--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ আগ্ৰাসনে সংকুচিত কৰি আনিছে ভাৰতবৰ্ষ৷ পূৰ্বতকৈ অধিক আগ্ৰাসী হৈ উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখন৷ ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আৰু প্ৰত্যাহ্বান কঢ়িয়াই চীনে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত নিজৰ আগ্ৰাসী স্থিতি প্ৰকট কৰি তুলিছে দিনে দিনে৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত সদৰী কৰিছে চাঞ্চল্যকৰ তথ্য৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, চীনে অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলত নিজৰ অধীনত লৈ সেই অঞ্চলৰ নামবোৰ চীনা ভাষাৰে নামকৰণ কৰিছে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মুৰালীধৰণে এই তথ্য ৰাজহুৱা কৰিছে৷ অৰুণাচল প্ৰদেশৰ জাংনানৰ ১৫টা অঞ্চলত চীনে চীনা ভাষা ব্যৱহাৰ কৰি নতুন নামফলক লগাইছে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ সুৰক্ষা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ শেহতীয়াকৈ, চীনৰ আগ্ৰাসনে ভাৰত-চীনৰ সীমান্তৱৰ্তী অঞ্চললৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ ভাৰতৰ মাটি দখল কৰি চীনে নতুন গাঁও নিৰ্মাণ কৰাৰ তথ্যও পোহৰলৈ আহিছিল৷ মাথোঁ কেইদিনমানৰ পূৰ্বে অৰুণাচলৰ যুৱকক অপহৰণ কৰিছিল চীনা সৈন্যই৷ অথচ, চীনৰ আগ্ৰাসী স্থিতিৰ বিপৰীতে নীৰৱ দৰ্শকৰ ভূমিকাত প্ৰধানমন্ত্ৰী মোদী৷ ভাৰতবাসীক কেৱল পাকিস্তানৰ ভয় দেখুৱাই ৰাজনীতি চলাই যোৱা বিজেপি চৰকাৰখনে চীনক লৈ গ্ৰহণ কৰিছে দুৰ্বল স্থিতি৷ প্ৰধানমন্ত্ৰীৰ মৌনতা, চৰকাৰৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰিছে চীনে৷ দিনে দিনে চীনৰ হাতত নিৰ্যাতিত হৈছে ভাৰতীয় নাগৰিক৷ ক্ৰমশ: সংকুচিত হৈ আহিছে ভাৰতৰ ভূমি৷ কাশ্মীৰত পাকিস্তানৰ ভয় আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বাংলাদেশৰ ভয় দেখুৱাই থকা চৰকাৰখনৰ সাহস হ’বনে চীনৰ আগ্ৰাসী মনোবৃত্তিৰ বিৰুদ্ধে থিয় হ’বলৈ? চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি ভাৰতবাসীক আশ্বস্ত কৰিব পাৰিবনে কেন্দ্ৰীয় চৰকাৰে? প্ৰচাৰ, চমক আৰু ভাষণৰ ৰাজনীতিৰ বিপৰীতে কাৰ্যকৰীভাৱে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবনে নে চকুৰ সমুখতে খহি যাবলৈ এৰি দিব ৰাষ্ট্ৰৰ অখণ্ডতা আৰু নাগৰিকৰ নিৰাপত্তা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু