--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তথা মৃত্যু হ্ৰাস কৰাটোৱে এই দিৱসৰ উদ্দেশ্য। এই বৰ্ষত "United by Unique" বিষয়বস্তুৰ সৈতে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হৈছে ।

ডিজিটেল ডেস্ক: আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস। প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। আজিৰ দিনটোত কৰ্কট ৰোগ প্ৰতিৰোধ আৰু ইয়াৰ অনুসন্ধান আৰু চিকিৎসা সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে চৰকাৰী, বেচৰকাৰী, সামাজিক, শৈক্ষিক আৰু স্বাস্থ্য সম্পৰ্কীয় সংস্থাসমূহে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে ।


কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তথা মৃত্যু হ্ৰাস কৰাটোৱে এই দিৱসৰ উদ্দেশ্য। এই বৰ্ষত "United by Unique" বিষয়বস্তুৰ সৈতে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হৈছে । বৰ্তমান সময়ত তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগীৰ সংখ্যা। সেয়ে এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো খুবেই প্ৰয়োজনীয়।সকলো ধৰণৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অতিশয় এক চিন্তাৰ বিষয় হৈ পৰিছে। ২০০০ চনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ আৰম্ভণি কৰিছিল ইউনিয়ন ফৰ ইন্টাৰনেশ্যনেল কেঞ্চাৰ কন্ট্ৰোল। এই সংগঠনটোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে।স্বাস্থ্যসন্মত খাদ্য, নিয়মীয়া ব্যায়াম, ধঁপাত পৰিহাৰ আদিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে। ইয়াৰোপৰি আৰম্ভণিতে এই ৰোগ ধৰা পৰিলে ইয়াৰ প্ৰতিৰোধ বা চিকিৎসা কৰিব পৰা যায়।


আনহাতে, এই কৰ্কট ৰোগৰ আছে কেইবাটাও লক্ষণ । যিসমূহ লক্ষণে দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। জানো আহক কৰ্কট ৰোগৰ লক্ষণসমূহৰ বিষয়ে- ভাগৰুৱা অনুভৱ, ওজন হ্ৰাস, অবিৰত বিষ, অস্বাভাৱিক ৰক্তক্ষৰণ, ছালৰ পৰিৱৰ্তন আদি। এই লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰিলে চিকিৎসাৰ ফলত কৰ্কটৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ