--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৮ সংখ্যক সংস্কৰণ) চাৰ্ভী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰিছে। চাৰ্ভীয়ে ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৬ পইণ্ট  সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে। প্ৰকাশ নাথে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। কমল ডেকায়ো ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে।

 শুভাংগ প্ৰাণ কাশ্যপে ৪.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। ৰাজদীপ মুদিয়াৰে  ৪ পইণ্ট  লাভ কৰি  পঞ্চম স্থান লাভ কৰে। 
হিমাশ্ৰী ডেকাক  প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী  ঘোষণা কৰা হয়।  হিমাশ্ৰীয়ে ৪ পইণ্ট সংগ্ৰহ কৰিছিল।  
অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩.৫ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। চাৰ্ভী শ্ৰী বৰ্মন আৰু আদ্বিক বনিক উভয়েই ২.৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।  

অনুৰ্দ্ধ ৯ বছৰ শাখাত ধান্যতা গোস্বামীয়ে  ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নাভান্যু কামানে ২ ৫  সংগ্ৰহ কৰি দ্বিতীয় স্থান  লাভ কৰে। য়োচিতা ভৰদ্বাজে ২ পইণ্ট  সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১১ বছৰ শাখাত নীহাৰ দাসেও ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ভিভান আৰিজ ঠাকুৰীয়াই আৰু এমিল বৰগোহাঁইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১৩ বছৰ শাখাত আয়ান ভাৰতীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  সক্ষম জৈনে ২ .৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয়  স্থান লাভ কৰে।  
অনুৰ্দ্ধ ১৫ বছৰ শাখাত প্ৰত্যুষ পাঠকে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীৰ চাৰ্মিং ঠাকুৰীয়া আৰু প্ৰায়ুষ  পাঠক উভয়ে ৩  পইণ্টকৈ  সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৩৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু