--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰৰ সাৰস্বত সাধনাক যুগমীয়া শিল্পলৈ ৰূপান্তৰ কৰা কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ আজি পুৱা ৮ বাজি ১২ মিনিটত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত দেহাৱসান ঘটে৷ এইগৰাকী মহাজীৱনৰ অধিকাৰী লতা মংগেশকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব৷ এইগৰাকী মহান শিল্পীৰ জীৱনৰ কেইটিমান বিৰল আৰু আকৰ্ষণীয় তথ্যৰে আমাৰ এই বিশেষ আলোকপাত- ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ‘লতা’ তেওঁৰ মূল নাম নাছিল। হেমা মংগেশকাৰ আছিল তেওঁৰ পোছাকী নাম৷ কিন্তু, পিছলৈ তেওঁৰ দেউতাকৰ নাটক ‘ভাও বন্ধন’ৰ এটা বিখ্যাত চৰিত্ৰ লতিকাৰ নামেৰেই অনুপ্ৰাণিত হৈ ‘লতা’ হিচাপে পুনৰ নামকৰণ কৰা হৈছিল। লতা মংগেশকাৰ আছিল তেওঁৰ পিতৃ-মাতৃৰ প্ৰথম সন্তান। তেওঁৰ আছিল চাৰিগৰাকী ভায়েক-ভনীয়েক৷ তেওঁলোকঃ মীনা, আশা ভোচলে, ঊষা মংগেশকাৰ আৰু হৃদয়নাথ। লতা মংগেশকাৰ পণ্ডিত দীননাথ মংগেশকাৰ আৰু শ্বেৱন্তী (শুধামতী)ৰ কন্যা৷ দীননাথ মংগেশকাৰ এগৰাকী অভিনেতা হোৱাৰ উপৰি শাস্ত্ৰীয় সংগীতৰ পণ্ডিত আছিল৷ যিয়ে তেওঁৰ কোমল বয়সত সংগীত-কলাৰ সৈতে পৰিচিত কৰোৱাইছিল৷ লতা মংগেশকাৰৰ মাতৃ শেৱন্তী তেওঁৰ পিতৃ দীননাথ মংগেশকাৰৰ দ্বিতীয় পত্নী আছিল। লতাজীয়ে পাঁচ বছৰ বয়সতে গান গাবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়ৰ প্ৰতিষ্ঠিত আৰু বিখ্যাত গায়ক আমান আলী খান আৰু আমানত খানৰ সৈতে সংগীতৰ সূক্ষ্ম কলা অধ্যয়ন কৰিছিল। যেতিয়া লতা মংগেশকাৰে নেপথ্য গায়িকা হিচাপে প্ৰথমবাৰলৈ চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল৷ কাৰণ, সেই যুগত নুৰ জেহান আৰু শ্মশাদ বেগমৰ দৰে কণ্ঠশিল্পীসকলে তেওঁলোকৰ কণ্ঠেৰে ৰাজত্ব কৰিছিল। লতাজীৰ কণ্ঠস্বৰ সেই সময়ত ক্ষীণ আৰু দুৰ্বল কণ্ঠস্বৰ বুলি বুলি গণ্য কৰা হৈছিল। লতাই পাঁচ বছৰীয়া শিশু অৱস্থাতে দেউতাকৰ এখন নাটকত অভিনয় কৰিছিল। যদিও লতা মংগেশকাৰ জীৱনৰ বেছিভাগ সময় মুম্বাইতে অতিবাহিত কৰিছিল, কিন্তু তেওঁ জন্মগ্ৰহণ কৰিছিল মধ্য প্ৰদেশৰ ইন্দোৰত৷ আৰু তেওঁৰ জীৱনৰ ১৬টা বসন্ত ইন্দোৰত অতিবাহিত কৰিছিল। ১৯৩৮ চনত তেওঁ ন বছৰ বয়সত প্ৰথমবাৰৰ বাবে শোলাপুৰৰ নুটান থিয়েটাৰত ৰাজহুৱাভাৱে গান গাইছিল। সিদিনা তেওঁ দুটা মাৰাঠী গান আৰু ৰাগ খাম্বাৱতী গাইছিল। ১৯৪২ চনত মৃত্যু হোৱা দেউতাকৰ দুখজনক মৃত্যুৰ বাবে তেওঁ ১৯৪২ চনৰ পৰা ১৯৪৮ চনলৈ আঠখনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল৷ লতাই ১৯৪২ চনত মাৰাঠী চলচ্চিত্ৰ ‘কিতি হাছাল’ৰ বাবে তেওঁৰ প্ৰথম গানটো ৰেকৰ্ড কৰিছিল, কিন্তু গানটোৱে কেতিয়াও মুক্তি পোৱা নাছিল। ‘মহল’ (১৯৪৯) চলচ্চিত্ৰখনৰ ‘আয়েগা আনাৱালা’ গানটোৱে তেওঁক আকাশচুম্বী জনপ্ৰিয়তা প্ৰদান কৰিছিল আৰু তাৰ পাছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। লতা মংগেশকাৰে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে ‘ৰাম ৰাম পাভনে’ নামৰ এখন মাৰাঠী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। অৱশ্যে, ১৯৬০ৰ দশকত তেওঁ আনন্দ ঘান ছদ্মনামেৰে কেইবাখনো মাৰাঠী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। ১৯৬৩ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীৰ ৰামলীলা ময়দানত লতাৰ দেশপ্ৰেমমূলক গীত ‘এ মেৰে ৱাতান কে লোগোন’এ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দুচকু সিক্ত কৰিছিল৷ গানটো ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিকসকলৰ বাবে উৎসৰ্গিত আছিল। পণ্ডিত নেহৰুৱে স্পষ্টকৈ লতাক কৈছিল যে গানটোৰে লতাই তেওঁক কন্দুৱাইছিল৷ ১৯৭৪ চনত লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল লতা মংগেশকাৰ৷ কোৱা হয় যে লতাজীয়ে বিশ্বাস কৰে যে তেওঁৰ কণ্ঠস্বৰ অভিনেত্ৰী চাইৰা বানুৰ সৈতে খাপ খায়। বিশ্বপ্ৰসিদ্ধ শিল্পীগৰাকীয়ে সংগীত পৰিচালক গোলাম হায়দৰক তেওঁৰ গডফাদাৰ হিচাপে গণ্য কৰে৷ কিয়নো, গোলামে লতাৰ প্ৰতিভাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস পোষণ কৰিছিল। ১৯৫৯ চনত লতা মংগেশকাৰৰ প্ৰতিবাদৰ পাছত ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ নেপথ্য গায়কৰ শিতানটো প্ৰৱৰ্তন কৰা হৈছিল। ৰাজ কাপুৰৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তি ‘সত্যম শিৱম সুন্দৰম’ (১৯৭৮) লতা মংগেশকাৰৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত বুলি কোৱা হয়। কাপুৰে লতাজীক চিনেমাখনত অভিনয় কৰোৱাব বিচাৰিছিল। ১৯৯৯ চনত ৰাজ্যসভাৰ সাংসদ হিচাপেও মনোনীত হৈছিল লতা মংগেশকাৰ। তেওঁৰ কাৰ্যকাল ২০০৬ চনত সমাপ্ত হৈছিল, যদিও অধিৱেশনত উপস্থিত নোহোৱাৰ বাবে তেওঁক সমালোচনা কৰা হৈছিল। তেতিয়া তেওঁ সংসদৰ পৰা অনুপস্থিত থকাৰ বাবে তেওঁৰ স্বাস্থ্যজনিত বিষয় উল্লেখ কৰিছিল। লতাজীয়ে তেওঁৰ সেই সেৱাৰ বাবে কোনো দৰমহা বা দিল্লীত চৰকাৰী বাসভৱন গ্ৰহণ কৰা নাছিল। লতা মংগেশকাৰক ভাৰতত সৰ্বশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী বুলি গণ্য কৰা হয়৷ অৰ্ধ-শতিকাজোৰা সময়ত ৩৫টাতকৈও অধিক ভাৰতীয় ভাষাত গান গাইছে মংগেশকাৰে৷ ১৯৭৪ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিকসংখ্যক গান গোৱাৰ বাবে লতা মংগেশকাৰৰ নাম প্ৰথমবাৰৰ বাবে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। তেওঁক প্ৰায় ২৫,০০০ গান গোৱাৰ বাবে এই কৃতিত্ব দিয়া হৈছিল। লতা মংগেশকাৰে এক হাজাৰতকৈও অধিক হিন্দী আৰু ৩৬খন আঞ্চলিক চলচ্চিত্ৰত ৩০,০০০তকৈও অধিক গানত কণ্ঠদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু