ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক ঐতিহাসিক বুলি অভিহিত কৰে কাৰণ ড্ৰোন দিদিসকলে আৰু লাখপতি দিদিসকল সফলতাৰ নতুন অধ্যায় ৰচনা কৰিছে৷ তেওঁ কয় যে এনে সফল মহিলা উদ্যোগীৰ সৈতে মত বিনিময় কৰিলে তেওঁক দেশৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসেৰে ভৰি পৰে। তেওঁ নাৰী শক্তিৰ দৃঢ়তা আৰু অধ্যৱসায়ক প্ৰশংসা কৰে। ‘এইটোৱে মোক ৩ কোটি লাখপতি দিদি গঢ়াৰ যাত্ৰাত অগ্ৰসৰ হোৱাত আত্মবিশ্বাস দিলে’, তেওঁ কয়।
“যিকোনো সমাজে সুযোগ সৃষ্টি কৰি আৰু নাৰী শক্তিৰ মৰ্যাদা সুনিশ্চিত কৰিহে আগবাঢ়িব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মাত্ৰ অলপ সমৰ্থনেৰে নৰী শক্তিয়ে সমৰ্থনৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰি আনৰ সমৰ্থনত পৰিণত হয়। মহিলাৰ বাবে শৌচাগাৰ, চেনিটেৰী পেড, অস্বাস্থ্যকৰ ধোঁৱাময় পাকঘৰ, মহিলাসকলৰ দৈনন্দিন অসুবিধা লাঘৱ কৰিবলৈ পাইপৰ পানী, প্ৰতিজনৰ বাবে জন ধনৰ একাউণ্ট খোল আৰু নাৰীৰ প্ৰতি অপমানজনক ভাষাৰ বিৰুদ্ধে আৰু নাৰী শক্তিৰ প্ৰতি সঠিক আচৰণৰ বিষয়ে শিক্ষিত পুত্ৰ গঢ় দিয়াৰ প্ৰয়োজনীয়তা আদি মহিলা সবলীকৰণৰ বিষয়সমূহৰ ওপৰত লালকিল্লাৰ প্ৰাচীৰৰ পৰা বক্তব্য দিয়া প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে৷
‘মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিসমূহ দৈনন্দিন জীৱনত শিপাই থকা অভিজ্ঞতাৰ পৰাই উন্মেষ ঘটিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। জীৱনৰ বাস্তৱতাক জীয়াই থকাৰ দৰেই অভিজ্ঞতাই এই সংবেদনশীলতা আৰু আঁচনিসমূহৰ বিষয়ে অৱগত কৰিছে বুলিও তেওঁ কয়। সেইবাবেই, এই আঁচনিসমূহে দেশৰ মাতৃ-কন্যাসকলৰ জীৱনত সহজতা কঢ়িয়াই আনে।
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে নাৰী শক্তি সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে অনা আঁচনিৰ বিষয়ে কয়। ভ্ৰুণহত্যা বন্ধ কৰাৰ উদ্দেশ্যে বেটি বচাও বেটি পঢ়াও, গৰ্ভৱতী মাতৃৰ পুষ্টিৰ বাবে ৬০০০ টকা, শিক্ষাৰ সময়ছোৱাত সম্পদ নিশ্চিত কৰাৰ বাবে সুকন্যা সমৃদ্ধি, উদ্যোগী ক্ষেত্ৰখনত লাভজনক স্থান লাভ কৰাত সহায় কৰাৰ বাবে মুদ্ৰা যোজনা, প্ৰসূতি ছুটীৰ সম্প্ৰসাৰণ, বিনামূলীয়া চিকিৎসা, সুলভ ঔষধ আৰু মহিলাৰ নামত প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰ পঞ্জীয়ন কৰি মালিকীস্বত্ব বৃদ্ধি কৰাটোৱে পুৰণি মানসিকতাৰ পৰিৱৰ্তন আনিছে।
তেওঁ লগতে স্বীকাৰ কৰে যে কৃষিক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ পৰিৱৰ্তনশীল প্ৰভাৱ দেশৰ মহিলাসকলে পৰিচালিত কৰিছে। এজন ড্ৰোন দিদিৰ সৈতে হোৱা মত বিনিময়ৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিৰ আয়, দক্ষতা আৰু স্বীকৃতিৰ জৰিয়তে সৱলীকৰণৰ অনুভূতিৰ বিষয়ে বিশদভাৱে কয়। নাৰী শক্তিয়ে দেশত প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে, সকলো ক্ষেত্ৰতে মহিলাৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিসকলৰ বাবে নতুন পথ মুকলি কৰি গাখীৰ আৰু শাক-পাচলিৰ সামগ্ৰী বজাৰলৈ পৰিবহণ, ঔষধ ডেলিভাৰী ইত্যাদি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বিষয়ে বিশদভাৱে কয়।