--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পত্নীক অষ্ট্ৰেলিয়াত  হত্যা কৰি  সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল পতি!  এজন  ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। অভিযোগ অনুসৰি লোকজনে  তেওঁৰ পত্নীক হত্যা কৰি  মৃতদেহ লুকুৱাই ৰাখিছিল আৰু পুত্ৰৰ সৈতে ভাৰতলৈ পলাই আহিছিল।   উল্লেখ্য হায়দৰাবাদৰ বাসিন্দা ৩৬ বছৰীয়া চৈতন্য মাধাগানীৰ মৃতদেহ শনিবাৰে অষ্ট্ৰেলিয়াৰ বাক্লি চহৰৰ পথৰ কাষৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা হয়।

হায়দৰাবাদৰ উপ্পল অঞ্চলৰ বাসিন্দা চৈতন্যই  তেওঁৰ স্বামীৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰিছিল। ৯ মাৰ্চত অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে উইনচেলচিয়াৰ ওচৰৰ বাক্লিত এগৰাকী ভাৰতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানে প্ৰমাণ কৰিছে যে হত্যাকাৰী মহিলাগৰাকীৰেই স্বামী আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে  যে হত্যাৰ পিছত মৃতদেহটো ৰাস্তাৰ কাষৰ ডাষ্টবিনত লুকুৱাই ৰাখিছিল আৰু ভাৰতলৈ  পলাই গৈছিল। 

অৱশেষত প্ৰমাণ হৈছে যে  অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ দাবী মিছা নহয়। অভিযুক্ত লোকজনে  হায়দৰাবাদলৈ পলাই  আহিছিল আৰু পুত্ৰক তেওঁৰ শহুৰেকৰ হাতত গতাই দিছিল। স্থানীয় বিধায়ক ভাণ্ডাৰী লক্ষ্মৰেড্ডীয়ে কৈছে  যে মৃত মহিলাগৰাকী তেওঁৰ এলেকাৰ বাসিন্দা আছিল। হত্যাৰ খবৰ পোৱাৰ পিছত  তেওঁ তেওঁৰ মাক-দেউতাকক লগ ধৰিছে আৰু পৰিয়ালটোৰ অনুৰোধত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ মৃতদেহটো ঘূৰাই আনিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিছে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই বিষয়ে অৱগত হৈছে। মৃতকৰ পিতৃ-মাতৃয়ে দিয়া তথ্য অনুসৰি, জোঁৱায়েকে তেওঁলোকৰ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ