--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পতি বিজেপিৰ, পত্নী তৃণমূল কংগ্ৰেছৰ।দুই ভিন্ন আৰু বৈৰী ৰাজনৈতিক দলৰ প্ৰাৰ্থী হৈছে পতি-পত্নী। বংগত বিবাহ বিচ্ছেদ হোৱা পতি -পত্নীয়ে লোকসভা নিৰ্বাচন ২০২৪ত একেখন আসনৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। দেওবাৰে তৃণমূল কংগ্ৰেছে দলটোৰ  প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। 

তৃণমূলৰ প্ৰাৰ্থী তালিকাত  আছে সুজাতা মণ্ডলৰ নাম। সুজাতাই   বাংকুৰা জিলাৰ বিষ্ণুপুৰ আসনৰ পৰা তেওঁৰ প্ৰাক্তন স্বামী সৌমিত্ৰ খানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। সৌমিত্ৰ খানে বিজেপিৰ  প্ৰাৰ্থী হিচাবে  পশ্চিম বংগৰ বিষ্ণুপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। একেদৰে তৃণমূলেও একেখন আসনৰ পৰা প্ৰাৰ্থী সুজাতা মণ্ডলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।  ফলত সমষ্টিটোত প্ৰাক্তন পতি-পত্নীৰ যুঁজ  খন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।  

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে  দম্পতীহালৰ বিবাহ বিচ্ছেদ  হৈছিল।  ইপিনে তৃণমূলে কালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে কংগ্ৰেছে অসন্তুষ্টি ব্যক্ত কৰিছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি কয়, "ভাৰতীয় জাতীয় কংগ্ৰেছে বহুবাৰ পশ্চিম বংগৰ টিএমচিৰ সৈতে এক সন্মানজনক আসন ভাগ-বতৰাৰ চুক্তি  কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় কৈ আহিছে যে এনে চুক্তি আলোচনাৰ জৰিয়তে চূড়ান্ত কৰিব লাগে, একপক্ষীয় ঘোষণাৰ দ্বাৰা নহয়।" 

২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলে কমেও আঠজন বৰ্তমানৰ সাংসদক বাদ দিছে আৰু প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু কীৰ্তি আজাদৰ দৰে কেইবাজনো নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু