হৈছে। যদি আমি তেওঁৰ মেচৰ মাচুল চাওঁ, কোহলীয়ে প্ৰতিখন টেষ্ট খেলৰ পৰা ১৫ লাখ, এদিনীয়াৰ বাবে ৬ লাখ টকাকৈ, আৰু টি-২০ৰ এখন খেলৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলা কোহলীয়ে ফ্ৰেঞ্চাইজিৰ পৰা বছৰি ১৫ কোটি টকা উপাৰ্জন কৰে।কোহলীয়ে একাধিক ব্ৰেণ্ড, আৰু ৰেষ্টুৰেণ্টৰ মালিক আৰু তেওঁ ব্লু ট্ৰাইব, ইউনিভাৰ্চেল স্প'ৰ্টছবিজ, এমপিএল, আৰু স্প'ৰ্টছ কনভ' আদি একাধিক ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে। ১৮টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে জড়িত আৰু প্ৰতিটো বিজ্ঞাপনৰ শ্বুটিংৰ বাবে বছৰি ৭.৫০ৰ পৰা ১০ কোটি টকা লয়, যিটো বলীউড আৰু ক্ৰীড়া উদ্যোগৰ যিকোনো চেলিব্ৰিটিৰ দ্বাৰা সৰ্বাধিক বুলি কোৱা হৈছে। ইয়াৰ ফলত তেওঁ ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা ১৭৫ কোটি টকাৰ উপাৰ্জন কৰে৷

ইয়াৰ উপৰিও কোহলীয়ে ইনষ্টাগ্ৰাম আৰু টুইটাৰত প্ৰতিটো পোষ্টৰ বাবে ক্ৰমে ৮.৯ কোটি আৰু ২.৫ কোটি টকা লয়।বিলাসী ঘড়ী আৰু অটোম’বাইল বাদ দি যদি তেওঁৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত চকু ফুৰাওঁ তেন্তে কোহলীৰ মুম্বাইত ৩৪ কোটি টকাৰ ঘৰ আৰু গুৰগাঁৱত ৮০ কোটি টকাৰ আন এটা ঘৰ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান