--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পত্নীক অষ্ট্ৰেলিয়াত  হত্যা কৰি  সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল পতি!  এজন  ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। অভিযোগ অনুসৰি লোকজনে  তেওঁৰ পত্নীক হত্যা কৰি  মৃতদেহ লুকুৱাই ৰাখিছিল আৰু পুত্ৰৰ সৈতে ভাৰতলৈ পলাই আহিছিল।   উল্লেখ্য হায়দৰাবাদৰ বাসিন্দা ৩৬ বছৰীয়া চৈতন্য মাধাগানীৰ মৃতদেহ শনিবাৰে অষ্ট্ৰেলিয়াৰ বাক্লি চহৰৰ পথৰ কাষৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা হয়।

হায়দৰাবাদৰ উপ্পল অঞ্চলৰ বাসিন্দা চৈতন্যই  তেওঁৰ স্বামীৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰিছিল। ৯ মাৰ্চত অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে উইনচেলচিয়াৰ ওচৰৰ বাক্লিত এগৰাকী ভাৰতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানে প্ৰমাণ কৰিছে যে হত্যাকাৰী মহিলাগৰাকীৰেই স্বামী আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে  যে হত্যাৰ পিছত মৃতদেহটো ৰাস্তাৰ কাষৰ ডাষ্টবিনত লুকুৱাই ৰাখিছিল আৰু ভাৰতলৈ  পলাই গৈছিল। 

অৱশেষত প্ৰমাণ হৈছে যে  অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ দাবী মিছা নহয়। অভিযুক্ত লোকজনে  হায়দৰাবাদলৈ পলাই  আহিছিল আৰু পুত্ৰক তেওঁৰ শহুৰেকৰ হাতত গতাই দিছিল। স্থানীয় বিধায়ক ভাণ্ডাৰী লক্ষ্মৰেড্ডীয়ে কৈছে  যে মৃত মহিলাগৰাকী তেওঁৰ এলেকাৰ বাসিন্দা আছিল। হত্যাৰ খবৰ পোৱাৰ পিছত  তেওঁ তেওঁৰ মাক-দেউতাকক লগ ধৰিছে আৰু পৰিয়ালটোৰ অনুৰোধত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ মৃতদেহটো ঘূৰাই আনিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিছে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই বিষয়ে অৱগত হৈছে। মৃতকৰ পিতৃ-মাতৃয়ে দিয়া তথ্য অনুসৰি, জোঁৱায়েকে তেওঁলোকৰ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু