--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পতি বিজেপিৰ, পত্নী তৃণমূল কংগ্ৰেছৰ।দুই ভিন্ন আৰু বৈৰী ৰাজনৈতিক দলৰ প্ৰাৰ্থী হৈছে পতি-পত্নী। বংগত বিবাহ বিচ্ছেদ হোৱা পতি -পত্নীয়ে লোকসভা নিৰ্বাচন ২০২৪ত একেখন আসনৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। দেওবাৰে তৃণমূল কংগ্ৰেছে দলটোৰ  প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। 

তৃণমূলৰ প্ৰাৰ্থী তালিকাত  আছে সুজাতা মণ্ডলৰ নাম। সুজাতাই   বাংকুৰা জিলাৰ বিষ্ণুপুৰ আসনৰ পৰা তেওঁৰ প্ৰাক্তন স্বামী সৌমিত্ৰ খানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। সৌমিত্ৰ খানে বিজেপিৰ  প্ৰাৰ্থী হিচাবে  পশ্চিম বংগৰ বিষ্ণুপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। একেদৰে তৃণমূলেও একেখন আসনৰ পৰা প্ৰাৰ্থী সুজাতা মণ্ডলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।  ফলত সমষ্টিটোত প্ৰাক্তন পতি-পত্নীৰ যুঁজ  খন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।  

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে  দম্পতীহালৰ বিবাহ বিচ্ছেদ  হৈছিল।  ইপিনে তৃণমূলে কালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে কংগ্ৰেছে অসন্তুষ্টি ব্যক্ত কৰিছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি কয়, "ভাৰতীয় জাতীয় কংগ্ৰেছে বহুবাৰ পশ্চিম বংগৰ টিএমচিৰ সৈতে এক সন্মানজনক আসন ভাগ-বতৰাৰ চুক্তি  কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় কৈ আহিছে যে এনে চুক্তি আলোচনাৰ জৰিয়তে চূড়ান্ত কৰিব লাগে, একপক্ষীয় ঘোষণাৰ দ্বাৰা নহয়।" 

২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলে কমেও আঠজন বৰ্তমানৰ সাংসদক বাদ দিছে আৰু প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু কীৰ্তি আজাদৰ দৰে কেইবাজনো নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ