--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ আগ্ৰাসনে সংকুচিত কৰি আনিছে ভাৰতবৰ্ষ৷ পূৰ্বতকৈ অধিক আগ্ৰাসী হৈ উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখন৷ ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আৰু প্ৰত্যাহ্বান কঢ়িয়াই চীনে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত নিজৰ আগ্ৰাসী স্থিতি প্ৰকট কৰি তুলিছে দিনে দিনে৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত সদৰী কৰিছে চাঞ্চল্যকৰ তথ্য৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, চীনে অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলত নিজৰ অধীনত লৈ সেই অঞ্চলৰ নামবোৰ চীনা ভাষাৰে নামকৰণ কৰিছে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মুৰালীধৰণে এই তথ্য ৰাজহুৱা কৰিছে৷ অৰুণাচল প্ৰদেশৰ জাংনানৰ ১৫টা অঞ্চলত চীনে চীনা ভাষা ব্যৱহাৰ কৰি নতুন নামফলক লগাইছে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ সুৰক্ষা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ শেহতীয়াকৈ, চীনৰ আগ্ৰাসনে ভাৰত-চীনৰ সীমান্তৱৰ্তী অঞ্চললৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ ভাৰতৰ মাটি দখল কৰি চীনে নতুন গাঁও নিৰ্মাণ কৰাৰ তথ্যও পোহৰলৈ আহিছিল৷ মাথোঁ কেইদিনমানৰ পূৰ্বে অৰুণাচলৰ যুৱকক অপহৰণ কৰিছিল চীনা সৈন্যই৷ অথচ, চীনৰ আগ্ৰাসী স্থিতিৰ বিপৰীতে নীৰৱ দৰ্শকৰ ভূমিকাত প্ৰধানমন্ত্ৰী মোদী৷ ভাৰতবাসীক কেৱল পাকিস্তানৰ ভয় দেখুৱাই ৰাজনীতি চলাই যোৱা বিজেপি চৰকাৰখনে চীনক লৈ গ্ৰহণ কৰিছে দুৰ্বল স্থিতি৷ প্ৰধানমন্ত্ৰীৰ মৌনতা, চৰকাৰৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰিছে চীনে৷ দিনে দিনে চীনৰ হাতত নিৰ্যাতিত হৈছে ভাৰতীয় নাগৰিক৷ ক্ৰমশ: সংকুচিত হৈ আহিছে ভাৰতৰ ভূমি৷ কাশ্মীৰত পাকিস্তানৰ ভয় আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বাংলাদেশৰ ভয় দেখুৱাই থকা চৰকাৰখনৰ সাহস হ’বনে চীনৰ আগ্ৰাসী মনোবৃত্তিৰ বিৰুদ্ধে থিয় হ’বলৈ? চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি ভাৰতবাসীক আশ্বস্ত কৰিব পাৰিবনে কেন্দ্ৰীয় চৰকাৰে? প্ৰচাৰ, চমক আৰু ভাষণৰ ৰাজনীতিৰ বিপৰীতে কাৰ্যকৰীভাৱে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবনে নে চকুৰ সমুখতে খহি যাবলৈ এৰি দিব ৰাষ্ট্ৰৰ অখণ্ডতা আৰু নাগৰিকৰ নিৰাপত্তা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি