--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তথা মৃত্যু হ্ৰাস কৰাটোৱে এই দিৱসৰ উদ্দেশ্য। এই বৰ্ষত "United by Unique" বিষয়বস্তুৰ সৈতে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হৈছে ।

ডিজিটেল ডেস্ক: আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস। প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। আজিৰ দিনটোত কৰ্কট ৰোগ প্ৰতিৰোধ আৰু ইয়াৰ অনুসন্ধান আৰু চিকিৎসা সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে চৰকাৰী, বেচৰকাৰী, সামাজিক, শৈক্ষিক আৰু স্বাস্থ্য সম্পৰ্কীয় সংস্থাসমূহে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে ।


কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তথা মৃত্যু হ্ৰাস কৰাটোৱে এই দিৱসৰ উদ্দেশ্য। এই বৰ্ষত "United by Unique" বিষয়বস্তুৰ সৈতে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হৈছে । বৰ্তমান সময়ত তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগীৰ সংখ্যা। সেয়ে এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো খুবেই প্ৰয়োজনীয়।সকলো ধৰণৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অতিশয় এক চিন্তাৰ বিষয় হৈ পৰিছে। ২০০০ চনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ আৰম্ভণি কৰিছিল ইউনিয়ন ফৰ ইন্টাৰনেশ্যনেল কেঞ্চাৰ কন্ট্ৰোল। এই সংগঠনটোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে।স্বাস্থ্যসন্মত খাদ্য, নিয়মীয়া ব্যায়াম, ধঁপাত পৰিহাৰ আদিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে। ইয়াৰোপৰি আৰম্ভণিতে এই ৰোগ ধৰা পৰিলে ইয়াৰ প্ৰতিৰোধ বা চিকিৎসা কৰিব পৰা যায়।


আনহাতে, এই কৰ্কট ৰোগৰ আছে কেইবাটাও লক্ষণ । যিসমূহ লক্ষণে দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। জানো আহক কৰ্কট ৰোগৰ লক্ষণসমূহৰ বিষয়ে- ভাগৰুৱা অনুভৱ, ওজন হ্ৰাস, অবিৰত বিষ, অস্বাভাৱিক ৰক্তক্ষৰণ, ছালৰ পৰিৱৰ্তন আদি। এই লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰিলে চিকিৎসাৰ ফলত কৰ্কটৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু