--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই অনুষ্ঠানটিত মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াই কয় যে দুটা কামে মানুহক আত্মিক সুখ দিব পাৰে । সেয়া হৈছে ত্যাগ আৰু সেৱা।

ডিজিটেল ডেস্কঃ ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ সকলোৱে সেৱাৰ মনোভাৱেৰে কাম কৰিলে পৃথিৱীত সকলো কামেই সম্ভৱ হয়। তেনে এক সেৱাৰ মহানুভৱতা প্ৰদৰ্শন কৰিলে মৰিগাঁও জিলাৰ এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে । 


এই পদক্ষেপ মৰিগাঁও জিলাৰ আগশাৰী শিক্ষানুষ্ঠান মিকিৰভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৷ বিদ্যালয়খনত তিনি শতাধিক ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰে যদিও ইয়াৰে অধিকাংশই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰচণ্ড শীত আৰু ইয়াৰ সৈতে যুঁজিবলৈ এটা গৰম পোছাকৰ বাৰুকৈ অভাৱ ৷শীতৰ প্ৰকোপত কঁপি কঁপি বিদ্যালয়ত পাঠদান কৰা লক্ষ্য কৰিয়ে বিদ্যালয় খনৰ শিক্ষক ভূপেন্দ্ৰ নাথ ডেকাৰ একক প্ৰচেষ্টাত বিদ্যালয়খনৰ অধ্যক্ষা বিভা দেৱী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে নিজাববীয়া খৰচত বিদ্যালয় খনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ১০২ গৰাকী ছাত্র ছাত্ৰীলৈ ছুৱেটাৰ প্ৰদান কৰে ৷ এই অনুষ্ঠানটিত মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়া , মিকিৰভেটা গাঁও পঞ্চায়তৰ সভাপতি সত্যজিৎ ডেকা ,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ চন্দ্ৰ বৰকটকী আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে ।

এই অনুষ্ঠানটিত মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াই কয় যে দুটা কামে মানুহক আত্মিক সুখ দিব পাৰে । সেয়া হৈছে ত্যাগ আৰু সেৱা। যদি সেৱা কাৰ্য অন্তৰৰ পৰা কৰা হয়, সেই সেৱাত থাকে মানুহৰ পৰম সুখ আৰু আনন্দ। বৰ্তমান শীতৰ লগত যুঁজ দিবলৈ আমাক এযোৰ গৰম পোছাকৰ অতি প্ৰয়োজন হয়। এই প্ৰয়োজনৰ সময়ত শিক্ষক ভূপেন্দ্ৰ নাথ ডেকাৰ একক প্ৰচেষ্টা আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক এটিকৈ ছুৱেটাৰ প্ৰদানৰ যি চেষ্টা কৰিছে, সেয়া অতি প্ৰশংসনীয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন