--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৮ সংখ্যক সংস্কৰণ) চাৰ্ভী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰিছে। চাৰ্ভীয়ে ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৬ পইণ্ট  সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে। প্ৰকাশ নাথে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। কমল ডেকায়ো ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে।

 শুভাংগ প্ৰাণ কাশ্যপে ৪.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। ৰাজদীপ মুদিয়াৰে  ৪ পইণ্ট  লাভ কৰি  পঞ্চম স্থান লাভ কৰে। 
হিমাশ্ৰী ডেকাক  প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী  ঘোষণা কৰা হয়।  হিমাশ্ৰীয়ে ৪ পইণ্ট সংগ্ৰহ কৰিছিল।  
অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩.৫ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। চাৰ্ভী শ্ৰী বৰ্মন আৰু আদ্বিক বনিক উভয়েই ২.৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।  

অনুৰ্দ্ধ ৯ বছৰ শাখাত ধান্যতা গোস্বামীয়ে  ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নাভান্যু কামানে ২ ৫  সংগ্ৰহ কৰি দ্বিতীয় স্থান  লাভ কৰে। য়োচিতা ভৰদ্বাজে ২ পইণ্ট  সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১১ বছৰ শাখাত নীহাৰ দাসেও ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ভিভান আৰিজ ঠাকুৰীয়াই আৰু এমিল বৰগোহাঁইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১৩ বছৰ শাখাত আয়ান ভাৰতীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  সক্ষম জৈনে ২ .৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয়  স্থান লাভ কৰে।  
অনুৰ্দ্ধ ১৫ বছৰ শাখাত প্ৰত্যুষ পাঠকে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীৰ চাৰ্মিং ঠাকুৰীয়া আৰু প্ৰায়ুষ  পাঠক উভয়ে ৩  পইণ্টকৈ  সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৩৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ