--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভুৱন পেণ্ডৰ লগতে গাঁৱৰ দুই শতাধিক পৰিয়ালে স্বাৱলম্বী হৈ পৰিছে ৰবি শস্যৰ জৰিয়তে। এই বিপ্লৱত হাত উজান দিছে গাঁৱৰ সকলোৱে।

ডিজিটেল ডেস্ক : এটা সময়ত বানে কোঙা কৰি পেলাইছিল ঠাইডোখৰ। নব্বৈ দশকত মৰুভূমি সদৃশ পৰিৱেশে দেখা দিছিল সমগ্র অঞ্চল। এতিয়া সেই মাটিৰ উৰ্বৰা শক্তিয়ে সোণতলীলৈ পৰিৱৰ্তন হৈছে। বৰ লুইতৰ পাৰৰ আৰনে চাপৰিয়ে সম্প্রতি ৰিঙিয়ায় কৃষক বন্ধুক। জোনাইৰ আৰনে চাপৰিৰ সন্তান কৃষক ভুৱন পেগুহঁতে এতিয়া লুইতৰ পাৰতে গঢ়ি তুলিছে সেউজ বিপ্লৱৰ।


ভুৱন পেণ্ডৰ লগতে গাঁৱৰ দুই শতাধিক পৰিয়ালে স্বাৱলম্বী হৈ পৰিছে ৰবি শস্যৰ জৰিয়তে। এই বিপ্লৱত হাত উজান দিছে গাঁৱৰ সকলোৱে। বাস্তৱিকতে পথাৰত বুটলিছে গাঁৱৰ ৰাইজে এতিয়া সোণগুটি। ভুৱন পেগুৱে প্রত্যেক দিনে বজাৰলৈ উলিয়াই দিয়ে পকা অমিতা। ধেমাজিৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়ালৈ আৰনে চাপৰি এই কৃষি ফাৰ্মৰ পৰা যায় শ শ অমিতা। 


ঋতুকালীনভাৱে ভুৱন পেগুৰ লগতে শ শ কৃষকে এতিয়া কৃষি পথাৰৰ পৰা ক্রমে বিলাহী, কবি, ফ্রেন্সবিন বিভিন্ন ৰবি শস্য উলিয়াই দিছে বজাৰলৈ। ১৯৯৮ চনৰ ব্ৰহ্মহ্মপুত্ৰৰ বিধ্বংসী বানে তচনচ কৰা ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলটোত বর্তমান দুই শতাধিক কৃষকে শ শ বিঘা কৃষিভূমিত কবি, বিলাহী, জলকীয়া, বেঙেনা, ফ্রেন্সবিন, অমিতা, লাও, মূলা, আলু, বঙালাও, তিল, মাটিমাহ, লাই, লফা, পালেং আদি বতৰৰ শাক-পাচলি উৎপাদন কৰি লাভৱান হৈছে। তদুপৰি, শশ হেক্টৰ ভূমিত কৰা সৰিয়হ খেতিয়ে বৃহত্তৰ অঞ্চলটো হালধীয়া কৰি তুলিছে। আৰনে চাপৰিৰ আদৰ্শ কৃষক ভুৱন পেণ্ড, কোযেশ্বৰ মৰাং, মনোজ টায়ে, দিবাকৰ দলে, মোহন মৰাং, লৱ কুমাৰ মৰাং, লাচিত মৰাং প্ৰমুখ্যে নব প্ৰজন্মৰ কৃষকসকলৰ প্ৰচেষ্টাত অঞ্চলটোত আৰম্ভ হোৱা কৃষি বিপ্লবে এতিয়া অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে। 


জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীসুঁতি মুক্তিয়াৰ পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটোত এতিয়া পুৰুষ-মহিলা সকলোৱে পুৱাৰ পৰা সন্ধিয়া পর্যন্ত কৃষিকৰ্মত ব্যস্ত হৈ আদর্শ দেখুৱাইছে। অঞ্চলটোৰ আদৰ্শ কৃষক ভুৱন পেগুৱে জনোৱা অনুসৰি বৰ্তমান বিলাহীত প্রতি কেজিত ৪০-৪৫ টকা, অমিতা ৩৫-৪০ টকা, জলকীয়া ৬০-৭০ টকা, বিন ৫০-৫৫ টকা, বন্ধা কবি ২৭-৩০ টকা, ফুলকবি ৩৫ টকা দৰত কৃষিভূমিৰ পৰাই গ্রাহকে পাইকাৰী দৰত সংগ্ৰহ কৰে বুলি জানিবলৈ দিছে। তদুপৰি, দৈনিক ৬০-৭০খন গাড়ীয়ে উৎপাদিত শাক-পাচলি অঞ্চলটোৰ পৰা সংগ্ৰহ কৰি সেইসমূহ জিলাখনৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশ, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ যোৰহাট আদি জিলালৈ সৰবৰাহ হয় বুলি জানিবলৈ দিছে।


এই আমূল পৰিৱৰ্তনত যদি চৰকাৰ প্ৰশাসনে সহায়ৰ হাত আগবঢ়াই প্রকৃতার্থত উক্ত ঠায়ে কৃষিৰ উৎপাদন তথা পৰ্যটকৰ কেন্দ্ৰ হিচাপে চিহ্নিত হ'ব। ইপিনে, ধেমাজি প্ৰশাসনৰ দ্বাৰা আয়োজিত 'আত্মনিৰ্ভৰ ধেমাজি-২০২৪'য়ে ভুৱন পেগুক ধেমাজি গৌৰৱ প্ৰদান কৰিলেও ইতিমধ্যে চৰকাৰে কৃষক ভুৱন পেগুহঁতৰ গাঁও অঞ্চলক কৃষি গ্রাম্য পর্যটক কেন্দ্র হিচাপে নিৰ্মাণৰ আশ্বাস দিয়াৰ পাছত পর্যাপ্ত ভূমিকা পালন কৰা নাই ঊর্ধ্বতন পক্ষই?


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা