--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচদিন ধৰি এটা ১০০ ফুট গভীৰ গাঁতত আবদ্ধ হৈ থাকিল এটি কণমানি। পাঁচ বছৰীয়া শিশুটিক উদ্ধাৰৰ বাবে অহৰহ চলিছিল অভিযান। কিন্তু সকলো চেষ্টা ব্যৰ্থ হ’ল। উদ্ধাৰকাৰীৰ দলে সুৰংগ খান্দি খান্দি কণমানিটিৰ কাষ চপাৰ পূ্ৰ্বেই শেষ নিশ্বাস ত্যাগ কৰিলে গাতৰ ভিতৰতে। এই মৰ্মান্তিক ঘটনাই এতিয়া গভীৰ কাৰুণ্যৰ সৃষ্টি কৰিছে। শিশুটিক উদ্ধাৰ কৰিবলৈ দিনে-ৰাতিয়ে চেষ্টা চলোৱাৰ পাছত শনিবাৰে সন্ধিয়াৰ ভাগত শিশুটিৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীয়ে। চৰকাৰী সূত্ৰই এই তথ্য সদৰি কৰিছে। ঘটনাটো সংঘটিত হৈছে মৰক্কোৰ উত্তৰ প্ৰান্তত। দীঘলীয়া সময় ধৰি চলা এই উদ্ধাৰ অভিযানৰ ভিজুৱেল এতিয়া ভাইৰেল হৈ পৰিছে। বিভিন্ন সা-সৰঞ্জাম লৈ উদ্ধাৰ কাৰ্যত জঁপিয়াই পৰা বৃহৎসংখ্যক উদ্ধাৰকাৰীয়ে ঈশ্বৰক ধিয়াই থকা দৃশ্যও হৈ পৰিছে ভাইৰেল। কিন্তু তেওঁলোকৰ প্ৰাৰ্থনা যেন নুশুনিলে ইষ্ট দেৱতাই। গাতত দুৰ্ঘটনাক্ৰমে আবদ্ধ হৈ পৰা ৫ বছৰীয়া শিশুটি ৰায়ান আৱৰাম বুলি সদৰি কৰা হৈছে। যোৱা মঙলবাৰেই শিশুটি গাত এটাত আবদ্ধ হৈ পৰিছিল। ইঘৰান নামৰ গাঁওখনৰ বাসিন্দা শিশুটিক উদ্ধাৰ বাবে দেশখনৰ উদ্ধাৰকাৰী বাহিনীয়ে অভিযান চলাই আছিল যদিও শনিবাৰে যেতিয়ালৈ উদ্ধাৰকাৰীৰ দল তেওঁৰ কাষ পাইছিল তেতিয়ালৈ শিশুটিৰ শ্বাস ৰুদ্ধ হৈ পৰিছিল। এই শোকাৱহ ঘটনাৰ পাছতে মৰক্কোৰ ৰজা মহম্মদে শিশুটিৰ পিতৃ-মাতৃলৈ নিজৰ শোকবাৰ্তা প্ৰেৰণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে শিশুটি আবদ্ধ হৈ পৰা গাঁতটো আছিল ১৮ইঞ্চি বহল আৰু ইয়াৰ গভীৰতা আছিল প্ৰায় ১০০ফুট। ইমান গভীৰত আবদ্ধ হৈ পৰা শিশুটিক পোনপটীয়াকৈ উদ্ধাৰ কৰাৰ কোনো সুযোগ নাছিল। সেইবাবে উদ্ধাৰকাৰীয়ে সমান্তৰাল সুৰংগ খান্দি শিশুটিক উদ্ধাৰ কৰাৰ চেষ্টা চলাই আছিল। এই শোকাৱহ দুৰ্ঘটনাৰ কথা শিশুটিৰ পৰিয়ালটোৱে পলমকৈহে গম পাইছিল। শিশুটো গাতত পৰি যোৱাৰ পাছত বহু সময় ধৰি কন্দা-কটা কৰি আছিল। শিশুটিৰ কান্দোন শুনাৰ পাছতে এই ঘটনাৰ বিষয়ে অৱগত হয় পৰিয়ালৰ লোকসকল। তেওঁলোকে বহু বিচাৰ-খোঁচাৰ পৰাৰ পাছত গাঁতটোৰ ভিতৰত শিশুটি আবদ্ধ হৈ পৰাৰ কথা নিশ্চিত হয়। পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি শিশুটিয়ে ‘মোক তুলি নিয়া’ ‘মোক তুলি নিয়া’ বুলি চিৎকাৰ কৰি আছিল। তাৰ পাছতে চাৰিওফালে হুৱাদুৱা লাগে আৰু উদ্ধাৰ কাৰ্য তাৎপৰতাৰে আৰম্ভ কৰা হয়। তাৰ লগে লগে শিশুটিলৈ খাদ্য, পানী আৰু অক্সিজেন যোগান ধৰি তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰি থকা হৈছিল। কিন্তু শিশুটিক জীৱন্তে উদ্ধাৰ কৰাটো সম্ভৱ নহ’ল। এই ঘটনাই এতিয়া দেশখনত কাৰুণ্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু