--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় ফুটবল দলে লেবাননক ২-০ গ’লত পৰাস্ত কৰি দ্বিতীয়টো আন্তঃমহাদেশীয় কাপৰ খিতাপ দখল কৰে। 

নৌৰেম মহেশ, নিখিল পূজাৰী, লালৰিঞ্জুৱালা চাংগটৰ অসাধাৰণ দক্ষতাই ভাৰতীয় ফুটবল প্ৰেমীৰ হৃদয় জয় কৰিছে। আনহাতে ফাইনেলত দুৰ্দান্ত গ’লেৰে অধিনায়ক সুনীল ছেত্ৰী হৈ পৰে মেচখনৰ নায়ক।

উৰিষ্যাৰ মাটিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত জয়লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী নবীন পাটনায়কে ভাৰতীয় দলটোক এই জয়ৰ বাবে অভিনন্দন জনাই এক কোটি টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

ঘোষণাৰ সময়ত পাটনায়কে কয়, ‘আমাৰ ৰাজ্যৰ বাবে এই সন্মানীয় আন্তঃমহাদেশীয় কাপ প্ৰতিযোগিতাখন আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। এই প্ৰতিযোগিতাত জয়ৰ বাবে ভাৰতীয় দললৈ অভিনন্দন। আমাৰ লক্ষ্য হৈছে উৰিষ্যাত ফুটবলৰ অধিক অনুষ্ঠান আয়োজন কৰা আৰু ভাৰতত এই খেলবিধৰ বিকাশত সহায় কৰা।”

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ভাৰতৰ অধিনায়ক সুনীল ছেত্ৰীয়ে পুৰস্কাৰ লাভ কৰা এক কোটিৰ টকাৰ পৰা ২০ লাখ টকা উৰিষ্যত গুৰুতৰভাবে ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ভাৰতীয় দলটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “জয়ৰ পাছত দলটোক নগদ ধন উপহাৰ দিয়াৰ বাবে আমি উৰিষ্যা চৰকাৰৰ প্ৰতি কৃতজ্ঞ। ড্ৰেছিং ৰুমত লোৱা তাৎক্ষণিক আৰু সামূহিক সিদ্ধান্তৰ অনুসৰি আমি সেই ধনৰ ২০ লাখ টকা চলিত মাহৰ আৰম্ভণিতে ৰাজ্যত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ৰে’ল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে আগবঢ়াব বিচাৰিছোঁ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু